অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশনৰ সামৰণি…

অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশনৰ সামৰণি…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধবদেব বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশনখনিৰ দেওবাৰে সামৰণি পৰে। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিবেশনখনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে বিয়লি ৫ বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ হয় ।

অসম সাহিত্য সভাৰ সভাপতি ড.পৰমানন্দ ৰাজবংশীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে স্থানীয় মহিলা শিল্পী সকলৰ দ্বাৰা পৰিবেশিত চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে । ইয়াৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অধিবেশনস্থলীত উপস্থিত হোৱা অতিথি সকলৰ আদৰণী আৰু পৰিচয় পৰ্ব, অন্তৰংগ আলাপ অনুষ্ঠানৰ পিছতে সত্ৰীয়া সংস্কৃতিৰ সাধক উপেন বৰুৱাৰ পৰিচালনাৰে শ্ৰী শ্ৰী বদলা পদ্মআতা কৃষ্টি কেন্দ্ৰৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ "কেলি গোপাল" ভাওনা প্ৰদৰ্শন কৰে ।

উক্ত অনুষ্ঠানতে ড০ পৰমানন্দ ৰাজবংশীয়ে পিছলা শাখা সাহিত্য সভাৰ মুখপত্ৰ "পিছলাপাৰৰ জোনাক " আৰু মাধবদেব বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড.দিবাকৰ চন্দ্ৰ ডেকাই কাৰ্যনিৰ্বাহক অধিবেশন উপলক্ষে আদৰণি সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "নাৰায়ণপুৰ " আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।

আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড.পৰমানন্দ ৰাজবংশীয়ে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰী আৰু সাহিত্যিক দীননাথ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে আদৰণী সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই ।

স্থানীয় মহিলাসকলে পৰিবেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰাৰ পিছতে আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে । ইয়াৰ পিছতে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন অনুষ্ঠিত হয় ।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু আদৰণী সমিতিৰ সম্পাদক উপেন হাজৰিকাই আঁত ধৰা সভা খনত পৰৱৰ্তী শুৱালকুচি অধিবেশনৰ লগতে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰা, বৃহৎ নদীবান্ধ বন্ধ কৰা, অসমৰ বান-গড়াখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষনা কৰা, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰাকে ধৰি কেবাটাও অসমৰ জলন্ত সমস্যা সন্দৰ্ভত আলোচনা হোৱাৰ লগতে প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই কোনো দিন আপোচ কৰা নাই আৰু নকৰে বুলিও সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ।

সভাই পৰৱৰ্তী ২০২১ চনত হ'ব লগা অসম সাহিত্য সভাৰ মধ্যকালীন অধিবেশন খন মাজুলী জিলা সমিতিৰ আমন্ত্ৰণ ক্ৰমে এটকা মহন্তৰ ঠাই মাজুলীত অনুষ্ঠিত কৰা আৰু ২০২২ চনত অনুষ্ঠিত হব লগা পূৰ্ণাংগ অধিবেশন খন লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰু বিশ্বনাথ জিলাৰ গহপুৰ বাসীয়ে আমন্ত্ৰণ কৰাৰ পৰিপ্ৰেক্ষিতত নাৰায়ণপুৰক অগ্ৰাধিকাৰ দিয়াৰ কথা ঘোষণা ৰাজহুৱাকৈ কৰে ।

সভাত পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামী, উপসভাপতি ড০ হেমন্ত কুমাৰ বৰুৱা, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাছা, ধনভড়ালী কনক কুমাৰ বৰা, শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি সূৰ্য হাজৰিকা, প্ৰাক্তন উপ-সভাপতি ভূপেন শইকীয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকা প্ৰমুখ্যে বিভিন্ন জিলা সভাৰ পৰা অহা দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in