বন্ধৰ দিন নহয়, কৰ্মৰ দিন হিচাপে লাচিত দিৱস উদযাপন কৰিব জাতীয় বিদ্যালয়ে..

বন্ধৰ দিন নহয়, কৰ্মৰ দিন হিচাপে লাচিত দিৱস উদযাপন কৰিব জাতীয় বিদ্যালয়ে..

ডিজিটেল ডেস্কঃ অহা ২৪ নৱেম্বৰ অৰ্থাৎ বুধবাৰে অসম জাতীয় বিদ্যালয়ত ব্যতিক্রমী ধৰণেৰে 'লাচিত দিৱস' উদযাপন কৰিবলৈ লোৱা হৈছে। অসমীয়া জাতিৰ কর্মোদ্যম আৰু বীৰত্বৰ প্রতীকস্বৰূপ আহোম সেনাপতি লাচিত বৰফুকনৰ কৰ্ম আৰু আদৰ্শৰ সৈতে শিক্ষার্থী সকলক পৰিচিত কৰোৱাৰ উদ্দেশ্যে সম্পূর্ণ কোভিড বিধিৰে এই দিৱস অনুষ্ঠিত কৰা হ'ব।

লাচিত বৰফুকনৰ কর্মনিষ্ঠতা আৰু সময়ানুবর্তিতাৰ আদৰ্শ সাৰোগত কৰি সেইদিনা বিদ্যালয়ৰ পাঠদান কার্যাসূচী নিয়মীয়াকৈ চলিব। পাঠদান কার্যসূচী সমাপ্ত হোৱাৰ পাছতহে বিয়লি ২:৪০ বজাৰ পৰা দিবসৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ'ব। বিদ্যালয়ৰ নিয়মীয়া সময়সূচীৰ উপৰি শিক্ষার্থী আৰু শিক্ষক-কৰ্মচাৰীসকলে 'লাচিত দিৱস'ৰ দিনটোত এঘণ্টাকৈ অধিক সময় বিদ্যালয়ত কাৰ্য্যসূচীৰ বাবে উপস্থিত থাকিব।

এই কাৰ্য্যসূচীত বীৰ লাচিতৰ প্রতিকৃতিৰ সন্মুখত মাল্যাৰ্পণ, শ্রদ্ধা নিবেদনৰ উপৰি লাচিত বৰফুকনকে আদি কৰি আন বীৰ-বীৰাংগণা সকলৰ বীৰগাঁথা, আদর্শ, তেওঁলোকৰ জীৱন-কৃতি আদিতো আলোকপাত কৰা হ'ব। বিদ্যালয় ছুটীৰ পাছত শ্ৰেণী কোঠাতেই আয়োজন কৰা এই অনুষ্ঠানত পঞ্চম শ্রেণীৰ পৰা একাদশ শ্রেণীৰ শিক্ষার্থীসকলে অংশগ্রহণ কৰি দেশপ্রেমমূলক গীত-মাত, বক্তৃতাকে আদি কৰি সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in