স্রোতহীন মূলসুঁতি…

স্রোতহীন মূলসুঁতি…

সাধাৰণতে অসমত কোনো ৰাষ্ট্ৰীয় দিবস বা উপলক্ষৰ আগে-পিচে অবশ্যৰ পৰা বিদ্ৰোহীসকল জাকে জাকে ওলাই অহা দেখা যায়। চৰকাৰেও মহাধুমধামেৰে অনুষ্ঠান পাতি বিদ্রোহীসকলৰ হাতৰ পৰা অবৈধ মারণাস্ত্রসমূহ চমজি লয়, ফুলাম গামোচা ডিঙিত পিন্ধাই তেৰাসবক সমাজৰ মূলসুঁতিলৈ আদৰণি জনোৱা হয়। হত্যা, লুণ্ঠনেৰে সমাজত অন্তহীন আতংক বিয়পাই বিশেষ 'সংগ্রাম' চলোৱা বিদ্রোহীৰ এচামে যদি পিচত ক্লান্ত-বিৰক্ত হৈ পৰে, শান্তি বিচাৰি আলোচনাৰ বাবে যদি শাসকৰ ওচৰলৈ আহি অস্ত্র সমর্পণ কৰে, নিৰীহ-নিবন্ধ জনতাই স্বস্তির নিশ্বাস এবাৰে কথা।চৰকাৰেও এই ছোতে হাততালি লয়।

আলোচনাৰ টোপোলাটো ধোঁৱাচাঙত তুলি থোৱাৰ পিচতো চৰকাৰৰ কৃতিত্বৰ ঘৰত দুটামান নম্বৰ যোগ হোৱাৰ সুযোগ ঘটে। হয়তো সেইবাবেই আঁচনিৰ বহী-খাটা উলিয়াই তেৰাসবক টকা-সিকাৰে পুৰস্কৃতও কৰা হয়। বিদ্ৰোহীৰ আত্মসমৰ্পণত চৰকাৰে কৃতিত্ব দাৰী কৰে ঠিকেই, কিন্তু মূলসুঁতিৰ সমাজখন এৰি কিছুমান ডেকা-গাভৰু অৰণ্যলৈ গৈ কাৰ ভুলৰ বাবে বন্দুক হাতত তুলি বিদ্রোহী হ'বলগাত পৰে, সেই কথা কিন্তু চৰকাৰে কেতিয়াও খোলোচা নকৰে। অসমৰ ক্ষেত্ৰত প্ৰতি বছৰে দেখা যায় যে ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ ডেকা-গাভৰুৱে গণ্ডাই গণ্ডাই বিদ্ৰোহৰ পথ ত্যাগ কৰি ঘৰলৈ উভতি আহিছে।

এনে সংখ্যাই বছৰি হেজাৰৰ ঘৰো অতিক্রম কৰে। সেনা-পুলিচৰ হাতত মৰা বা ধৰা পৰাসকলৰ কথাটো ওপৰঞ্চিভাৱে আছেই। এই লেখবোৰ কিন্তু মামুলি নহয়। মাজতে পৰিসংখ্যাবোৰ ক্রমাগতভাৱে কমি আহিছিল যদিও শেহতীয়াকৈ হঠাতে আত্মসমর্পণকাৰী বিদ্ৰোহীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই তথ্যটো দুইধৰণে বিচাৰ কৰিব পাৰি। হয় আমি ক'ম— ৰাজ্যত বিদ্ৰোহৰ প্ৰাসংগিকতা নোহোৱা হৈ আহিছে বাবে বিদ্রোহীসকল দিনে দিনে বেছিমাত্ৰাত উভতি আহিছে অথবা আমি কম— যদি বিদ্ৰোহৰ কোনো প্ৰাসংগিকতাই নাই, তেনেহ'লে এনেকৈ হেজাবে-বিজাৰে ডেকা ল'ৰাবোৰে বিদ্ৰোহৰ পথ ল'বলৈ গৈ আছে কিয়? গৈছে বাবেইতো উভতি আহিব পাৰিছে।

এইবাৰো দেখা গ'ল বছৰটোৰ প্ৰথম মাহটোতে প্রায় আঢ়ৈশ বিদ্রোহীয়ে চৰকাৰৰ আড়ম্বরপূর্ণ অনুষ্ঠানৰ জৰিয়তে অস্ত্ৰ সম্বৰণ কৰিছে। যোৱা বছৰো সহস্রাধিকজনে মূলসুঁতিলৈ উভতি ছিল। ২০২০ চনতো কেইবাটাও কিস্তিত ৰাজাৰ বহুকেইটা দুৰ্ধৰ্ষ সংগঠনৰ প্ৰায় দুহেজাৰ বিদ্রোহীয়ে অস্ত্র ত্যাগ কৰিছিল। যদিও আত্মসমর্পণৰ অনুষ্ঠানত শাসক পক্ষই দাবী তোলে যে তেওঁলোকৰ নেতৃত্বত চলা সুশাসনত ভাৰসা ৰাখিয়ে বিদ্ৰোহীয়ে অস্ত্ৰ বৰ্জন কৰিছে। কিন্তু দুর্ভাগ্যজনকভাৱে বিদ্রোহী শিবিৰত যোগ দিবলৈ যোৱাৰ হেজাৰ-বিজাৰ ঘটনাৰ কথা আমাক শুনোৱা নহয়। তদুপৰি চৰকাৰী 'সুশাসন'ৰ বিপৰীত সত্যৰ খবৰো ঢাকি বথা হয় সুকৌশলেৰে। এনে খবৰ হৈছে আত্মসমৰ্পণৰ কিছুদিন পিচত বহু বিদ্রোহীয়ে 'ৰাজনৈতিক অবস্থা অবহেলা' অনুভৱ কৰি পুনৰ অৰণ্যলৈ উভতি যোৱাৰ।

অসমীয়া যুৱক-যুৱতীৰ সশখ বিদ্রোহত যোগদান কৰা আৰু ওলাই অহা এই দুয়োটা ঘটনা আজি কেইবাটা দশকজুৰি এনেদৰে নিয়মিতভাবে ঘটি আছে, যেন ই হৈ পৰিছে আমাধ বৃহত্তৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। বয়সৰ জোখেৰে অসমত বিচ্ছিন্নতাবাদৰ চল্লিশটা বছৰ হ'ল। সংগ্রাম অথবা সন্ত্রাসবাদ, বিদ্রোহ অথবা বিপ্লব, যি আখ্যাই দিয়া নহওক কিয়, ৰাজ্যৰ এই বিচ্ছিন্নতাবাদ বা ৰাষ্ট্ৰীয়া ব্যৱস্থাপনার বিরুদ্ধে এই সশস্ত কর্মকাণ্ডৰ ইতিহাস ইমান দীঘলীয়া হোৱাৰ পিচতো ইয়াৰ উহ বিচবাৰ কোনো আন্তৰিক প্ৰয়াস শাসকৰ ফালৰ পৰা কৰা দেখা নগ'ল। অতীতৰ সেই সর্বগ্রাসী ভয়াবহতা নাই ঠিকেই, কিন্তু হাতত অস্ত্র তুলি লোৱাৰ প্ৰৱণতা অসমীয়া নৱপ্ৰজন্মৰ মাজত এতিয়াও শেষ হোৱা নাই।

চল্লিশ বছৰ আগতে আলফাৰ জন্মৰ আঁৰত যি সতা লুকাই আছিল, আজি হয়তো সদ্যোজাত কোনো বিদ্রোহী সংগঠনৰ জন্মৰ লক্ষ্য-উদ্দেশ্যত সেই সত্যক বিচাৰি পোৱা নাযাব। হয়তো দেখা যাব বিস্তৰ প্ৰভেদ। তথাপি কাৰো চকুত নতুন সমাজ গঠনৰ স্বপ্ন নাই বুলি আমি ক'ব নোৱাৰো। এচামৰ নিশ্চয় আছে কিন্তু ৰাজ্যৰ প্ৰান্তিক অঞ্চলৰ দুর্বিষহ দুখ-দাৰিদ্ৰতাৰে পিষ্ট এচাম ডেকা-গাভৰুৱে যে মূলসুঁতিৰ সমাজত তিষ্ঠির নোৱাসি বিপজ্জনক অৰণ্যত সোমাই পৰিবলৈ বাধ্য হৈছে, সেই সত্য অস্বীকাৰ কৰাৰ কোনো উপায় নাই। ডেৰ লাখ টকাৰ সাহায্যটো দিবলৈ চৰকাৰে তেওঁলোক উভতি অহ্য ক্ষলৈ বাট চোৱাৰ পৰম্পৰা যদি পৰিহাৰ কৰে আৰু সশস্ত্র পথ লোৱাৰ আগতে তেওঁলোকৰ মুখ-দীনতাক উপলব্ধি কৰিবলৈ যদি সামান্যও আন্তৰিক হয়, সমাজৰ কল্যাণ হ'ব। আমি সুক্ষ্মভাবে লক্ষ্য কৰিলে দেখিম – চাৰি দশক পূৰ্বৰ মধ্যবিত্তীয় অসমীয়া নেতৃত্বাধীন বিদ্রোহ-বিপ্লৱৰ তেজ আৰু এতিয়া নাই সঁচা, কিন্তু তেওঁলোকৰ ঠাই পূৰাব ধৰিছে ৰাজ্যৰ সৰু সৰু জনগোষ্ঠীয় নৱপ্ৰজন্মই, যি সততেই মূলসুঁতিৰ সমাজত অৱহেলিত, বঞ্চিত এক গোষ্ঠীসত্তাৰূপে নিজকে অনুভৱ কৰিছে।

এই অৱহেলিতবোধ সামূহিক বিমান, সিমান ব্যক্তিকেন্দ্রিকো। সন্দেহ নাই যে দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনৰ অভাবেই বহুতক বিকল্প পথলৈ ঠেলি পঠিয়াইছে। আমি সকলোৱে মানি লোৱা ভাল যে ৰাভা, তিরা, গোর্খা, আদিবাসী আদিৰ দৰে নিৰীহ আৰু শান্তিকামী জনগোষ্ঠীসমূহৰ এচাম নতুন পুৰুষৰ মাজত দেখা যোৱা অসুপ্রীতি, বিচ্ছিন্নকামিতাৰ দৃষ্টান্তবোৰ ভৱিষ্যতলৈ এক অশুভ ইংগিত। অর্থাৎ স্পষ্ট কথাত এচাম বঞ্চিত মানুহৰ ক্ষোভ-অসন্তুষ্টি তলে তলে বিস্তাবিত হৈছে। আত্মসমর্পণকাৰীৰ সৈতে শাসকে ছেলফি উঠি সুশাসনৰ কৃতিত্ব জাহিৰ কৰিলেও বা তথাকথিত উন্নয়নৰ ফুলজাৰি দেখুৱালেও সত্যক চিৰকাললৈ ঢাকি ৰাখিব নোৱাৰি। যিদৰে নোৱাৰি গেলা ঘাত চন্দন প্রলেপেৰে ঢাকি ৰাখিবলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in