পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মনোজ অগস্তি…

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মনোজ অগস্তি…

ডিজিটেল ডেস্কঃমহানগৰীৰ এক পথদুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক, বিশিষ্ট কবি,সাহিত্যিক তথা শিল্পী মনোজ অগস্তি। কৰ্তব্য সম্পাদন কৰি ঘৰলৈ গৈ থকা সময়তে উলুবাৰীতপথ দুৰ্ঘটনাত জ্যেষ্ঠ সাংবাদিক তথা কবিগৰাকী পতিত হয়।

উলুবাৰীৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত সংঘটিত এই পথ দুৰ্ঘটনাত হেলমেট পৰিধান কৰাৰ বাবে সাংবাদিকগৰাকীয়ে মূৰত আঘাত পোৱাৰ পৰা ৰক্ষা পৰে যদিও, তেওঁৰ এখন হাত ভগাৰ আশংকাৰ কৰাৰ লগতে বুকু আৰু ভৰিতো যথেষ্ট আঘাত পাইছে।স্কুটীৰে গৈ থকা সাংবাদিকগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে ভৰ্তি কৰিছে।

সাংবাদিকগৰাকীৰদুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতেই চিকিৎসালয়লৈ গৈ উপস্থিত হৈছেগৈ অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহীসম্পাদক ধৈৰ্য্য হাজৰিকাকে ধৰি সহকৰ্মীসকল। নিশা ১১.৪৫বজাত পথ দুৰ্ঘটনাত আহত হোৱা সাংবাদিকগৰাকীকইতিমধ্যে চিকিৎসকে চিকিৎসাৰ ব্যৱস্থা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in