গহপুৰৰ ছাত্ৰী কাজল মহন্তৰ ব্যতিক্ৰমী প্ৰয়াস, আঁহতৰ পাতত অংকন “অসমীয়া প্ৰতিদিন”…

গহপুৰৰ ছাত্ৰী কাজল মহন্তৰ ব্যতিক্ৰমী প্ৰয়াস, আঁহতৰ পাতত অংকন “অসমীয়া প্ৰতিদিন”…

ডিজিটেল সংবাদ, ছয়দুৱাৰ: ঐকান্তিক প্ৰচেষ্টা, কঠোৰ অধ্যৱসায় আৰু দৃঢ় মানসিক শক্তিৰ বলত সৃষ্টিশীল কৰ্মৰাজিৰ জৰিয়তে অসাধ্যকো সাধন কৰি বিভিন্ন জনৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে গহপুৰ মহকুমাৰ অন্তৰ্গত পুৱ-ডুবিয়া (চেংমৰা)ৰ স্নাতক উত্তীৰ্ণ এগৰাকী ছাত্ৰীয়ে। নাম তেওঁৰ কাজল মহন্ত। ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা ২০২০ চনত স্নাতক শাখা উত্তীৰ্ণ হোৱা কাজল মহন্ত পুৱ ডুবিয়া নিবাসী দীপেন মহন্ত আৰু ৰিপু মহন্তৰ জীয়ৰী।সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি যথেষ্ট ৰাপ থকা কাজলে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ত নাৰায়ণপুৰৰ "মাধৱদেৱ এন আৰ্ট ইনষ্টিটিউট"ত চিত্ৰ অংকনৰ আনুষ্ঠানিক প্ৰশিক্ষণৰ বাবে নাম ভৰ্তি কৰিছিল যদিও তাত তেওঁ মাত্ৰ দুটা বছৰহে প্ৰশিক্ষণ গ্ৰহণ কৰে।

চিত্ৰ অংকনৰ দৰে এটা কঠিন বিষয়ৰ প্ৰশিক্ষণ মাত্ৰ দুটা বছৰতে সম্পূৰ্ণ কৰাতো বহু কঠিন যদিও কাজলে সম্পূৰ্ণ নিজৰ একানপটীয়া প্ৰচেষ্টাৰে ঘৰতে চিত্ৰ অংকনৰ চৰ্চা অব্যাহত ৰাখে। পাঠ্যক্ৰমৰ পাঠ গ্ৰহনৰ মাজত মাজে-সময়ে সময় উলিয়াই চিত্ৰ অংকনৰ চৰ্চা অব্যাহত ৰখা কাজলৰ এই চিত্ৰ অংকনে চলিত লকডাউনৰ সময়ত এক ব্যতিক্ৰমী ৰূপ পায়। বগা আৰ্ট পেপাৰত গুণী-জ্ঞানী ব্যক্তিসকলৰ হুবহু প্ৰতিচ্ছবি আঁকি কম বয়সতে শিল্পীৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হোৱা কাজল মহন্তই তেওঁৰ এই প্ৰতিভা ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শিত কৰাৰ উদ্দেশ্যৰে বাছি লয় পেলনীয়া বটল, গুটি ধান আৰু আঁহত গছৰ পাত।ইয়াৰ বাবে তেওঁ চলিত লকডাউনৰ আবদ্ধ পৰিবেশত ঘৰৰ ভিতৰত নিখুঁত ভাবে সৃষ্টিশীলতাৰ প্ৰতিভা ডাঙি ধৰি নিজকে এগৰাকী শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে কাজল।

তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপত বিশেষভাৱে সমাদৰ লাভ কৰিছে আঁহত গছৰ পাতত অংকন কৰি উলিওৱা বিভিন্ন চিত্ৰই।তেওঁ আঁহত গছৰ পাতত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি,জনপ্ৰিয় কণ্ঠশিল্পী জুৱিন-পাপনৰ লগতে বিভিন্ন ব্যক্তিৰ নাম অংকন কৰি চমক দেখুওৱাৰ লগতে এই প্ৰতিবেদকৰ সন্মুখত কম সময়ৰ ভিতৰতে আঁহত গছৰ পাতত অংকন কৰি দিয়ে অসম বহুল প্ৰচাৰিত বাতৰি কাকত "অসমীয়া প্ৰতিদিন"ৰ নামটো।কাজল মহন্তই এনেদৰে আঁহত পাতত অংকন কৰি দিয়া বিভিন্ন জনৰ নামৰ চিত্ৰই এতিয়া ছ'চিয়েল মেডিয়াত বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে।

একানপটীয়া প্ৰচেষ্টাৰ বলত হাতৰ লিহিৰি আঙুলিৰে চমক দেখুওৱাবলৈ সক্ষম হোৱা কাজল মহন্তই ইয়াৰোপৰি গুটি ধানত আঠা লগাই গহণা বনোৱা,গামোছাত ফুল তোলাৰ উপৰিও পেলনীয়া বটলৰ ওপৰত ৰং-তুলিকাৰে চকুত লগাকৈ বিভিন্ন চিত্ৰ আঁকি শিল্পী মনৰ প্ৰতিভা তুলি ধৰি আহিছে।চিত্ৰ অংকনৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা প্ৰায় দহ বছৰৰ পিছত চলিত লকডাউনে সম্ভাৱনাৰ দুৱাৰ খুলি দিয়া কাজল মহন্তই আকৌ এবাৰ প্ৰমাণ কৰি দেখুওৱালে যে মনত যদি দৃঢ়তা থাকে তেন্তে অসাধ্যকো সাধন কৰি দেখুওৱাব পৰা যায়।কাজল মহন্তৰ এই শিল্পী প্ৰতিভাক গহপুৰ মহকুমাবাসী ৰাইজে শলাগ লোৱাৰ লগতে তেওঁৰ ভৱিষ্যৎ উজ্বল কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in