হৈছে নেকি আপোনাৰ কিবা অসুবিধা…

হৈছে নেকি আপোনাৰ কিবা অসুবিধা…

ডিজিটেল ডেস্কঃ এয়া এক জটিল সময়! কোৰোনা ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰা এই পৰিৱেশ-পৰিস্থিতিত আমি মানি চলিবই লাগিব চৰকাৰে জাৰি কৰা পৰামৰ্শ। সকলোৰে দায়িত্ব আছে এই সময়ত।
কেৱল বাতৰি দিয়াই আমাৰ দায়িত্ব নহয়। আপোনাৰ বাবে আমি কৰিব পৰা সকলোখিনি কৰিবলৈ আমিও দায়ৱদ্ধ। চৰকাৰলৈ সকলো দায়িত্ব ঠেলিলে নহ'ব। প্ৰতিজন নাগৰিকৰে আছে এজন দায়িত্বশীল নাগৰিকৰূপে এই সময়খিনিত কৰ্তব্য পালন কৰাৰ দায়িত্ব।

যদি আমি কিবা কৰিব পৰা আছে তেন্তে আমাক জনাওঁক। বিনম্ৰভাৱে আমি এই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম। কোৰোনা ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্যা বাঢ়ি গৈ আছে ভাৰততো।
সামাজিক দূৰত্ব বজাই ৰাখি, সকলো স্বাৰ্থ উৰ্ধত ৰাখি সুৰক্ষি আৰু এখন সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত এই সন্ধিক্ষণত আপোনাৰ বাবে সংবাদমাধ্যমৰ দায়িত্ব পালন কৰাৰ লগতে কিবা যদি কৰিব পৰা থাকে তেন্তে আমাক জনাওক।

৬০০০৯-৫৩৪৩৪, ৯৪৩৫০-৬২৬৭৮ আৰু ৯৯৫৪৫-৪৪৪৫০ নম্বৰত হোৱাটছএপ যোগেও আপুনি দিব পাৰে কোনো খবৰ। আহক শংকিত নহওঁ, সজাগ আৰু সুৰক্ষি হৈ এই জটিল ক্ষণত এই সময়খিনি অতিক্ৰম কৰিবলৈ সকলোৱে সহযোগ আগবঢ়াওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in