অসমীয়া ভাষা, সাহিত্য অতি চহকীঃ অসম সাহিত্য সভাৰ সমাৱৰ্তন, ২০১৯ত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়, VIDEO

অসমীয়া ভাষা, সাহিত্য অতি চহকীঃ   অসম সাহিত্য সভাৰ সমাৱৰ্তন, ২০১৯ত মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়া ভাষাৰ সৈতে মোৰ পৰিচয় আছে। মই অসমীয়া ভাষা কিছু পৰিমাণে ক'ব পাৰো। সাহিত্য সভাৰ এনে এক অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনাইছে। ই মোৰ বাবে গৌৰৱৰ কথা। মহানগৰীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বুধবাৰে অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সমাৱৰ্তন, ২০১৯ত উপস্থিত থাকি এই মন্তব্য কৰে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে। তেখেতে লগতে কয়, মোৰ পৰিয়ালৰ লোকে মঙলদৈত থাকি চাকৰি কৰিছিল। যাৰ বাবে মই অসমৰ সৈতে পৰিচিত হ'বলৈ সক্ষম হ'লো।

ৰাজ্যপালগৰাকীয়ে সাহিত্যৰ কথা কবলৈ গৈ কয়, অসমীয়া ভাষা, সাহিত্য অতি চহকী। মোৰ এই সাহিত্যৰ ক্ষেত্ৰত কোনো অৱদান নাই। তাৰ পিছতো এনে এক অনুষ্ঠানলৈ মোক মাতিছে। ই মোৰ বাবে আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ কথা।

বুধবাৰৰ এই অনুষ্ঠানটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, মিছিং সাহিত্য সভাৰ পুৰোধা ব্যক্তি নাহেন্দ্ৰ পাদুন আৰু সাহিত্যিক-নাট্যকাৰ-সমালোচক-শিক্ষাবিদ ডঃ পৰাগকুমাৰ ভট্টাচাৰ্যক 'সাহিত্যাচাৰ্য' আৰু ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক 'শিক্ষাচাৰ্য' সন্মান প্ৰদান কৰা হয়।

অনুষ্ঠানটোত তেওঁলোকৰ লগতে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা, ডঃ হেমন্ত কুমাৰ বৰুৱাৰ লগতে কেবাগৰাকী গণ্য মান্য ব্যক্তি। গ্ৰন্থৰ টোপোলা, জাপি, শৰাইৰে মেঘালয়ৰ ৰাজ্যপালগৰাকীৰ লগতে উপস্থিত বিশিষ্ট লোকসকলক সম্বৰ্ধনা জনোৱা হয়।

সভাখনত সন্মানীয় অতিথি প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই ভাষণত কয়, আজি সাহিত্য সভাৰ লগতে জাতীয় জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। ভাষা সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলক সম্বৰ্ধনা জনোৱা হ'ব আজি। এইয়া সাধাৰণ সন্মান নহয়। জীৱনজোৰা সাধনাক আমি সন্মান জনাওঁ। সমাজ তথা শিক্ষাৰ ক্ষেত্ৰত বৰঙণিৰ বাবে শিক্ষাচাৰ্য সন্মান দিছোঁ।

তেখেতে লগতে কয়, এই সন্মনসমূহ কোনো নেতাই নিৰ্বাচন কৰা বঁটা নহয়। এই সন্মানৰ বাবে এনে ব্যক্তি নিৰ্বাচিত হয় যাৰ সাধনা অৱদানক লৈ অসমবাসীৰ মাজত দ্বিধা নাথাকে। এটা জাতিৰ স্থিতি, অস্তিত্ব ৰাজপথৰ আন্দোলনে ৰক্ষা নকৰে। বৌদ্ধিক কামকাজেহে ৰক্ষা কৰে জাতিৰ অস্তিত্ব। বৌদ্ধিক আন্দোলন বা কামকাজে সমগ্ৰ সমাজখনক আগুৱাই আনে। সেই আন্দোলনক স্বীকৃতি দিয়া হৈছে। ই আমাৰ সভ্যতা, সংস্কৃতিক আগুৱাই নিয়াৰ বাবে সহায়ক হ'ব।

সন্মান গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, মিছিং সাহিত্য সভাৰ পুৰোধা ব্যক্তি নাহেন্দ্ৰ পাদুনে কয়, সাহিত্য সভাই মোক যি উপাধি দিলে তাৰ বাবে সভাক কৃতজ্ঞতা জ্ঞাপন কৰিছো। সাহিত্য সভা মোৰ অতি আপোন, প্ৰিয়। জীৱনৰ এটা দীৰ্ঘ সময় সাহিত্যৰ সৈতে জড়িত আছিলোঁ। মই অৱশ্যে একোৰে প্ৰতি লালায়িত নহয়। মোক যি সন্মান যাচিছে ইয়াক মই নেওঁচা দিব নোৱাৰো। যি সকলে সাহিত্য চৰ্চা প্ৰকৃততে কৰে তেওঁলোকে একোৰে প্ৰতি লালায়িত নহয়। কোনো প্ৰকৃত সাহিত্যিকে বঁটা পাম বুলি সাহিত্য চর্চা নকৰে। স্বীকৃতিয়ে মানুহক উদগণি দিয়ে।

ইফালে সন্মান গ্ৰহণ কৰি পৰাগ কুমাৰ ভট্টাচাৰ্যই নিজৰ অতীত সোঁৱৰে। তেখেতে কয়, সাহিত্য সভাই দিয়া এই সন্মান পাই মই ধন্য হৈছো। সাহিত্য সভাৰ প্ৰতি কৃতজ্ঞতা জনালো।

ইউএছটিএমৰ আচাৰ্য মহবুবুল হকেও সন্মান গ্ৰহণ কৰি কয়, এই সন্মান লাভ কৰি মই গৌৰৱ অনুভৱ কৰিছো। সাহিত্য সভাই এই সন্মান প্ৰদান কৰাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। উল্লেখ্য যে, এই অনুষ্ঠানৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুলোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in