বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ মৃত্যুত অসম নাট্য সন্মিলনৰ শোক প্ৰকাশ…

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ মৃত্যুত অসম নাট্য সন্মিলনৰ শোক প্ৰকাশ…

ডিজিটেল ডেস্কঃ বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ দেহাৱসানে শোকৰ ছাঁ পেলাইছে অসমৰ নাট্যজগতত। শেহতীয়াকৈ বৰুৱাৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সেৱাব্ৰত বৰুৱাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে অসম নাট্য সন্মিলনে। অসম নাট্য সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা বৰ্তমানৰ উপদেষ্টাৰ দায়িত্বত থকা সেৱাব্ৰত বুৰৱাৰ মৃত্যুক এক অপূৰণীয় ক্ষতি বুলি শোক ব্যক্ত কৰিছে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে।

এক প্ৰেছ বিবৃতিযোগে অসম নাট্য সন্মিলনে শোক ব্যক্ত কৰে যে, অসমৰ নাট্য আন্দোলনক সমৃদ্ধ কৰি বৰুৱাদেৱে আগবঢ়োৱা অবদান আৰু শ্ৰম আমাৰ বাবে চিৰ স্মৰণীয় আৰু অনুকৰণীয় হৈ থাকিব ৷তেখেতৰ মৃত্যুত অসম নাট্য সন্মিলনৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহি আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷

উল্লেখ্য যে, GMCHত মৃত্যু হোৱাৰ বিশিষ্ট নাট্যাকাৰ গৰাকীৰ শেষকৃত্য সম্পন্ন হব বিহপুৰীয়াত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in