বিজেপি বাৰ্তাঃ কাৰ ভুলৰ বাবে মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা…

বিজেপি বাৰ্তাঃ কাৰ ভুলৰ বাবে মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা…

এইবাৰ নেতাৰ মুখত নহয়। ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা অসমীয়া বিজেপি বাৰ্তাত মুখ্যমন্ত্ৰীক অপমান। হিমন্ত বিশ্ব শৰ্মাৰ ফটো দি বিজেপিয়ে লিখিলে মুখ্যমন্ত্ৰী বুলি। মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন…

মু্খ্যমন্ত্ৰী হ'ল নেকি হিমন্ত বিশ্ব শৰ্মা! আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ নকৰিলেও শাসকীয় দলটোৰ মতে অসমৰ মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি! বিজেপিৰ একাংশ নেতাই প্ৰায় সভা-সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা শুনা যায়। ধৰি লোৱা হয় এয়া জিভা পিচলি হোৱা ভুল।কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে যেতিয়া লিখিত ৰূপত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰূপে প্ৰতিষ্ঠা কৰে, তেতিয়া ইয়াৰ অন্তৰালত কিবা উদ্দেশ্য লুকাই থকাটো নিশ্চিত বুলি অনুমান কৰিব পাৰি।

অসম প্ৰদেশ বিজেপিয়ে প্ৰকাশ কৰে এখন মুখপাত্ৰ। নাম- অসমীয়া বিজেপি বাৰ্তা। কিছুদিনৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে উন্মোচন কৰিছিল এই মাহেকীয়া মুখপত্ৰখন। এই মুখপত্ৰৰে এটা শেহতীয়া সংখ্যাত হিমন্ত বিশ্ব শৰ্মাৰ আলোকচিত্ৰ সংলগ্ন কৰি তেওঁক মুখ্যমন্ত্ৰীৰূপে প্ৰতিষ্ঠা কৰা হৈছে।

মন্ত্ৰী হিমন্ত বিশ্বই কোৱাৰেন্টাইন কেন্দ্ৰত পৰিদৰ্শন কৰা এখন আলোকচিত্ৰ বিজেপিৰ মুখপত্ৰখনত প্ৰকাশ কৰি তলত লিখা হৈছে- মুখ্যমন্ত্ৰীৰ কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন। যিখন আলোকচিত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী উপস্থিত নাই। কিন্তু অতি আশ্বৰ্যজনকভাৱে হিমন্ত বিশ্বকেই যে মুখ্যমন্ত্ৰী সজোৱা হৈছে এই কথা স্পষ্ট হৈছে।

অসমীয়া বিজেপি বাৰ্তাত মুখ্যমন্ত্ৰী বুলি হিমন্তৰ ফটো

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে এই বিষয়টো সন্ধান কৰি জানিব পাৰে, অসমীয়া বিজেপি বাৰ্তাত সংলগ্ন কৰা এই আলোকচিত্ৰখন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও তেওঁৰ ফেচবুক পেজত আপলোড কৰিছে। ২০২০বৰ্ষৰ ১১মে'ত তেনে কেইবাখনো ফটো আপলোড কৰিছিল মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত লিখিছিল এইদৰে-

"স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা, সন্মানীয় সাংসদদ্বয় শ্ৰী তপন কুমাৰ গগৈ আৰু শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ উপস্থিতিত যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ৫০ খন বিচনাযুক্ত অত্যাধুনিক আই.চি.ইউ. উদ্বোধন কৰিলোঁ৷ভেন্টিলেটৰকে ধৰি আধুনিক বিবিধ যন্ত্ৰপাতিৰে সজ্জিত এই আই.চি.ইউ. ব্যৱস্থাই কোভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত আমাক অধিক সবল কৰিব৷"

১১ মে'ত যোৰহাটত আছিল হিমন্ত বিশ্ব শৰ্মা

বিজেপি বাৰ্তাত তাৰ পৰাই এখন আলোক চিত্ৰ সংগ্ৰহ কৰা হৈছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত তেওঁৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থকা বুলি কেতিয়াও উল্লেখ কৰা নাই। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা আৰু কামাখ্যা প্ৰসাদ তাছাৰ সৈতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫০খন বিচনাযুক্ত এটা আই চি ইউ কক্ষ উদ্ধোধন কৰিছিল সেইদিনা হিমন্ত বিশ্ব শৰ্মাই।

তাৰে এখন আলোক চিত্ৰকে মুখ্যমন্ত্ৰী সজাই প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিয়ে। ছবিখনত হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আৰু কাষত আছিল এজন বিশেষ ব্যক্তি। সেইজন আছিল কামাখ্যা প্ৰসাদ তাছা। সেই আলোক চিত্ৰ এইখন-

মুখ্যমন্ত্ৰী নহয়, কাষত আছিল কামাখ্যা প্ৰসাদ তাছা

ইমান ডাঙৰ ভুল কৰিব পাৰে জানো বিজেপিৰ একাংশ জ্যেষ্ঠ নেতা-কৰ্মীয়ে সম্পাদনা কৰা মুখপত্ৰখনত। মুখ্যমন্ত্ৰীৰ বিপৰীতে বেলেগৰ ফটো দিয়া আঁৰৰ ৰহস্য কি। প্ৰথমে সভাত বিজেপি নেতাই মুখ্যমন্ত্ৰী বুলি সম্বোধন কৰে হিমন্ত বিশ্ব শৰ্মাক। তাৰ পিছত এই বিজেপি বাৰ্তাত এই ভুল আকৌ ইচ্চাকৃতভাৱে কৰা হৈছে নেকি!

অসমীয়া বিজেপি বাৰ্তাত দ্বাদশ সংখ্যা, ১-৩০জুন ২০২০ত আছে এই আলোকচিত্ৰ। এই বিজেপি বাৰ্তাৰ সম্পাদকৰ দায়িত্ব আছে ড০ দেৱদত্ত বৰকটকী। ৰঞ্জন চক্ৰৱৰ্তী, প্ৰণৱ শইকীয়া, চিকিমিকি তালুকদাৰ, ধ্ৰুৱ শৰ্মা বৰুৱা, ড০ হীৰামণি ডেকা আদি আছে সদস্য হৈ।

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে প্ৰকাশ কৰে এই বাৰ্তা। তেনেস্থলত এয়া কেনেদৰে মানি লব এয়া সৰু ভুল বুলি। ১১মেত ২০২০ত মুখ্যমন্ত্ৰী যোৱা নাছিল যোৰহাটলৈ। সেইদিনা মুখ্যমন্ত্ৰীয়ে ভাগ লৈছিল প্ৰধানমন্ত্ৰীৰ সৈতে ভিডিঅ কনফাৰেন্সিঙত।

১১মে'ত প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত ব্যস্ত আছিল মুখ্যমন্ত্ৰী সোণোৱাল

ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা মুখপত্ৰতে মুখ্যমন্ত্ৰীক এনেদৰে অৱজ্ঞা কৰা হৈছেনে, নে বিজেপিৰে কোনো এক চক্ৰই প্ৰতিক্ৰিয়া চাবৰ বাবে এনে কৰিছে। সেই লৈও এতিয়া চৰ্চা হৈছে। কিয়নো, এবাৰ দুবাৰ নহয়, বহুবাৰ হিমন্ত বিশ্ব শৰ্মাক বহুতে মুখ্যমন্ত্ৰী সজাইছে।

বিজেপিৰ ভিতৰত চৰাত মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ দুই লবীত বিভক্ত হোৱাৰ কথ গুণা গথাঁ চলি আহিছে। কোনো কোনোৱে হিমন্ত বিশ্বকে ছুপাৰ চি এম বুলি অভিহিত কৰে। সেয়েহে বিষয়টো সহজভাৱে লোৱা নাই দলৰে একাংশ নেতা-কৰ্মীয়ে।

বিজেপিৰ এক শীৰ্ষ সূত্ৰই এনে কাৰ্যক অক্ষমণীয় আখ্যা দিছে। এয়া সাধাৰণ প্ৰিন্টিং ভুল নহয় বুলি উল্লেখ কৰি দলে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে। নহলে এদিন এই সৰু সৰু কথাবোৰৰ পৰাই খাণ্ডৱ দাহ হব বুলিও কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in