ইতিহাস-ঐতিহ্য

ইতিহাস-ঐতিহ্য

আজি ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি সুঁৱৰিব দেশৰ জনসাধাৰণ আৰু শাসকগোষ্ঠীয়ে। ১৯৪২চনৰ ৯ আগষ্টৰ ঐতিহাসিক গণবিপ্লৱৰ বাণীৰ উদ্বুদ্ধ শত-সহস্ৰ ছহিদৰ ত্যাগৰ দৃষ্টান্তৰে ভাৰতবাসীৰ মনত পুনৰ দেশপ্ৰেম জাগ্ৰত কৰাৰ প্ৰয়াস চলোৱা হ'ব। কিন্তু দেশপ্ৰেমৰ আৱেগৰ দ্বাৰা বাস্তৱতাক অস্বীকাৰ কৰা নাযায় আৰু ইতিহাসৰো পুনৰ নিৰ্মাণো সম্ভৱপৰ নহয়।

যি ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ স্বাধীনতা সংগ্ৰামীসকলে লৈছিল, সেই প্ৰস্তাৱৰ বিৰোধিতা কৰাসকলৰ উত্তৰাধিকাৰীয়ে আজি দেশ শাসন কৰিছে। অথচ আজি সেইসকলে ১৯৪২ৰ গণ আন্দোলনৰ কথাৰে স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পাত লুটিয়াব। প্ৰশ্ন হয়- ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ দমন-নিৰ্যাতনৰ বলি হৈ ছহিদ হোৱাসকলৰ আত্মত্যাগৰ মৰ্ম আজিৰ শাসকসকলে সঁচা অৰ্থত উপলব্ধি কৰিবলৈ সক্ষম হৈছেনে? আজি দেশত ছহিদৰ মৰ্যাদা ৰক্ষা পৰিছেনে?

অপ্ৰিয় হ'লেও সত্য যে সম্প্ৰতি দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য ক্ৰমান্বয়ে ম্লান পৰিছে। কেৱল চৰকাৰী আঁচনি-প্ৰকল্প আদিৰ নামকৰণতে সীমাৱদ্ধ হৈ পৰিছে স্বাধীনতাৰ ছহিদসকলৰ সোঁৱৰণী পৰ্ব। পিছে আমাৰ শাসকে মহাত্মা গান্ধীৰ নামত ৰাষ্ট্ৰজোৰা কল্যাণকামী আঁচনিও ৰূপায়ণ কৰিছে, আকৌ সেই শাসকৰে প্ৰতিপালিত একাংশ অনুগত সংগঠনে মহাত্মাৰ হত্যাকাৰী নাথুৰাম গডছেৰ নামত মন্দিৰ নিৰ্মাণ কৰিবলৈ লৈছে। অৰ্থাৎ মহাত্মাৰ স্মৰণৰ সমান্তৰালকৈ নাথুৰামকো জাতীয় বীৰ হিচাপে প্ৰক্ষেপ কৰাৰ অভিসন্ধি চলিছে।

ভাৰত ত্যাগ আন্দোলনৰ ছয়সত্তৰ বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি দেশবাসীয়ে এইবোৰ কথাৰ সঠিক বিশ্লেষণ কৰিব লাগিব। দৰাচলতে বীৰ পূজাৰ নামত দেশৰ ঐতিহ্য-সংহতিৰ পুনৰ নিৰ্মাণৰ কামো সযতনে চলোৱা হৈছে নেকি? প্ৰশ্নটো কেৱল শাসকগোষ্ঠীৰ অনুকম্পা অথবা আদৰ্শগত ভিত্তিক লৈ নহয়। আমি যিসকলে এখন গণতান্ত্ৰিক-ধৰ্মনিৰপেক্ষ দেশ নিৰ্মাণৰ বাবে জনপ্ৰতিনিধি নিৰ্বাচিত কৰি আহিছো, সেই নাগৰিক সমাজেও ভাবি চোৱাৰ প্ৰয়োজন আহি পৰিছে যে দৰাচলতে আমি ইতিহাস-ঐতিহ্যৰ পুনৰুত্থানবাদী নেতিবাচক চিন্তা চৰ্চাৰে একৈশ শতিকাৰ বিশ্বক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছো নেকি?

এই কথা অনস্বীকাৰ্য যে গণতন্ত্ৰৰ ইতিহাসৰ চেকাবোৰ দেশৰ জনসাধাৰণেই ধুই নিকা কৰাৰ সময় আহি পৰিছে। এই চেকা আজিৰ নহয়। স্বাধীনতা সংগ্ৰামৰ মহান ঐতিহ্যবহনকাৰী জাতীয় কংগ্ৰেছৰ নেতৃত্বদায়ীসকলে জৰুৰী অৱস্থাৰ কলংকিত ইতিহাস কিদৰে অস্বীকাৰ কৰিব? ব্ৰিটিছৰাজৰ বিৰুদ্ধে গৰ্জি উঠা ছহিদৰ ত্যাগৰ মূল্য তেওঁলোকেও পৰিশোধ কৰিব নোৱাৰে। কংগ্ৰেছীসকলেও দেশপ্ৰেমক কেৱল তাগিদা হিচাপে লৈয়ে শাসন ক্ষমতাত বৰ্তি থাকিব দীৰ্ঘকাল।

স্বাধীনতাৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ সোঁৱৰণত জনসাধাৰণক মোহাৱিষ্ট কৰি ৰাখি কংগ্ৰেছৰ জাতীয় নেতৃত্বয়ো দেশক একপ্ৰকাৰ বিশ্বাসঘাতকতাই কৰিছিল। তেনেস্থলত নিজ মাতৃভূমিক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি এখন নতুন ভাৰত গঢ়াৰ সপোন দেখা ছহিদৰ সঠিক মূল্যায়ন হ'ব কিদৰে?

বিড়ম্বনাৰ কথাটো হ'ল- স্বাধীনতাৰ সত্তৰ বছৰ পিছতো আজি কংগ্ৰেছী অপশাসনৰ অৱসান ঘটাই দেশত পৰিৱৰ্তনৰ কেৱল শ্ল'গানহে দিয়া হ'ল। কাৰ্যক্ষেত্ৰত কিন্তু শাসকৰ চৰিত্ৰ সলনি নহ'ল। এতিয়াৰ শাসকে দেশৰ বহুত্ববাদী সংস্কৃতিকে থানবন কৰিবলৈ ওলাইছে। তাৎপৰ্যপূৰ্ণভাৱে আজিৰ এই বিয়াল্লিশৰ গণ বিপ্লৱৰ স্মৃতিবিজড়িত দিনটোতে প্ৰায় ৩০ বছৰ আগত অসমত কমলা শইকীয়াৰ দৰে এগৰাকী প্ৰবীণ সাংবাদিক অসম সৰ্বাভৌমত্ব বিচৰাসকলৰ হাতত নিহত হৈছিল। সাৰ্বভৌমত্বৰ নামত চলা সংগ্ৰামৰ তেওঁ বলি হৈছিল। তেওঁক যেনিবা সেইসকলে ছহিদ নোবোলে।

কিন্তু প্ৰশ্ন হয় তেন্তে ছহিদৰ পৰিভাষা কি? অসম আন্দোলনত নিহত ৮৬০জন ছহিদৰ নাম আমি জানো। কিন্তু সেই সময়ছোৱাতেই দুষ্কৃতিকাৰীৰ হাতত মৃত্যুবৰণ কৰা সহস্ৰজন ব্যক্তিক কি আখ্যা দিয়া হ'ব? গতিকে ইতিহাস কেৱল এটা পক্ষৰ দ্বাৰা সংঘটিত ঘটনা-পৰিঘটনাৰ বিৱৰণী নহয়। ইয়াৰ সঠিক বিশ্লেষণ হ'ব লাগিব ঐতিহ্য-সংহতিৰ মাপকাঠীতহে। যিবোৰ ঘটনাই সমাজ, জাতি তথা দেশ নিৰ্মাণৰ ঐতিহ্য বহন কৰিছে, তাৰ নিৰ্মোহ পৰ্যবেক্ষণ কৰা উচিত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in