‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক জয়ন্ত বৰুৱাক সদৌ গুৱাহাটী বাতৰি কাকত বিতৰক সন্থাৰ সম্বৰ্ধনা…

‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক জয়ন্ত বৰুৱাক সদৌ গুৱাহাটী বাতৰি কাকত বিতৰক সন্থাৰ সম্বৰ্ধনা…

ডিজিটেল ডেস্ক : সদৌ গুৱাহাটী বাতৰি কাকত বিতৰক সন্থাৰ সভাপতি- সাধৰণ সম্পাদকৰ নেতৃত্বত অহা এক প্ৰতিনিধি দলে মঙলবাৰে সাদিন প্ৰতিদিনৰ কাৰ্যালয়ত 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদকৰ কাৰ্যভাৰ ১ জানুৱাৰীৰ পৰা গ্ৰহণ কৰা বাবে সাদিন -প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক তেওঁৰ কাৰ্যালয়ত সম্বৰ্ধনা জনায় ।

শৰাই,জাপি,ফুলাম গামোছা আৰু ফুলৰ থোপাৰে সম্পাদক গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে সুদীৰ্ঘ দিনৰ অভিজ্ঞতাৰে পুষ্ট হৈ অসমৰ সবাতোতকৈ জনপ্ৰিয় কাকত খনৰ সম্পাদকৰ দায়িত্ব লোৱাৰ বাবে সন্তোষ ব্যক্ত কৰি দলটোৱে তেওঁক অভিনন্দনো জনায় ।

চুটি অথচ গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানটোৰ আৰম্ভনিতে তেওঁলোকৰ আগমনৰ উদ্দেশ্য ব্যক্ত কৰি সন্থাৰ সভাপতি তথা এম পি বুক ষ্টলৰ স্বত্বাধিকাৰ পৱন আলী শইকীয়াই কয় যে – গুৰুত্বপূৰ্ণ কাকত খনৰ গুৰু দায়িত্ব গ্ৰহণ কৰা বাবে তেওঁলোক অতিশয় আনন্দিত । সাদিনৰ প্ৰকাশৰ জৰিয়তে সংবাদ ক্ষেত্ৰ খনত খোজ দিয়া জয়ন্ত বৰুৱাৰ দীৰ্ঘ দিনৰ অভিজ্ঞতা আৰু সমাজ সচেতনতাৰ ভিত্তিত আগন্তুক দিনত সংবাদ গোষ্ঠীটোৱে অধিক বলিষ্ঠ ভাবে অসমবাসীৰ হ'কে সেৱা আগবঢ়াবলৈ সক্ষম হ'ব বুলিও তেওঁলোক আশাবাদী বুলি ব্যক্ত কৰে পৱন আলী শইকীয়াই । ইয়াৰ পিছতে পৱন আলী শইকীয়াই এখন ফুলাম গামোছাৰে তেওঁক অভিনন্দন জ্ঞাপন কৰে ।

ইয়াৰ পিছতে ক্ৰমে সন্থাৰ হৈ ব্লু হিল বুক ষ্টলৰ স্বত্বাধিকাৰ ৰামবিলাস প্ৰসাদে জাপি, এএছটিচি বুক ষ্টলৰ স্বত্বাধিকাৰ দেৱাশিষ দাসে শৰাই, ভাৰ্গৱ নিউজ এজেণ্সীৰ স্বত্বাধিকাৰ তথা সন্থাৰ সাধৰণ সম্পাদক সুৰেশ ভাৰ্গৱে ফুলৰ থোপাৰে সম্পাদক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

অনুষ্ঠানত উপস্থিত থকা মহা প্ৰৱন্ধক মৃন্ময় দেকো এখনি ফুলাম গামোচাৰে আদৰণি জনায় । সম্বৰ্ধনাপৰ্বৰ পিছতে সৌজন্যমূলক বাৰ্তালাপত মিলিত হয় এজেন্ট সকল । এই বাৰ্তালাপত কোৰোনা কেন্দ্ৰীক পৰিবেশে ছপা মাধ্যমলৈ যি প্ৰত্যাহ্বান নমাই আনিছিল সেয়া ক্ৰমে সাম কাটিবলৈ ধৰা বুলিও তেওঁলোকে মন্তব্য কৰে । আনহাতে নতুন প্ৰজন্মৰ মাজত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি,তেওঁলোকৰ ভবিষ্যতৰ বাবে শৈক্ষিক,সামাজিক,আৰু পাৰিপাৰ্শ্বিক আদি বিভিন্ন বিষয় সামৰি তেখেতৰ নেতৃত্বত কাকত খন আধিক শক্তিশালী আৰু জনপ্ৰিয় কৰি তোলাৰ চেষ্টা কৰা হ'ব বুলি আশা ব্যক্ত কৰি এই দিশত বিভিন্ন পৰামৰ্শও তেওঁলোকে আগবঢ়ায় ।

এই বাৰ্তালাপত তপন এজেণ্সীৰ জয়ন্ত কুমাৰ ডেকা,ভাৰ্গৱ এজেণ্সীৰ ৰাজেশ ভাৰ্গৱ আৰু এপি বুক ষ্টলৰ পিয়াৰ আলী শইকীয়াইও ভাগ লয় । বাৰ্তালাপত এজেন্ট সকলে আগবঢ়োৱা পৰামৰ্শ মনোযোগেৰে শুনি সাদিন প্ৰতিদিন গোষ্ঠাৰ স্বত্বাধিকাৰ গৰাকীয়ে এই পৰামৰ্শ পূৰ্বৰ দৰেই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব প্ৰদান কৰিব বুলি কৈ সাদিন প্ৰতিদিন গোষ্ঠীৰ প্ৰতি বিগত তিনি দশকত এজেন্ট সকলে আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জনায় । লগতে তেওঁ কয় – আজি আপোনালোকে মোক সম্পাদকৰ দায়িত্ব গ্ৰহনৰ বাবে এনেদৰে মৰম যাচিছে যদিও এয়া মই আমাৰ অনুষ্ঠানৰ প্ৰতি আগবঢ়োৱা মৰম বুলিহে গ্ৰহণ কৰিছো । আনহাতে সাদিন প্ৰতিদিন গোষ্ঠীৰ শ্ৰীবৃদ্ধিত আপোনালোকৰ সহায় সহযোগিতাই আমাৰ এই গোষ্ঠীক সদায় আগবাঢ়ি যাবলৈ সাহস আৰু প্ৰেৰণা জগাব বুলি তেওঁ মন্তব্য কৰে।

সন্থাই প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী আৰু অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তকো ফুলাম গামোছাৰে আদৰণি জনায় । আনহাতে মঙলবাৰৰ এই অনুষ্ঠানত সাদিন প্ৰতিদিন গোষ্ঠীৰ প্ৰচলন শাখাৰ বিষয়ববীয়া সকলেও ভাগ লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in