আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ

আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসমৰ আদিবাসী জনগোষ্ঠীসকলক জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে শেহতীয়াকৈ উচ্চস্তৰীয় সমিতি গঠনৰে তেওঁলোকৰ কাৰ্যকাল শেষ কৰিবহে বিচাৰিছে আৰু চৰকাৰৰ এনে নিকৃষ্ট চিন্তা চৰ্চাই প্ৰকৃততে আদিবাসী সকলক জনজাতিকৰণ কৰাৰ সদিচ্ছাকে সূচাইছে৷এই বিষ্ফোৰক অভিযোগ সদৌ আদিবাসী ছাত্ৰ সন্হা চমুকৈ আছাৰ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত শনিবাৰে আয়োজন কৰা এক সংবাদমেলত আছাৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰাই কয় যে- আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো দীৰ্ঘদিনৰ এক সাংবিধানিক অধিকাৰ৷ কিন্তু এই দাবীক লৈ বিজেপি চৰকাৰে ক্ষমতাত অহাৰ প্ৰতিশ্ৰুতি দি বাস্তৱত আজিৰ তাৰিখলৈকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অনিহা প্ৰকাশ কৰাই নহয় সমিতি গঠনৰে পুনৰ জটিলতাৰ দিশে ঠেলি দিছে।

বিজেপি চৰকাৰৰ মনোভাৱ সৎ নহয় বুলি সন্দেহ কৰি আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই অহা ৩১জানুৱাৰীৰ পৰা হ'ব লগা সংসদৰ অধিবেশনথলীতে তিনিদিনৰ ভিতৰত অসমৰ আদিবাসী জনগোষ্টীক জনজাতিকৰনৰ সাংবিধানিক মৰ্যদা দিৱলৈ দাবী তোলে৷ জনজাতিকৰণৰ নামত বিজেপিয়ে নাটক ৰচিব নালাগে বুলি মন্তব্য কৰি আদিবাসীক তুৰন্তে জনজাতিৰ মৰ্যদা দিয়াৰ আহ্বান জনাইছে৷ আদিবাসীক জনজাতিকৰণ দিয়াৰ সপক্ষে তদানীন্তন বিজেপি সভাপতি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দলীয় পেডত সন্মতি প্ৰদান কৰিছিল আৰু বিপিএফ দলেও বিটিচি বিধান পৰিষদীয় ভৱনত উমৈহতীয়া সিদ্ধান্তৰে সৰ্বসন্মতিক্ৰমে গৃহীত কৰিছিল৷

তেনেক্ষেত্ৰত বিজেপি চৰকাৰৰ মিত্ৰ বিপিএফ দলৰ হাগ্ৰামা মহিলাৰী, মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰক্ষ্ম আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আদিবাসীৰ জনজাতিকৰণকলৈ এতিয়া ওলোটা খৰ দিয়াত আছাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত বিপিএফ দলেও ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিয়ে৷ আছাৰ সভাপতি লাক্ৰাই সংবাদমেলত আদিবাসীসকলক জনজাতিকৰণৰ নামত এচ টি(অ) কেটেগৰী প্ৰদান কৰিলে গ্ৰহণ কৰা নহ'ব বুলি মন্তব্য কৰি যদি কেটেগুৰী দিবই লাগে তেন্তে জাতিৰ পৰিচয়ৰে এচ টি(এ)দিয়ক আমাৰ আপত্তি নাথাকিব বুলি মন্তব্য কৰিছে৷

আদিবাসীৰ জনজাতিকৰন সন্দৰ্ভত এবছু, ট্ৰাইবেল সংঘকে ধৰি বড়ো সংগঠনে কৰা বিৰোধ সন্দৰ্ভত লাক্ৰাই কয় যে- আদিবাসী সকলো বড়োৰ দৰে বঞ্চিত জাতি গতিকে বঞ্চিত এটা জাতিয়ে বঞ্চিত আন এটা জাতিৰ কাহানিও শত্ৰু হ'ব নোৱাৰে বুলি উল্লেখ কৰি আদিবাসীৰ প্ৰতি সহানুভুতি প্ৰদৰ্শন কৰিবলৈ বিৰোধী দল সংগঠনসমুহক আছাই আহ্বান জনাইছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in