উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলঃ অসম জাতীয় বিদ্যালয়ৰ ১০০শতাংশই উৰ্ত্তীণ…

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলঃ অসম জাতীয় বিদ্যালয়ৰ ১০০শতাংশই উৰ্ত্তীণ…

ডিজিটেল ডেস্কঃ শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসম জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষাৰ্থীয়ে উৰ্ত্তীণ হৈছে। ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ ৩৯গাকী শিক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগ লাভ কৰি উৰ্ত্তীণ হৈছে।

ইয়াৰে ২৩গৰাকী ৯০শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। ইংৰাজী বিষয়ত ৩৯গৰাকীৰ ভিতৰত ৩৮গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে অসমীয়াত ৩২গৰাকীৰ ভিতৰত ৩২গৰাকী , বিকল্প ইংৰাজীত ৭গৰাকীৰ ভিতৰত ৭গৰাকী, পৰ্দাথ বিজ্ঞানত ৩৯গৰাকীৰ ভিতৰত ৩৯, গণিতত ৩৯গৰাকীৰ ভিতৰত ৩৯, জীৱবিজ্ঞানত ২৫গৰাকীৰ ভিতৰত ২৫গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে।

ইফালে পৰিসংখ্যাত ৪গৰাকীৰ ভিতৰত ২গৰাকী, কম্পিউটাৰ বিজ্ঞানত ১১গৰাকীৰ ভিতৰত ১০গৰাকীৰ সৈতে বিজ্ঞান শাখাত লেটাৰ নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ২৩১গৰাকী। আনহাতে কলা শাখাত ৫৪গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫৪গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে। ইয়াৰে ৫৪গৰাকীৰ ভিতৰত ৪৫গৰাকীয়ে ইংৰাজী বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে।

অসমীয়াত ৫০গৰাকীৰ ভিতৰত ৪৭, বিকল্প ইংৰাজী ৪গৰাকীৰ ভিতৰত ৩গৰাকী, অৰ্থনীতিত ৪৬গৰাকীৰ ভিতৰত ৪২গৰাকী, শিক্ষাত ৫২গৰাকীৰ ভিতৰত ৪৪গৰাকী, ৰাজনীতি বিজ্ঞানত ৫২গৰাকীৰ ভিতৰত ৫২গৰাকীৰ ভিতৰত ৪৭গৰাকী, তৰ্ক আৰু দৰ্শন শাস্ত্ৰত ৫২গৰাকীৰ ভিতৰত ৫১গৰাকী, ইতিহাসত ০৮গৰাকীৰ ভিতৰত ০৬গৰাকী, পৰিসংখ্যাত ২গৰাকী, গণিতত ২গৰাকী, কম্পিউটাৰ বিজ্ঞানত ২গৰাকীৰ সৈতে কলা শাখাত মুঠ লেটাৰৰ সংখ্যা হৈছে ২৯১গৰাকী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in