এটা যুগৰ অৱসান

এটা যুগৰ অৱসান

ভাৰতীয় ৰাজনীতিত সুউচ্চ স্তম্ভস্বৰূপ অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানৰ লগে লগে নিষ্ঠা-সততা-মূল্যবোধৰ ৰাজনীতিৰ এক আকৰ্ষণীয় অধ্যায়ৰ আক্ষৰিক অৰ্থতে অৱসান ঘটিল। কেৱল ৰাজনীতিক বুলি আখ্যায়িত কৰিলে তেওঁৰ সমুচিত মূল্যায়ন নহ'ব, বাজপেয়ী আচলতে এক পৰিৱৰ্তনকামী ৰাজনৈতিক সংগ্ৰামৰ অন্য নাম।

সেই সংগ্ৰামৰ লক্ষ্য আছিল স্পষ্ট, কিন্তু পথ আছিল অতি কণ্টকাকীৰ্ণ। অতি কণ্টকাকীৰ্ণ সেই পথেৰে আগবঢ়োৱা দৃঢ় আপোচহীন পদক্ষেপে সেই ধাৰাটোক নিৰ্দিষ্ট লক্ষ্যলৈ আগবঢ়াই নিয়াত লাভ কৰা অভাৱনীয় সাফল্যই অটল বিহাৰী বাজপেয়ী নামৰ ব্যক্তিত্বক কৰি তুলিলে ভাৰতীয় ৰাজনীতিৰ অতুলনীয় চৰিত্ৰ, এক অনন্য বটবৃক্ষ। বাজপেয়ীৰ সংগ্ৰাম আছিল স্বৰাজোত্তৰ ভাতৰত কংগ্ৰেছ নেতৃত্বাধীন ৰাজনৈতিক ব্যৱস্থাটোৰ বিৰুদ্ধে।

১৯৩৯চনতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যভুক্ত হৈ, আৰ্য সমাজৰ যুৱ গোটৰ মাধ্যমেৰে এগৰাকী ৰাজনৈতিক কৰ্মীৰ ৰূপত আত্মপ্ৰকাশ কৰা বাজপেয়ী ২০০৯ চনলৈকে চাৰিটা দশককাল ভাৰতীয় সংসদৰ সদস্য হৈ আছিল। সেই সময়ছোৱাত এগৰাকী প্ৰধানমন্ত্ৰীৰূপে, এগৰাকী বৈদেশিক মন্ত্ৰীৰূপে, সৰ্বোপৰি এগৰাকী সুবক্তা সাংসদৰূপে প্ৰদৰ্শন কৰা দক্ষতাই বাজপেয়ীক দল-মত নিৰ্বিশেষে ভাৰতীয় জনতাৰ হৃদয়ত স্থান দিছিল।

হিন্দুত্ববাদী ধাৰাৰ ৰাজনীতিৰ আজীৱন প্ৰধান প্ৰবক্তা হোৱা সত্ত্বেও জনসাধাৰণে বাজপেয়ীক বিশ্বাস কৰিছিল আৰু তেওঁৰ নেতৃত্বতহে দেশ নিৰাপদ হৈ থাকিব বুলি সাধাৰণ মানুহৰ ধাৰণা বদ্ধমূল হৈছিল। ধৰ্মৰ নামত দেশ বিভাজনৰ পিছত সৃষ্টি হোৱা খণ্ডিত ভাৰতৰ কংগ্ৰেছ নেতৃত্বৰ তোষণমূলক তথাকথিত ধৰ্মনিৰপেক্ষ জাতীয়তাবাদৰ আদৰ্শক প্ৰতিষ্ঠাৰ বাবে ছাত্ৰাৱস্থাৰ পৰাই আত্মনিয়োগ কৰিছিল বাজপেয়ীয়ে।

মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ পৰিপ্ৰেক্ষিতত ১৯৪৬চনত আৰ এছ এছ নিষিদ্ধ ঘোষিত হোৱাৰ পাছত শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ নেতৃত্বত গঠন হোৱা সংঘ পৰিয়ালৰ ৰাজনৈতিক শাখা ভাৰতীয় জনসংঘৰ বাজপেয়ী আছিল সাধাৰণ সম্পাদক। ১৯৫৪চনত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰত অনশন কৰোতে বাজপেয়ীও তেওঁৰ লগত আছিল। এই দুগৰাকী প্ৰতিষ্ঠাপকৰ বিয়োগৰ পিছত ১৯৬৮চনৰ পৰা দলটোৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰা বাজপেয়ীয়ে কেনেকৈ নানাজী দেশমুখ, লালকৃষ্ণ আদৱানিৰ দৰে নেতাক লগত লৈ জনসংঘক আগবঢ়াই নিছিল, ১৯৭৫চনত জৰুৰী অৱস্থাৰ বিৰুদ্ধে জয়প্ৰকাশ নাৰায়ণৰ সংগ্ৰামৰ অংশীদাৰ হৈ কংগ্ৰেছক দেশৰ ক্ষমতাৰ পৰা উৎখাত কৰাত অন্যতম কাণ্ডাৰীৰ ভূমিকা লৈছিল সেই ইতিহাস ভাৰতীয় ৰাজনীতি অবিস্মৰণীয় অধ্যায়।

যাৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বত গঠিত জনতা পাৰ্টিৰ চৰকাৰত বাজপেয়ী অধিষ্ঠিত হৈছিল বিদেশ মন্ত্ৰীৰ পদত। অন্তঃকলহত জৰ্জৰিত জনতা পাৰ্টিৰ চৰকাৰ ভংগৰ পিছত বাজপেয়ীয়ে ভাৰতীয় জনসংঘক 'ভাৰতীয় জনতা পাৰ্টি' নামেৰে সংগঠিত কৰি আৰম্ভ কৰা নতুন যাত্ৰাৰ ফল কি তাক দোহৰা নিষ্প্ৰয়োজন। দেশত বৰ্তমানৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ বাজপেয়ীৰ বিচক্ষণতাপূৰ্ণ ৰাজনৈতিক যাত্ৰাৰ অন্য এক ঐতিহাসিক ফলাফল।

১৯৮২ৰ লোকসভা নিৰ্বাচনত মাত্ৰ ২খন আসন পোৱা বিজেপি ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে দেশৰ ক্ষমতাত অধিষ্ঠিত হৈছিল বাজপেয়ী-আদৱানিৰ সংগ্ৰামৰ বাবে। সেইবাৰ মাত্ৰ ১৩দিন শাসনত থাকিলেও ইতিমধ্যে দেশত বাজপেয়ী যুগ আৰম্ভ হৈ গৈছিল আৰু সেইবাবেই পুনৰ ১৯৯৮ চনত বাজপেয়ী চৰকাৰ পুনৰ প্ৰতিষ্ঠা হোৱাই নহয়, বহুকেইটা পৰস্পৰবিৰোধী চৰিত্ৰৰ দলক একত্ৰিত কৰি এন ডি এ চৰকাৰক নেতৃত্ব দিয়া বাজপেয়ীয়ে ব্যতিক্ৰম চিন্তা-কৰ্মৰে দেশ তথা বিশ্বক চমকিত কৰিবলৈ সক্ষম হৈছিল। আমেৰিকাৰ ৰঙাচকুক বুঢ়া আঙুলি দেখুৱাই পোখৰানৰ পাৰমাণৱিক বিস্ফোৰণ, ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰথমবাৰৰ বাবে হিন্দীত ভাষণ বাজপেয়ীৰ ব্যতিক্ৰম ৰাজনীতিৰ চৰ্চিত অধ্যায়।

কেৱল ইমানেই নহয়, পৰস্পৰবিৰোধী চৰিত্ৰৰ এখন বহুদলীয় চৰকাৰৰ নেতৃত্ব দিয়া সত্ত্বেও বাজপেয়ীয়ে অৰ্থনীতিলৈ সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনি জি ডি পি ৮ শতাংশলৈ বৃদ্ধি, মুদ্ৰাস্ফীতি ৪ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। ইষ্ট-ৱেষ্ট কৰিডৰৰ দৰে 'মহাচড়ক' নিৰ্মাণ, প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়কেৰে দেশৰ পথ যোগাযোগ ব্যৱস্থালৈ বৈপ্লৱিক পৰিৱৰ্তন বাজপেয়ী চৰকাৰৰে চমক। তদুৰি 'ফিচকেল ৰেছপন্সিবিলিট এক্ট'ৰ জৰিয়তে দেশৰ বিত্তীয় ঘাটি লক্ষণীয়ভাৱে হ্ৰাস।

দূৰ সংযোগ বিপ্লৱ, সৰ্বশিক্ষা অভিযান, লাহোৰ বাছ সেৱা, উত্তৰ-পূৱৰ বাবে ড'নাৰ মন্ত্ৰালয় গঠন, নৰসিংহ ৰাও চৰকাৰে আৰম্ভ কৰা উদাৰীকৰণৰ নীতিক নতুন মাত্ৰা প্ৰদান কৰি বাজপেয়ীয়ে দেশৰ সামাজিক ক্ষেত্ৰ তথা অৰ্থনীতিলৈ আনিছিল আমূল পৰিৱৰ্তন। ঐতিহাসিক অসম আন্দোলনেৰে সংযোগ তথা ১৯৮৩ৰ জ্বালাময় পৰিস্থিতিৰ মাজত অসমৰ প্ৰান্তে প্ৰান্তে কৰা ভ্ৰমণ বাজপেয়ীৰ পৰিক্ৰমাৰ অন্যতম উল্লেখযোগ্য দিশ। এনে এক ৰাজনৈতিক যাত্ৰা, বিচক্ষণতা আৰু সাফল্যৰ বাবেই ২০০৪চনত মিত্ৰ দলৰ বাবে ক্ষমতা হেৰুৱাবলগীয়া হোৱা সত্ত্বেও বাজপেয়ী হৈ থাকিল দেশৰ ৰাজনীতিৰ অতুলনীয় সুউচ্চ স্তম্ভ। এনে এগৰাকী নেতাৰ বিয়োগ দেশৰ বাবে অপূৰণীয় ক্ষতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in