অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাফল্য, ভিজিটৰৰ সংখ্যা এদিনতে ৫ লক্ষাধিক…

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাফল্য, ভিজিটৰৰ সংখ্যা এদিনতে ৫ লক্ষাধিক…

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰত্যক্ষ দৰ্শকৰ সংখ্যাই অভিলেখ সৃষ্টি কৰাৰ ঘটনাই ডিজিটেল ডেস্কৰ লগতে অসমীয়া প্ৰতিদিন পৰিয়ালক বাৰুকৈয়ে উৎসাহিত কৰিছে। কোৰোনাই বিশ্বজুৰি চলোৱা সংহাৰী ৰূপক লৈ শংকিত হৈ উঠা মানৱ জাতিৰ এই সংকট কালত অতি সতৰ্কতা আৰু দায়বদ্ধতাৰে প্ৰতি মুহুৰ্তৰ খবৰ সঠিকভাৱে আগবঢ়োৱা 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত যোৱা ২৪ ঘন্টাতে প্ৰত্যক্ষ ভিজিটৰৰ সংখ্যাই ৫ লাখ অতিক্ৰম কৰিলে। আনহাতে কেৱল এই সময়চোৱাতে ফেচবুকত দৰ্শকৰ ৰিচ্ ৰ পৰিমাণ আছিল প্ৰায় ২০ লাখ।

এইয়া ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ডিজিটেল মাধ্যমৰ বাবেও সাম্প্ৰতিক সময়লৈকে এক সপোন মাত্ৰ। কিন্তু এনে অসাধ্যও আঞ্চলিক পৰ্যায়ৰ কাকতগোষ্ঠী 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে সম্ভৱ কৰি তোলাতো গোষ্ঠীটোৰ প্ৰতি পাঠক, দৰ্শকৰ আস্থা আৰু আদৰৰে প্ৰতিফলন। এই মুহুৰ্তত আমি পঢ়ুৱৈ দৰ্শক তথা শুভাকাংক্ষীসকলোকে ডিজিটেল ডেস্ক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভৱিষ্যতে অধিক সৱলভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰদানৰ বাবে অনুৰোধ জনাইছো।

আমি পুনৰ দোহাৰো যে সত্য, নিৰপেক্ষ আৰু যুক্তিসংগত বাতৰি পৰিবেশনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণ সদায় দায়ৱদ্ধ। সেয়ে সঠিক খবৰৰ বাবে আপোনালোকে Follow বা Like কৰক 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ ফেচবুক পেজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in