সাহিত্যৰ বৰসবাহ এৰি ঘৰমূৱা হ’ল অগণন সাহিত্যানুৰাগী, অন্তিম দিনা জ্যোতিক্ষেত্ৰৰ পৰা মাজুলীলৈ নিয়া হ’ল সভাৰ পতাকা…

সাহিত্যৰ বৰসবাহ এৰি ঘৰমূৱা হ’ল অগণন সাহিত্যানুৰাগী, অন্তিম দিনা জ্যোতিক্ষেত্ৰৰ পৰা মাজুলীলৈ নিয়া হ’ল সভাৰ পতাকা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাহিত্যৰ বৰসবাহ এৰি ঘৰমূৱা হৈছে সাহিত্যসেৱী তথা অসম সাহিত্য সভাৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি। ক্ৰমাৎ নিজম পৰিবলৈ ধৰিছে বিগত প্ৰায় ১৫ দিন উখল মাখল হৈ থকা অসমৰ বস্ত্ৰনগৰী শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰ। বৰলুইটৰ পাৰৰ পৰা শুৱালকুছি চহৰৰ প্ৰায় আধা সামৰি বৃহৎ এলেকাত আটুম-টোকাৰিকৈ সজোৱা বিভিন্ন অনুষ্ঠানৰ মণ্ডপ, চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰদৰ্শনীস্থলী, গ্ৰন্থ বিপণী আৰু বস্ত্ৰমেলাৰে ৰমক-জমক হৈ থকা অসম সাহিত্য সভাৰ ৭৫ সংখ্যক অধিৱেশনথলীত বিগত দিন কেইটাত সৃষ্টি হৈছিল এক উদুলি-মুদুলি পৰিৱেশ।

জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অগণন লোকে অংশ লোৱা সাহিত্য সভাত এইবাৰৰ ব্যতিক্ৰম আছিল ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অংশ লোৱাৰ বিপৰীতে নাছিল কোনো ৰাজনৈতিক নেতা মন্ত্ৰীৰ দপদপনি। ইয়াৰ বিপৰীতে প্ৰায় প্ৰতিটো দিনে বিভিন্ন বিশিষ্ট ব্যক্তিৰ নামত উৎসৰ্গিত মণ্ডপত ৰাজহুৱা সভাৰ সলনি অনুষ্ঠিত হৈছিল ভাষা, সাহিত্য, শিক্ষা, সংস্কৃতি, বিজ্ঞান, বুৰঞ্জী, কবিতা, গল্প, উপন্যাস বিষয়ক বিভিন্ন আলোচনাৰ লগতে ডিজিটেল মাধ্যমৰ পৰা চপা মাধ্যমলৈ সামৰি সংবাদক্ষেত্ৰৰ বিভিন্ন বিষয়ো সামৰি লোৱা হৈছিল।

শ বিঘাৰো অধিক ভূমিত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনখনিত অন্তিম দিনা (মঙলবাৰে) কেবাটাও মণ্ডপত অনুষ্ঠিত হয় বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ অনুষ্ঠিত হ'লেও পুৱাৰ ভাগত কবি সুশিল শৰ্মা সাহিত্য মঞ্চত অনুষ্ঠিত হয় বাণীকান্ত কাকতি সোঁৱৰণি সাহিত্য সমালোচক সন্মিলন। ডঃ প্ৰদীপজ্যোতি মহন্তই সঞ্চালনা কৰা এই কাৰ্যসূচীত কুৰিৰো অধিক লোকে অংশ লয়।

মায়াৰাম তামুলী সাংবাদিক সন্মিলন 'অৰুণোদই' আৰু লহ্মীনাথ ফুকন সাংবাদিক বঁটাৰ লগতে পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা আৰু কীৰ্তিনাথ হাজৰিকা বঁটা প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী উপাচাৰ্য মৃদুল হাজৰিকাই উদ্বোধন কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো সঞ্চালনা কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।

এই অনুষ্ঠানত লক্ষ্মীনাথ ফুকন সাংবাদিক বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক-নিবন্ধকাৰ প্রশান্ত ৰাজগুৰুক। কৃতীনাথ হাজৰিকা বঁটা প্ৰদান কৰা হয় বেদব্ৰত বিশ্ব আৰু বিপুল ডেকাক। ঠিক তেনেদৰে পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা প্ৰদান কৰা হয় বশিষ্ঠ দেৱ ফুকন, তপন কুমাৰ বৰা আৰু মনোৰঞ্জন বড়িক।

এই অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াই সাংবাদিকসকলৰ কামকাজৰ প্ৰশংসা কৰে। তেখেতে কয়, সাংবাদিকসকলৰ কাম কাজৰ ভিন্নতা থাকে। তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে কেনেদৰে ৰাইজৰ মাজত বিষয় এটা উপস্থাপন কৰিব আৰু কেনেদৰে উপস্থাপন কৰিলে ৰাইজে বুজি পাব সেইদৰে সাংবাদিকে কথাবোৰ কব বিচাৰে। সাংবাদিকটাৰ বহুতো ভাগ ভাগ আছে বুলিও তেখেতে উল্লেখ কৰে। বাতৰি কাকতত ফটো এখনৰ কিমান গুৰুত্ব থাকে সেই প্ৰসংগটো তেখেতে কয়।

বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই সঞ্চালকৰ আসন গ্ৰহণ কৰি অসম সাহিত্য সভাৰ দ্বাৰা সন্মানিত হোৱা সাংবাদিকসকলৰ লগতে নৱ নিৰ্বাচিত সভাৰ বিষয়ববীয়াসকলক অভিনন্দন জনায়। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে লগতে অসম সাহিত্য সভাৰ অতীতৰ কিছু কথাও অৱতাৰণা কৰে।

অসম সাহিত্য সভাৰ সদ্য প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে সমাজক অন্য মাত্ৰা দিব পাৰে। সাংবাদিকসকলে অশেষ কষ্ট কৰি তেওঁলোকৰ দায়িত্ব পালন কৰে। সেই অনুসৰিয়ে সাংবাদিকসকলক এনেদৰে বঁটা প্ৰদান কৰি তেওঁলোকৰ যি কষ্ট সেয়াক আমি শ্ৰদ্ধা জনাইছো।

তেখেতে লগতে 'অৰুণোদই' নামৰ অনুষ্ঠানটো কিয় অনুষ্ঠিত কৰিবলৈ অসম সাহিত্য সভাই আৰম্ভ কৰিলে সেই প্ৰসংগতো কয়। তেখেতে কয়, অসম সাহিত্য সভাত কাহানিও ৰাজনৈতিক হস্তক্ষেপ পৰা নাই। কাহানিও সাহিত্য সভাত ৰাজনৈতিক হস্তক্ষেপ পৰিবলৈ দিয়া নহ'ব। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকে সাহিত্য সভাৰ মজিয়াত ভাগ ল'ব পাৰিব।

তেখেতে লগতে কয়, তথ্য আৰু গ্ৰন্থ সদায় থাকি যায়। সেইবাবে আমি সাংবাদিকসকলক নিমন্ত্ৰণ জনাইছো। আমি এইসমূহ তথ্য সংগ্ৰহ কৰিছো। শুৱালকুছি চিৰদিনৰ বাবে জিলিকি থাকিব লাগিব। ইফালে তেখেতৰ লিখিত ভাষণত ৰাজবংশীয়ে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। অসম আন্দোলন, শ্বহীদৰ মৃত্যুৰ পৰা বিভিন্ন দিশ সামৰি সভাপতিগৰাকীয়ে লিখিত ভাষণত অতীতৰ প্ৰসংগ উত্থাপন কৰে।

এই অনুষ্ঠানতে মঙলবাৰে কনকলাল বৰুৱা সোঁৱৰণি বুৰঞ্জী সন্মিলন অনুষ্ঠিত হয় ভাষাবিদ ড০ ভগৱান মৰল মঞ্চত। ড০ ৰাজেন শইকীয়াই উদ্বোধন কৰা আৰু ড০ মনোৰমা শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত ইতিহাস অধ্যয়নৰ আনন্দ বিষয়ত আলোচনা কৰা হয়। ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা মঞ্চত দুপৰীয়া ভাগত অনুষ্ঠিত হয় চামছিং হান্সে সোঁৱৰণি আজীৱন সভ্য সমাৰোহ। কবি সুশীল শৰ্মা সাহিত্য মঞ্চত ভদ্ৰ বৰা সোঁৱৰণি হাস্য-ব্যংগ সাহিত্য সন্মিলন আৰু ফণী তালুকদাৰ-ডলী তালুকদাৰ হাস্য-ব্যংগ সাহিত্য বঁটা প্ৰদান অনুষ্ঠানো মঙলবাৰে অনুষ্ঠিত হয়। ড০ অঞ্জনজ্যোতি চৌধুৰীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোকক বঁটা প্ৰদান কৰা এই অনুষ্ঠানটো সঞ্চালনা কৰে প্ৰভাত গোস্বামীয়ে।

মঙলবাৰৰ অসম সাহিত্য সভাৰ অন্যতম মুখ্য আকৰ্ষণ স্বৰূপ আছিল চন্দ্ৰনাথ শৰ্মা সোঁৱৰণি যুৱ সতীৰ্থ সন্মিলনঃ তোৰে মোৰে আলোকৰে যাত্ৰা। ৰাজ্যৰ কেইবাগৰাকী ছাত্ৰ নেতা তথা যুৱ নেতাই অংশ লোৱা অনুষ্ঠানটোত সাংবিধানিক ৰক্ষাকৱচ আৰু অসমৰ অসমীয়া বিষয়ত আলোচনা কৰা হয়।

বিয়লি ভাগলৈ অনুষ্ঠিত হোৱা আন কেইটামান অনুষ্ঠান হৈছে- ড০ জ্যোতিপ্ৰসাদ মেধি সোঁৱৰণি অসমীয়া বিজ্ঞান সাহিত্য আৰু অনিল শৰ্মা বঁটা প্ৰদান, কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণি অনুবাদক সন্মিলন আৰু বিশেষ অনুবাদ সন্মান প্ৰদান, অসম সাহিত্য সভাৰ সেউজ যাত্ৰাৰ বিশেষ অনুষ্ঠান। উল্লেখ্য যে, মঙলবাৰে নিশাৰ ভাগলৈ অনুষ্ঠিত হ'ব দীপালি বৰঠাকুৰ সাংস্কৃতিক অনুষ্ঠান। অতুল চন্দ্ৰ বৰুৱা মুল মঞ্চত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানটোত ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে লোকগীত তথা স্থানীয় বিভিন্ন গীতমাতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব।

অসম সাহিত্য সভাত পূৰ্বৰ তুলনাত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰম পৰিৱেশ। প্ৰয়োভৰ কমিছে ৰাজনৈতিক নেতাৰো। সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত কৰাৰ নামত বহু টকাৰ ব্যয় হৈছে যদিও নিয়াৰি আৰু পৰিস্কাৰকৈ সম্পন্ন হোৱা দেখিবলৈ পোৱা গ'ল আটাইকেইদিনৰ কাৰ্যসূচী। স্বেচ্চাসেৱকসকলেও তেওঁলোকৰ নিজ নিজ কামসমূহ সুন্দৰকৈ সম্পন্ন কৰিছে।

যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদযাপন সমিতিৰ সভাপতি আছিল, তথাপিও একাংশ লোকৰ কা বিৰোধী প্ৰতিবাদৰ বাবেই হওঁক বা আন কাৰণতে হওঁক সাহিত্য সভাৰ কোনো দিনৰে কাৰ্যসূচীলৈ নগ'ল মন্ত্ৰীগৰাকী। তাৰ পৰিৱৰ্তে কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা জিলা উপায়ুক্তগৰাকীয়েই সকলো দায়িত্ব পালন কৰে।

মন্ত্ৰীগৰাকী উপস্থিত নোহোৱাৰ বিষয়টোৱে সাহিত্য সভাত ৰাজনীতিকৰ প্ৰয়োভৰ হোৱা বুলি সাহিত্যানুৰাগীসকলৰ মাজত উদ্বেগ হোৱা চিন্তা কিছু পৰিমাণে আতৰ কৰাত সহায়ক হ'ল। ইফালে মন্ত্ৰীগৰাকীৰ একাংশ অনুৰাগী ক্ষুন্নও হোৱা দেখা গৈছে। মঙলবাৰে মন্ত্ৰীগৰাকীৰ মাতৃ তথা সাহিত্যিক, নৱ নিৰ্বাচিত অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীক মঞ্চত উপস্থিত থকা দেখা গ'ল।

সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বানান ভুল হোৱা বিষয়টোৱে বিগত দুদিন ধৰি বিশেষ চৰ্চা লাভ কৰিছিল। সেই বানান ভুল হোৱা প্ৰসংগত মঙলবাৰে মুখ খোলে পৰমানন্দ ৰাজবংশীয়ে। অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ স্মৃতি গ্ৰন্থত ৰৈ যোৱা ভুল বানান, অধিৱেশনৰ কাৰ্যসূচীলৈ প্ৰাক্তন সভাপতিক আমন্ত্ৰণ নজনোৱা আৰু চিঠিত নাম ছপা নকৰাকৈয়ে অতিথিক আমন্ত্ৰণ জনোৱা আদি কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। সাহিত্য সভাৰ দৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ এনে দায়িত্বহীন কৰ্মকাণ্ডক বিভিন্নজনো সমালোচনা কৰিছে। তাৰ পিছতে মঙলবাৰে সাহিত্য সভাৰ ভুলৰ বাবে ক্ষমা খোজে সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

ৰাজবংশীয়ে ভুলৰ সমস্ত দায়িত্ব স্বীকাৰ কৰি লয় আৰু তাৰ বাবে ক্ষমা খোজে। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক অধিৱেশনৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ নজনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ নিজে ফোন কৰিছিল আৰু শাৰীৰিক অসুস্থতাৰ বাবে শ্বাহে আহিব খোজা নাছিল বুলি জনায় ৰাজবংশীয়ে। তেওঁ কয়, 'ইমৰাণ শ্বাহক মই ফোন কৰি আমন্ত্ৰণ জনাইছিলো। কিন্তু তেখেত অসুস্থ বুলি ক'লে। তেখেতে আহিব বিচৰা হ'লে মই নিজেই তেখেতক অনাৰ ব্যৱস্থা কৰিলোহেঁতেন।'

স্মৃতিগ্ৰন্থত ৰৈ যোৱা বানানৰ বিসংগতি সন্দৰ্ভত ৰাজবংশীয়ে কয়, 'স্মৃতিগ্ৰন্থৰ সম্পাদনাৰ দায়িত্ব সকলক কোৱা হৈছিল যে প্ৰকাশৰ পূৰ্বে আমাক দেখুৱাব লাগিব। কিন্তু তেওঁলোকে সেয়া নকৰিলে বাবেই ভুল ৰৈ গ'ল। মই এই সমগ্ৰ ভুলৰ দায়িত্ব মূৰ পাতি লৈছো।'

ইফালে অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিবেশন অনুষ্ঠিত হ'ব মাজুলীত। মঙলবাৰে সন্ধিয়া ৫ বজাৰ লগে লগে শুৱালকুছি জ্যোতি ক্ষেত্ৰত অসম সাহিত্য সভাৰ পতাকা নমাই সেই পতাকা মাজুলী সাহিত্য সভাৰ হাতত বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে অৰ্পণ কৰে। পতাকা লৈ মাজুলী সাহিত্য সভাৰ প্ৰতিনিধিসকল মাজুলীলৈ ৰাওনা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in