১৭ আৰু ১৮ আগষ্টত নাৰায়ণপুৰত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন…

১৭ আৰু ১৮ আগষ্টত নাৰায়ণপুৰত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: অসম সাহিত্য সভাৰ দুবছৰীয়া কাৰ্যকালৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশনখনি অহা শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত হ'ব। নাৰায়ণপুৰৰ মাধবদেব বিশ্ববিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিবেশনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে বিয়লি ৫ বজাত উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰিবলগীয়া প্ৰথম দিনৰ কাৰ্যসূচীত পৰিচয় পৰ্ব আৰু অতিথি আদৰণি, "কুঁহি " অনুষ্ঠানৰ শিশুসকলৰ দ্বাৰা কবিতা আবৃত্তি, অসম সাহিত্য সভাৰ বিষয়ববীয়া আৰু আদৰণি সমিতিৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠানৰ পিছতে কাৰ্যনিৰ্বাহক অধিবেশন উপলক্ষে প্ৰকাশ পাব লগা স্মৃতি গ্ৰন্থ উন্মোচন কৰিব মাধবদেব বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ দিবাকৰ চন্দ্ৰ ডেকাই।

নিশালৈ নাৰায়ণপুৰৰ বদলা পদ্মআতা কৃষ্টি সংঘৰ শিল্পী সকলৰ দ্বাৰা কেলি গোপাল ভাওনা প্ৰদৰ্শন কৰিব। আনহাতে দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। পুৱা ৯ বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰী আৰু সাহিত্যিক দীননাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰিব লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সপোন কুমাৰ দত্তই আৰু বন্তি প্ৰজ্বলন কৰিব স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই।

তাৰ পাছত ১০-৩০ বজাৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। সভাৰ আৰম্ভণিতে আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰিব। শুকুৰবাৰে আদৰণি সমিতিয়ে নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ কাৰ্যালয় পৰাগ কুমাৰ দাস স্মৃতি ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন যাবতীয় প্ৰস্তুতি সম্পৰ্কে বিতংভাৱে ব্যাখ্যা কৰে ।

অধিবেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে ইতিমধ্যে আদৰণি সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি উল্লেখ কৰি আদৰণি সমিতিয়ে জনোৱাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কাৰ্যনিৰ্বাহক অধিবেশনত অংশগ্ৰহণ কৰিবলগীয়া দুই শতাধিক অতিথিক আদৰিবলৈ ইতিমধ্যে আদৰণি সমিতি সাজু হৈ উঠিছে বুলিও উল্লেখ কৰে ।

আদৰণি সমিতিৰ সম্পাদক উপেন হাজৰিকাই আতধৰা সংবাদমেল খনত আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা, উপ সভাপতি গোলাপ বৰুৱা,বিত্ত উপ সমিতিৰ সভাপতি অচ্যুত শইকীয়া,কাৰ্যকৰী সভাপতি প্ৰবীণ শৰ্মা, যুটীয়া সম্পাদক ভবানী শইকীয়া,ব্যৱস্থাপনা উপ সমিতিৰ সভাপতি বীৰেন্দ্ৰজ নাথ ভাগৱতী, উপ সভাপতি ঘন হাজৰিকা, সম্পাদক কৃষ্ণমাধৱ শইকীয়া, সহকাৰী সম্পাদক দিপান্ত কাকতি, স্মৃতি গ্ৰন্থ উপ সমিতিৰ সহযোগী সম্পাদক জগত গগৈ, মঞ্চ আৰু প্ৰেক্ষাগৃহ উপ সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ শইকীয়া,যুটীয়া সম্পাদক নিতুল বৰুৱা, বিনোদ তামুলী আৰু হেমন্ত গগৈ, মনোজ বৰা প্ৰমুখ্যে আদৰণি সমিতিৰ বিষয়-ববীয়া সকল উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in