নাগৰিকত্ব বিধেয়ক, ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম সাহিত্য সভাৰ বৈঠক…

নাগৰিকত্ব বিধেয়ক, ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম সাহিত্য সভাৰ বৈঠক…

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাই মঙলবাৰে প্ৰেৰণ কৰে এক প্ৰেছ বিবৃতি। কেন্দ্ৰই আইনত পৰিণত কৰিবলৈ ওলোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক, ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ , অসমীয়া ভাষা আৰু অসমৰ খিলঞ্জীয়া ভাষাৰ সংকট সন্দৰ্ভত আলোচনা কৰিবলৈ অসমৰ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাসমূহৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাৰ বিষয়ে অৱগত কৰিবলৈ প্ৰেৰণ কৰে এই বিবৃতিখন।

অহা ১২ জানুৱাৰী, ২০১৯ তাৰিখৰ পুৱা ১১ বজাত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত হ'ব এই বৈঠক। ভাৰতীয় সাৰ্বভৌমত্বৰ মূলাধাৰ হৈছে ধৰ্ম নিৰপক্ষে গণতন্ত্ৰ। এই মহান গণতন্ত্ৰক গেৰুৱাকৰণেৰে ধৰ্মতন্ত্ৰ কৰা কাৰ্য নিতান্তই দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰা হয় এই বিবৃতিখনত। ইয়াৰোপৰি অসম সাহিত্য সভাই এই বিধেয়ক আইন কৰিলে কোনো পধ্যেই মানি নলয় বুলিও উল্লেখ কৰে।

ইফালে, উক্ত সভাত কৰ্ণধাৰ সমিতিৰ সকলো সদস্য আৰু তিনিওগৰাকী মুখপাত্ৰক উপস্থিত থাকিবলৈ অনুৰোধ জনায়। সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ বাবে অন্যান্য জীতীয় সংগঠনসমূহৰ সৈতেও মত-বিনিময় কৰা হ'ব আৰু ঐক্যবদ্ধভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও এই বিবৃতিযোকে প্ৰকাশ কৰে সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু সম্পাদক পদুম ৰাজখোৱাই।

উল্লেখ্য যে, অসম সাহিত্য সভাই এই বিষয়ত ৭ জানুৱাৰীৰ বিয়লি সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য জাতীয় সংগঠনৰ সৈতে মত-বিনিময় কৰিছিল। আৰু এই আলোচনাত আছুৰ সৈতে সভাৰ বিষয়ববীয়াসকল মিলিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in