ডিজিটেল স্বাস্থ্য

ডিজিটেল স্বাস্থ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে সমগ্ৰ দেশৰ বাবে আনুষ্ঠানিকভাৱে আয়ুষ্মান ভাৰত ডিজিটেল মিছন শীৰ্ষক অভিযানৰ আৰম্ভণি কৰে। তেওঁ ঘোষণা কৰা মতে এয়া কেৱল দেশৰ প্ৰতিজন নাগৰিকৰ বাবে একমাত্ৰ স্বাস্থ্য পৰিচয় পত্ৰই নহয়, বৰং স্বাস্থ্য খণ্ডৰ লগত জড়িত পেছাগত ব্যক্তিক সা-সুবিধা আদিকে ধৰি আন আন পঞ্জীকৰণৰ ব্যৱস্থাসমূহৰ ডিজিটেলকৰণৰ ক্ষেত্ৰত ই এক অভূতপূৰ্ব আচনি। প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ সাৰমৰ্ম হৈছে ডিজিটেল ভাৰতৰে অন্তভুক্ত ই এক ডিজিটেল স্বাস্থ্য আচনিঁ। ইয়াৰ জৰিয়তে ভাৰতবাসীৰ স্বাস্থ্য সম্পৰ্কীয় সকলো ব্যৱস্থা ডিজিটেল পদ্ধতিত সম্পন্ন হব। সকলোৱে আধাৰ কাৰ্ড নিচিনাকৈ ইউনিক হেলথ আইডেন্টি কাৰ্ড লাভ কৰিব।

তাৰ দ্বাৰা দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্তসকল উপকৃত হব বুলি কোৱা হৈছে। সেই হিচাপত বহুতেই ইয়াত ভাৰতবৰ্ষৰ স্বাস্থ্য সেৱাৰ বৈপ্লৱিক উত্তৰণো আখ্যা দিব। প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে যে এই ব্যৱস্থাৰ আৰম্ভণিৰ দ্বাৰা স্বাস্থ্য সেৱাৰ সা-সুবিধাসমূহৰ দিশত এক নতুন পৰ্যায়ৰ সূচনা ঘটিব। কথা হল- প্ৰধানমন্ত্ৰীয়ে কৈছে যেতিয়া সৰ্বসাধাৰণ লোকে তাক মানি লব লাগিব। অন্তঃত ডিজিটেল স্বাস্থ্য সেৱাৰ চমকপদ আচনিক লৈ সকলো আপ্লুত হব। কিন্তু সচাকৈয়ে আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ দিশে গতি কৰিবলৈ লৈছো নেকি।

এইক্ষেত্ৰত দেশৰ স্বাস্থ্য খণ্ডৰ বাস্তৱ ছবিখন আমি উলাই কৰিব পাৰিমনে! ডিজিটেল ভাৰত, ডিজিটেল স্বাস্থ্য, আধাৰ কাৰ্ডৰ পিচত এইবাৰ ইউনিক হেলথ আইডেন্টিটি কাৰ্ড। এইবোৰ সকলো ঠিকেই আছিল। ইন্টাৰনেট ব্যৱস্থা অত্যাধুনিক প্ৰযুক্তিৰ যুগত ভাৰত কিয় পিচ পৰি ৰব। কিন্তু কেৱল নামত ডিজিটেল হলেই হবনে! দৰিদ্ৰতাৰ চেপাত ককবকাই থকা ভাৰতৰ নিম্ন মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ ৰাইজৰ বাবে ৰাজহুৱা স্বাস্থ্য সেৱা মুকলি কৰি দিয়াৰ ক্ষেত্ৰত আমাৰ শাসকগোষ্ঠীয়ে কিমানখিনি কৰিলে বা কৰিছে, তাৰ হিচাপো লোৱাৰ কথা নিশ্চয় আহিব। আমি জানো যে, ইতিমধ্যে স্বাস্থ্য আৰু শিক্ষাৰ দৰে জনসেৱাৰ লগত জড়িত দুয়োটা খণ্ডতে চৰকাৰে বৃহত ব্যক্তিগত খণ্ডৰ বাবে বজাৰ মুকলি কৰি দিছে।

তেনেক্ষেত্ৰত চৰকাৰী খণ্ডৰ চিকিতসালয় বা শিক্ষানুষ্ঠানবোৰৰ দুৰৱস্থা দেশবাসীয়ে প্ৰত্যক্ষ নকৰাকৈ থকা নাই। বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষও এনে এখন দেশ, যত ৰাজহুৱা স্বাস্থ্য সেৱাৰ নামত প্ৰতি বছৰে বাজেটত নিৰ্ধাৰণ কৰা ধনৰ পৰিমাণ জি পি ডিৰ তুলনাত অতি নিম্নমানৰ। এতিয়াও জি পি ডি অথাত মুঠ ঘৰুৱা উতপাদন দুই শতাংশ ধনো স্বাস্থ্য খণ্ডৰ বাবে আবন্টন দিয়া নহয়। এয়া বিগত মাত্ৰ দুটামান বছৰৰ হিচাপ। ২০১৮-১৯ বিৰ্ত্তীয় বৰ্ষত স্বাস্থ্য সেৱাৰ বাবে চৰকাৰে ব্যয় কৰা পুজিঁৰ পৰিমাণ আছিল জি পি ডিৰ মাত্ৰ ১.২৮শতাংশ। তাতপৰ্যপূৰ্ণভাৱে সেই বছৰটোতে মাৰ্কিন যুক্তৰাষ্ট্ৰই জি ডি পিৰ ১৭শতাংশতৈকেও অধিক স্বাস্থ্য সেৱাৰ বাবে ব্যয় কৰিছিল বুলি বিভিন্ন পৰিসংখ্যাই দেখুৱাইছে।

আমাৰ দেশৰ স্বাস্থ্য খণ্ডত ব্যয় কৰা চৰকাৰী ধনৰ এয়া এক সামগ্ৰিক হিচাপহে। ইয়াৰ ভিতৰতে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ দৰে উন্নত ৰাজ্যই এটা বিত্তীয় বৰ্ষত ব্যয় কৰা চৰকাৰী ধনৰ পৰিমাণতকৈ উত্তৰ-পূবৰ দৰে অনগ্ৰসৰ ৰাজ্যৰ চৰকাৰী ব্যয়ৰ পৰিমাণ আৰু কম। বিশ্বত এনে দেশ আছে, যিবোৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ বাবে জি ডি পি ৰ ৫০শতাংশকৈও অধিক ব্যয় ধন কৰে।তাৰ শেহতীয়া দৃষ্টান্ত হৈছে কিউবা। এই কভিড মহামাৰী দুৰ্যোগৰ সময়ত কিউবাই বহু উন্নত দেশকো আনকি চিকিতসা সম্পৰ্কীয় সা-সুবিধা আগবঢ়াবলৈ সক্ষম হৈছিল। ইংলেণ্ড, নেদাৰলেণ্ড, নিউজিলেণ্ড, ফিনলেণ্ড, অষ্ট্ৰেলিয়া, ফান্স, জাৰ্মানী, ছুইজাৰলেণ্ডৰ দৰে পুজিঁবাজী অৰ্থনীতিৰে পৰিচালিত দেশবোৰেও আনকি চৰকাৰী স্বাস্থ্য সেৱাৰ নামত ভাৰততকৈও বহুগুণে বেছি চৰকাৰী ধন ব্যয় কৰে।

আশ্বৰ্যকৰ কথাটো হল- ভাৰতৰ দৰেই আন এক উন্নয়নশীল দেশ ব্ৰাজিলেও তেওঁলোকৰ বাজেটত জি ডি পিৰ ৮শতাংশ ধন স্বাস্থ্ বাবে ব্যয় কৰে। ইফালে আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু পাকিস্তানেও ৰাজহুৱা স্বাস্থ্যখণ্ডৰ বাবে আমাতকৈ অন্তত অধিক ধন খৰচ কৰে। এক তথ্য অনুসৰি, দুয়োখন দেশে জি পি ডিৰ ৩শতাংশতকৈ অধিক ধন চৰকাৰী স্বাস্থ্যখণ্ডত ব্যয় কৰে। উল্লেখযোগ্য যে, ২০১৭চনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি অনুসৰি ২০২৫চনতকৈ জি ডি পিৰ ২.৫শতাংশ ধন চৰকাৰী স্বাস্থ্যখণ্ডৰ বাবে ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়ালৈকে আমি সেই লক্ষ্য পৰাও বহু দূৰত আছো। গতিকে এয়াই হল আমাৰ দেশৰ ৰাজহুৱা স্বাস্থ্য খণ্ডৰ দুৰৱস্থা। আমাক কেৱল চমক দেখুওৱা নহয় কিন্তু কাৰ্যক্ষেত্ৰত বিকাশৰ নামত আমি পিচ পৰিহে ৰৈছো। বিগত প্ৰায় দুটা বছৰ আমি কভিডৰ সৈতে কি পৰ্যায়ত যুজ দিব লগা হৈছে, সৰ্বসাধাৰণ লোক কি ধৰণৰ দুৰ্ভোগ ভোগ কৰিব লগা হৈছে, তাক পুণৰ বৰ্ণনা কৰাটো নিষ্প্ৰয়োজন। চৰকাৰী স্বাস্থ্য খণ্ডত সীমিত সা-সুবিধাখিনিৰেই আমি সকলোৱে মৰণপণ যুজ দিছো। পুণৰ কওঁ যে, আমি ডিজিটেল ইণ্ডিয়াৰ সেই কৰ্মসূচী বিৰোধী নহয়। কিন্তু সেই কৰ্মসূচীয়ে সৰ্বসাধাৰণৰ জীৱন-জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in