অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ

অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম সাহিত্য সভাৰ ৭৫সংখ্যক অধিবেশনখনিৰ শুৱালকুছিৰ আদৰণি সমিতিৰ গুৱাহাটী মহানগৰ এখনি সাধাৰণ সভা দেওবাৰে অনুষ্ঠিত হয়। আদৰণি সমিতিৰ গুৱাহাটী মহানগৰৰ এই সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ সমন্বয়ক তথা কামৰূপ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত কয়- শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিব পাৰিলে ভাল হয়। লগতে আগতে প্ৰদৰ্শন নোহোৱা বিষয় সম্পৰ্কে প্ৰদৰ্শন কৰাৰ চিন্তা কৰিব লাগে। কাৰ্যকৰী সভাপতি ভূপেন চন্দ্ৰ ভৰালীয়ে সভাপতিত্ব কৰা সাধাৰণ সভাখনিত কামৰূপ জিলাৰ উপ-সভাপতি বিষ্ণু ডেকা আৰু সম্পাদক দুৰ্গেশ্বৰ পাঠকে উপস্থিত থাকি সভাৰ সু পৰামৰ্শ আগবঢ়ায়।

অসমৰ সকলো জাতি জনগোষ্ঠীক সামৰি শুৱালকুছি গাঁৱত অনুষ্ঠিত হবলগীয়া ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ এই সাহিত্য সভাৰ অধিবেশন আটকধুনীয়াকৈ সজাই তোলা হৈছে বুলি লগতে উল্লেখ কৰে। ইফালে এই সভাত সমজুৱাৰ ফালৰ পৰা ভগৱান চন্দ্ৰ কলিতা, ডাঃ জগদীশ কাকতী, বিৰাজ মোহন দাস, জিতেন দাস, চিদানন্দ বৈশ্যৰ লগতে ধীৰাজমোহন দাসে ভাষণ প্ৰদান কৰে। সভাৰ সিদ্ধান্ত মৰ্মে গুৱাহাটী শাখা সমিতিৰ অধিবেশন পৰ্যন্ত ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এটি কাৰ্যালয় কক্ষ খোলাৰ ব্যৱস্থা কৰে। সদস্যসকলৰ মাজত অধিক সদস্য বঢ়োৱাৰ বাবে প্ৰ-পত্ৰও বিতৰণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in