অসম সত্ৰ মহাসভাৰ উপ সভাপতি দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ দেহাৱসান…

অসম সত্ৰ মহাসভাৰ উপ সভাপতি দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ অসম সত্ৰ মহাসভাৰ উপ সভাপতি দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ দেহাৱসান। মঙলবাৰে পুৱা প্ৰায় ১০.১০ বজাত মৃত্যু হয় তেওঁৰ। নগাঁও জিলাৰ সত্ৰ মহাসভাৰো উপদেষ্টা তথা ভোটাইগাঁওস্থিত শ্ৰীশ্ৰী গজলা সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৰাকী অতি সংকটজনক অৱস্থাত জিএনআৰচি দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

ভেন্টিলেচন ছাপৰ্টত ৰখা সত্ৰাধিকাৰ গৰাকী কিডনী আৰু হৃদৰোগতো আক্ৰান্ত হৈ আছিল। উল্লেখ্য যে, বিগত ২ বছৰ কিডনী ৰোগত আক্ৰান্ত গোস্বামীয়ে ৰাজ্যৰ বাহিৰত উন্নত চিকিৎসা গ্ৰহণ কৰি প্ৰায় ৬ মাহ আগতে বহু পৰিমানে সুস্থ হৈ আহে যদিও ১৮ জুলাইত হঠাৎ অসুস্থ হৈ পৰাত তেওঁক নগাঁও জিডি হাস্পতালত প্রথমে ভৰ্তি কৰা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সোমবাৰে আবেলি গুৱাহাটীৰ জিএনআৰচি হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in