অসম সাহিত্য সভাৰ সৃষ্টিৰ চ’ৰাঘৰঃ ‘সমাজৰ বিবেক জোকাৰি দিব পাৰে এটা কাৰ্টুনে’- ড০ কুলধৰ শইকীয়া…

অসম সাহিত্য সভাৰ সৃষ্টিৰ চ’ৰাঘৰঃ ‘সমাজৰ বিবেক জোকাৰি দিব পাৰে এটা কাৰ্টুনে’- ড০ কুলধৰ শইকীয়া…

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ সিংহপুৰুষ ৰাধাকোবিন্দ বৰুৱা সোঁৱৰণি সভাকক্ষত দেওবাৰে অনুষ্ঠিত কৰা হয় 'সৃষ্টিৰ চ'ৰাঘৰ' (কাৰ্টুনিষ্টৰ সান্নিধ্যত অংকন আৰু অভিজ্ঞতা) শীৰ্ষক অনুষ্ঠান। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই কয়- 'এটা কাৰ্টুনে এখন সমাজৰ বিবেকক জোকাৰি দিব পাৰে। সংবাদ মাধ্যমত কাৰ্টুন সাংবাদিকতা অত্যন্ত সবল শক্তিমান উপাদান। উপযুক্ত মান-মৰ্যাদাৰে এই উপাদান শক্তিশালী কৰি অসমৰ সংবাদ ক্ষেত্ৰকো অধিক শক্তিশালী ৰূপে গঢ় দিব পাৰি।'

অনুষ্ঠানটিত ড০ শইকীয়াই লগতে কয়- 'সবল শক্তিমান বৃহত্তৰ অসমীয়া জাতি এটা গঢ় দিবলৈ হ'লে আমি আমাৰ সূক্ষ্ম চিন্তা-চেতনাবোৰ সমাজৰ মাজলৈ আগবঢ়াই দিব পাৰিব লাগিব। কাৰ্টুনিষ্টসকলৰ যি চিন্তা-চেতনা সেই চিন্তা-চেতনাই আমাৰ সমাজৰ দিক নিৰ্ণয় কৰিব। সেয়ে আজি অসম সাহিত্য সভাই গুৱাহাটী ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এই অনুষ্ঠানৰ আয়োজন কৰি কাৰ্টুনিষ্টসকলক সন্মানিত কৰাই নহয়, তেওঁলোকৰ চিন্তা-চেতনাকো অধিক গুৰুত্ব দিয়া হৈছে।'

ইফালে, অনুষ্ঠানটিত বিশিষ্ট লেখক-সাংবাদিক প্ৰকাশ মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়- 'এডাল ৰেখাৰ দ্বাৰা বহু কথাই কৈ দিবলৈ সক্ষম হোৱা কাৰ্টুনিষ্টসকলে সাম্প্ৰতিক সময়ত শংকা আৰু প্ৰত্যাহ্বানৰ মাজেৰে দিন বিলাক অতিবাহিত কৰিব লগা হৈছে। আমি সেইসকল কাৰ্টুনিষ্টৰ প্ৰতিভা, তেওঁলোকৰ চিন্তা-চেতনাক বিশ্লেষণ কৰাত আমাৰ ক্ৰুটি ৰৈ গৈছে।'

অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁত ধৰা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে অংশগ্ৰহণ কৰি কয় যে- সাহিত্য সভাৰ আজিৰ এই ব্যতিক্ৰমী চিন্তাৰ অংশ, সমাজৰ সকলো স্তৰলৈ বিস্তাৰিত হোৱাৰ প্ৰয়োজন। বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকল সাহিত্য সভাৰ এই চিন্তাৰ অংশীদাৰী হ'লে কাৰ্টুন সাংবাদিকতাৰ প্ৰতি আদৰ-সন্মান নিশ্চিতভাৱে বৃদ্ধি পাব। আজিৰ অনুষ্ঠানত সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অবনীমোহন চহৰীয়া, কৰ্ণধাৰ সমিতিৰ সদস্য থানেশ্বৰ মালাকাৰ, প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সভাপতি মুকুল গগৈ, সাংস্কৃতিক সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, ৰাজ্যভাষা-মাতৃভাষা উপ সমিতিৰ আঞ্চলিক আহ্বায়ক গোপাল জালান, মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মাকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in