বিনাশমুখী ব্ৰহ্মপুত্ৰ সভ্যতা

বিনাশমুখী ব্ৰহ্মপুত্ৰ সভ্যতা

অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ বসবাস কৰে অসম উপত্যকাৰ জিলাকেইখনত। এই উপত্যকাটো এটা খৰাহীৰ দৰে। চৌদিশে ওখ পৰ্বত। মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ মহানদ। ভূটানৰ পৰ্বতমালা, অৰুণাচলৰ পৰ্বতমালা, নগালেণ্ডৰ পৰ্বতমালা, কাৰ্বি আংলঙৰ পৰ্বতমালা আৰু মেঘালয়ৰ পৰ্বতমালাই এই দীঘল কিন্তু ঠেক উপত্যকাটো আগুৰি আছে।

পূবে শদিয়াৰ পৰা পশ্চিমে ধুবুৰীলৈ বিস্তাৰিত এই উপত্যকাটো নদীমাতৃক। সৰু-বৰ অজস্ৰ নৈ-জান-জুৰিৰে ভৰি থকা এই উপত্যকাৰ প্ৰতিখন নদীয়ে দাঁতিকাষৰীয়া (অতি ওখ) পাৰ্বত্য অঞ্চলৰ মাজেৰে বৈ আহি প্ৰচণ্ড সোঁতেৰে ব্ৰহ্মপুত্ৰত পৰিছেহি। কিছুখিনিয়ে পোনে পোনে আহি, আনখিনিয়ে সেই নদীবোৰৰ সোঁতত মিলিত হয়। এই অঞ্চলটোত বৰষুণৰ পৰিমাণ যথেষ্ট বেছি। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাক ঘেৰি থকা পাহাৰ-পৰ্বতবোৰৰ ভূতাত্ত্বিক স্তৰ তেনেই ঠুনুকা শিলেৰে গঠিত। ফলত সেই ঠুনুকা মাটিত ভূমিস্খলনো অধিক।

এই কাৰণবোৰে উপত্যকাটো অতি বানপানী তথা গৰাখহনীয়া প্ৰৱণ কৰি তুলিছে, তাহানিৰ যুগৰ পৰাই। বৰষুণ এই উপত্যকাবাসীৰ বাবে আশীৰ্বাদো, অভিশাপো। এই দ উপত্যকাটো কৃষিৰ বাবে, বিশেষকৈ ধান খেতিৰ বাবে অতি উপযোগী। মাটিৰ এই বিশেষ চৰিত্ৰই উপত্যকাটোক অতীজতেই কৃষিপ্ৰধান কৰি তুলিলে। এই কৃষি মূলতঃ পানী খেতি। সেয়ে বৰষুণ নিৰ্ভৰ। সেই দিশৰ পৰা উপত্যকাবাসীৰ বাবে বৰষুণ আশীৰ্বাদস্বৰূপ। নহ'লে পথাৰ চিৰাল ফাট দি ফাটি শস্য-শ্যামলা উপত্যকাটোক মৰুভূমিসদৃশ শুকান উপত্যকালৈ পৰিণত কৰিব।

অৱশ্যে বৰষুণে উপত্যকাটোক উৰ্বৰ সেউজ উপত্যকা কৰি ৰাখিবলৈ সেই বৰষুণৰ পৰিমাণ হ'ব লাগিব নিয়মীয়া জোখৰ। তেনেই কমো নহয়, অতিপাত বেছিও নহয়। অতিপাত বেছি বৰষুণ মানেই বানপানী। বানপানী মানেই খহনীয়া। এই দুটা উপত্যকাবাসীৰ বাবে এটা প্ৰধান অভিশাপ। সেয়ে অসম উপত্যকাৰ বাবে বৰষুণ সম্পদো, আপদো। নহ'লেও পথাৰ চিৰাল ফাট দিয়ে, অতিপাত হ'লেও বানৰ বালিয়ে পথাৰ পুতি মৰুময় কৰে। বান নিয়ন্ত্ৰণ উপত্যকাটোৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু স্বাৰ্থপৰ শাসকবৰ্গই উপত্যকাবাসী ৰাইজক অতদিনে আশ্বাসহে দি আহিছে, বানপানী-গৰাখহনীয়াৰ তাণ্ডৱ চলিয়েই আছে।

তথাপি অসম উপত্যকা অতদিনে বৰ্তি থাকিব পৰাৰ একমাত্ৰ কাৰণ হ'ল- অতদিনে অসমত বানপানী প্ৰাকৃতিক কাৰণতেই হৈছিল। অসম উপত্যকাৰ ভৌগোলিক আকাৰেই তাক অৱদাৰিত কৰি আহিছে। ভৌগোলিক কাৰণত ই বৃষ্টিপ্ৰধান অঞ্চল, নদীমাতৃক অঞ্চল আৰু খৰাহীৰ দৰে ভৌগোলিক আকৃতিয়ে বৰষুণৰ পানী ওখৰ পৰা তললৈ সোঁ-সোঁৱাই নামি অহাটো অনিবাৰ্য কৰিছে।

ই হঠাৎ হোৱা ঘটনা নহয়। উপত্যকাটোৰ উৎপত্তিৰ দিন ধৰি সেইটো চলি আছে। ফলত এই প্ৰাকৃতিক পৰিৱেশৰ সৈতে নিজ জীৱন যাত্ৰাৰ তাল মিলাই উপত্যকাবাসীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা গঢ়ি তুলিছে। সেই সভ্যতাৰ গতিত বানপানী এটা বছৰেকীয়া দুৰ্যোগহে হৈ আছিল। স্থায়ী সৰ্বনাশ হোৱা নাছিল। বানপানীয়ে ঘৰ-বাৰী উটুৱাইছিল হয়, কিন্তু লগতে পলসেৰে পথাৰো সাৰুৱা কৰিছিল, হোলা, ডোং, খাৱৈলৈ মাছ-পুঠিও আনিছিল। সেয়ে চৰকাৰে কৰিবলগা বান নিয়ন্ত্ৰণ নকৰা সত্ত্বেও ৰাইজে টানি টুনি চলি আছিল।

কিন্তু কুৰি শতিকাৰ অন্তিমছোৱাৰ পৰা পৰিস্থিতিক লৈ আহিল মাৰাত্মক পৰিৱৰ্তন। একবিংশ শতিকাত ই কালান্তক ৰূপ ধাৰণ কৰিছে। ইমান দিনে বানপানী আনিছিল প্ৰকৃতিয়ে। এতিয়া জলপ্ৰলয়ৰ সৃষ্টি কৰিব ধৰিছে মুনাফালোভী বণিয়া আৰু ক্ষমতালোভী তথা ভ্ৰষ্টাচাৰী শাসকবোৰে। এই কু-শক্তিবোৰৰ চক্ৰান্ততেই উপত্যকাটোৰ চৌদিশৰ পাহাৰ-পৰ্বতবোৰৰ গছ-বিৰিখ, শিল-বালি, কয়লা তথা আন খনিজ সম্পদ কোনো লাগ-বান্ধ নোহোৱাকৈ মাফিয়া দস্যুবোৰে লুণ্ঠন কৰি গোটেইখন তহিলং কৰিছে। ফলত ঘন বৰষুণ দিলেই পাহাৰৰ আৱৰ্জনা ভৈয়ামলৈ বৈ অহা নদীত পৰি একালৰ নিয়মীয়া বানপানীক দিছে কালান্তক ৰূপ। তাতকৈয়ো ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে নদীবান্ধবোৰে।

শক্তি লুভীয়া কোম্পানীবোৰ চক্ৰান্তত ভৈয়ামত জলপ্ৰলয়ৰ সৃষ্টি কৰিব তাক জানিও খোদ চৰকাৰেই ইটোৰ পিছত সিটো নদীবান্ধ অসম উপত্যকাৰ চৌকাষৰ খৰস্ৰোতা নদীবোৰত বান্ধিব ধৰিছে। সেইবোৰৰেই এটা নদীবন্ধ হ'ল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান 'নীপকো'ৱে নগালেণ্ডত সজা দৈয়াং জলবিদ্যুৎ প্ৰকল্প। মাত্ৰ ৭৫ মেগাৱাটৰ এক প্ৰকল্পই সম্প্ৰতি গোলাঘাট জিলাত কি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই বিষয়ে বিতং বাতৰি এই কেইদিন প্ৰচাৰ হৈ আছে। তাৰ দুদিনমান পূৰ্বে ৰঙানদী প্ৰকল্পত তেনে ঘটনা ঘটিছিল।

৭৫ মেগাৱাটৰ সৰু প্ৰকল্পৰ পানীয়েই যেতিয়া এনে প্ৰলয় ঘটাব পাৰে, তেন্তে ২০০০ মেগাৱাটৰ সোৱণশিৰি প্ৰকল্পই আৰু ১০,০০০ মেগাৱাটৰ চিয়াং প্ৰকল্পই ব্ৰহ্মপুত্ৰ সভ্যতাক উটুৱাই নিনিবনে? ব্ৰহ্মপুত্ৰ উপত্যকাবাসীয়ে শাসকবৰ্গক এইবোৰ বিষয়ে ভাবিবলৈ বাধ্য কৰক। ৰাইজে শাসকক গণমুখী হ'বলৈ বাধ্য নকৰিলে আমাৰ সভ্যতা-সংস্কৃতি বিনাশ হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in