মাজত মাত্ৰ এদিনঃ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ….

মাজত মাত্ৰ এদিনঃ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ  প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ….

ডিজিটেল ডেস্কঃ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনখনি পাঁচদিনীয়া কাৰ্যসূচীৰে অহা ৩১ জানুৱাৰীৰ পৰা বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হ'ব।

৩১ জানুৱাৰীৰ পৰা মে ডাম মে ফিৰ অনুষ্ঠানেৰে আৰম্ভ হ'বলগীয়া অধিৱেশনখনিৰ ২ ফেব্ৰুৱাৰীত পুৱা ৮.৪৫ বজাত সভাৰ ঐতিহ্যমণ্ডিত মূল পতাকা উত্তোলন কৰিব সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক লৈ দিনৰ ১১ বজাত এক শোভাযাত্ৰা উলিওৱা হ'ব উক্ত দিনটোত। সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক সোঁৱৰণি প্ৰথম মুকলি অধিবেশনত সভাপতি পৰমানন্দ ৰাজবংশীয়ে নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক সভাপতি আসনত উপবিষ্ট কৰাব।

এই মুকলি অধিবেশন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে। সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংছি ৩ ফেব্ৰুৱাৰী তাৰিখে অম্বিকাগিৰি ৰায় চৌধুৰী দ্বিতীয় মুকলি অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অধিবেশনতে প্ৰসিদ্ধ মাৰাঠী সাহিত্যিক বিশ্বাস পাটেলক ড০ ইন্দিৰা গাোস্বামী (মামনি ৰয়ছম গোস্বামী) ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰিব।

নুমলীগড় ৰিফাইনাৰীৰ সহযোগত অনুষ্ঠিত কৰা এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত হিন্দী কবি-সাহিত্যিক পদ্মশ্ৰী লীলাধৰ জাগুৰী। নুমলীগড় ৰিফাইনাৰীৰ পৰিচালক সঞ্চালক সোমেন্দ্ৰ কুমাৰ বৰুৱাও এই অধিবেশনত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।

৪ ফেব্ৰুৱাৰীত চন্দ্ৰনাথ ব্ৰহ্ম সতীৰ্থ সন্মিলনলৈ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমৰ সমুহ যুৱ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ জনাইছে অসম সাহিত্য সভাই। অসমৰ বিভিন্ন জাতীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিবলৈ অধিবেশনৰ বিভিন্ন কাৰ্যসূচীলৈ অতিথি ৰূপে সভাপৰ প্ৰাক্তন সভাপতি, উপসভাপতি , প্ৰধান সম্পাদক, উত্তৰপূবৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল, সদৌ অসম কৰ্মচাৰী পৰিষদ, অসম কলেজ অধ্যক্ষ পৰিষদ, অসম কলেজ শিক্ষক সন্থাকে ধৰি বহু কেইটা সংস্থাক আমন্ত্ৰণ জনোৱা হৈছে।

যোৱা সোমবাৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ লগত অহা কেন্দ্রীয় সমিতিৰ এটা সঁজাতী দলে শুৱালকুছি জ্যোতিক্ষেত্র পৰিদর্শন কৰি প্রস্তুতিৰ বুজ লয়৷ শুৱালকুছি অধিৱেশনে অসম সাহিত্য সভাক এক নতুন গতি প্ৰদান কৰিব বুলি সাংবাদিকৰ সন্মুখত মন্তব্য কৰে ৰাজবংশীয়ে।

লগতে ৰাজবংশীয়ে সাংবাদিকৰ আগত কয়, মহাসমন্বয়ৰ মহামিলনৰ স্থানত পৰিণত হ'ব এই অধিৱেশন৷ শুৱালকুছিৰ সুনাম বিশ্বত জিলিকি উঠিব৷ পাট–মুগা বস্ত্রই বিশ্ববাসীৰ আদৰ পাব৷ তেওঁ সমগ্র অসমত ১৫০০খন সক্রিয় শাখা সাহিত্য সভা থকাৰ কথা উল্লেখ কৰি ইয়াৰ পৰা প্রায় তিনি হাজাৰ প্রতিনিধিয়ে শুৱাকুছি অধিৱেশনত অংশগ্রহণ কৰিব বুলি সদৰী কৰে সভাপতিগৰাকীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in