‘সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক’ : ড° কুলধৰ শইকীয়া

‘সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক’ : ড° কুলধৰ শইকীয়া

ডিজিটেল সংবাদ গুৱাহাটীঃ 'সৌৰভ কুমাৰ চলিহা গল্প সাহিত্যৰ নতুন দিশৰ উদ্ভাৱক ৷ তেওঁৰ গল্পই অসমৰ বহু খ্যাত গল্পকাৰক অনুপ্ৰাণিত কৰিছে ৷ নতুন প্ৰজন্মই তেওঁৰ সৃষ্টিক পুনৰ মূল্যায়ণ কৰি সেইসমূহৰ আস্বাদ ল'বলৈ আগবঢ়া আমি দেখিবলৈ পোৱাটো এক সুখৰ অনুভূতি ৷'- আজি অসম সাহিত্য সভাৰ উদ্যোগত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাগৃহত অনুষ্ঠিত সৌৰভ কুমাৰ চলিহাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত সভাপতি ড° কুলধৰ শইকীয়াই এইদৰে কয় ৷

সভাৰ প্ৰকাশন আহ্বায়ক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ সুদৰ্শন শৰ্মাই ভাষণ প্ৰসংগত কয়- 'সৌৰভ কুমাৰ চলিহা, অশান্ত ইলেকট্ৰন এই নামকেইটা নৱ প্ৰজন্মক সাংঘাটিক আকৰ্ষণ কৰে ৷ দৈনন্দিন জীৱনৰ শব্দ প্ৰয়োগ, প্ৰত্যহিক জীৱনৰ সৰু বৰ ঘটনাৰ আধাৰত চৰিত্ৰ নিৰ্মাণ তথা অভিনৱ কথনশৈলীৰে মনোজগতৰ আভাষ দাঙি ধৰাত পাঠকে নিজা ধৰণে অন্তৰংগতা অনুভৱ কৰে ৷'

'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে আৰম্ভ হোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অবনীমোহন চহৰীয়া, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, নাট পৰিচালক মানিক আহমেদ, দিশপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° সঞ্জীৱ কুমা শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ অশ্বিনী ফুকন আৰু ভায়েলিনা চহৰীয়াকে ধৰি বহুসংখ্যক লোকে প্ৰয়াত গল্পকাৰজনক সশ্ৰদ্ধ স্মৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in