‘অসমীয়া প্ৰতিদিন’ৰ বাতৰিৰ পাছতেই দুৰ্ভগীয়া পল্লৱীৰ বাসগৃহত উপস্থিত বিধায়িকা আঙুৰলতাসহ নগাঁৱৰ উপায়ুক্তঃ পুনৰ বিদ্যালয়লৈ যাব পল্লৱী!

‘অসমীয়া প্ৰতিদিন’ৰ বাতৰিৰ পাছতেই দুৰ্ভগীয়া পল্লৱীৰ বাসগৃহত উপস্থিত বিধায়িকা আঙুৰলতাসহ নগাঁৱৰ উপায়ুক্তঃ পুনৰ বিদ্যালয়লৈ যাব পল্লৱী!

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যোৱা ৪ জুলাইত 'অসমীয়া প্ৰতিদিন' কাকতৰ লগতে ডিজিটেল সংস্কৰণত "বাৰ বছৰ বয়সতে নিষ্ঠুৰ বাস্তৱৰ সন্মুখীন ৰাইডঙীয়াৰ কিশোৰী, পিতৃ বিয়োগৰ পিছত অন্ধ মাতৃৰ দ্বায়িত্ব লৈ পল্লৱীয়ে চম্ভালিচে পৰিয়াল" শীৰ্ষক বাতৰি প্ৰকাশ হোৱাৰ পাছতেই শুকুৰবাৰে দুৰ্ভগীয়া কণমানিৰ গৃহত উপস্থিত হ'ল বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু নগাঁও জিলাৰ উপাযুক্ত যাদৱ শইকীয়া। বটদ্ৰৱা বিধানসভা সমষ্টিৰ আইভেটি পঞ্চায়তৰ অন্তৰ্গত ৰাইডঙীয়া কৰচোং সত্ৰৰ দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত উপস্থিত হৈ অসুস্থ মাতৃ পুটুলী বৰা আৰু পল্লবী বৰাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে পৰিয়ালটোয়ে ভুগি থকা বিভিন্ন অভাৱ অভিযোগ, সমস্যাৰাজিৰ বুজ লয়।

বিধায়িকা গৰাকীয়ে পল্লৱী আৰু ৰুগীয়া মাতৃয়ে এবছৰ ধৰি বিচনাৰ অভাৱত মাটিতে শুই থকাৰ বাবে এখন বিচনা, ঘৰৰ বাচন বৰ্তন, পল্লৱী আৰু মাতৃৰ পিন্ধাৰ বাবে ফ্ৰক, চাদৰ মেখেলা লগতে বিভিন্ন আচবাব প্ৰদান কৰে। নগাওঁ জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াৰ সহযোগত বিভিন্ন চৰকাৰী আঁচনিৰে পৰিয়ালটোক উপকৃত কৰাৰ ব্যৱস্থা কৰে। চৰকাৰী সুবিধা সমূহ ক্ৰমে পুতুলি বৰাক দীনদয়াল উপাধ্যায় দিব্যাংগ আঁচনিৰ অন্তৰ্গত সমূহ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰা হয়, মাতৃ কন্যা দুয়োগৰাকীক অটল অমৃত আঁচনিৰ সুবিধা সমূহ প্ৰদান কৰাৰ লগতে স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰা, মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হয়। আনহাতে দীৰ্ঘদিন ধৰি বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰা বাবে বিদ্যুত কৰ্তন কৰা পল্লবীৰ গৃহত শুকুৰবাৰৰ পৰাই বিদ্যুৎ যোগান অব্যাহত ৰাখিবৰ বাবে বিল বিধায়িকা গৰাকীয়ে পৰিশোধ কৰে।

অপৰিস্কাৰ পানী সেৱন কৰাৰ বাবে বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা পল্লবীৰ গৃহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা এটি টিউবেলৰ ব্যৱস্থা কৰাই। কৈশোৰ অৱস্থাতেই দৰিদ্ৰতাৰ বোকোচাত উঠি শিক্ষা জীৱন ত্যাগ কৰি ঘৰৰ সমস্ত দ্বায়িত্ব লোৱা পল্লৱীৰ পঢ়া শুনাৰ বাবে টেবুল-চকী, কিতাপ-পত্ৰ, শিক্ষাৰ বিভিন্ন সা-সঁজুলি প্ৰদান আৰু পুনৰ বিদ্যালয়লৈ যোৱাৰ বাবে নামভৰ্তিৰ সকলো দ্বায়িত্ব বিধায়িকা আঙুৰলতা ডেকাই লয়।

'অসমীয়া প্ৰতিদিন' কাকতৰ লগতে ডিজিটেল সংস্কৰণে বাতৰি প্ৰকাশ কৰাৰ পাছত বিধায়িকা আঙুৰলতা ডেকাই লোৱা তৎপৰতাৰ বাবে কণমানি পল্লৱী আৰু অন্ধ মাতৃ পুটুলী বৰাৰ মুখত এমোকোৰা হাঁহিৰে উজলি উঠিছে। আনহাতে বিধায়িকা গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে বাতৰি পৰিবেশনৰ যোগেদি দুৰ্ভগীয়া পৰিয়ালটোৰ কৰুণ গাথা উপস্থাপন কৰি দৃষ্টিগোচৰ কৰাৰ বাবে 'অসমীয়া প্ৰতিদিন'ক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে, বছৰ পূৰ্বে পিতৃক হেৰুৱাই কঠোৰ সংগ্ৰামৰ মাজেৰে জীৱন জাপন কৰি অহা পল্লৱী আৰু অন্ধ মাতৃৰ কাহিনীৰ বাতৰি পোন প্ৰথমে 'অসমীয়া প্ৰতিদিন' কাকতত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতেই জনপ্ৰতিনিধি লগতে চৰকাৰী বিষয়া আহি পৰিয়ালটোক উদ্ধাৰ কৰাৰ দায়িত্ব লোৱাৰ বাবে অঞ্চলটোৰ ৰাইজে সাংবাদিকৰ শলাগ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in