মহানগৰীত মানৱ শৃংখল কাৰ্যসূচীৰে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ…

মহানগৰীত মানৱ শৃংখল কাৰ্যসূচীৰে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ…

ডিজিটেল ডেস্ক : নলবাৰী জিলাৰ কালাগত ২৮ ফেব্ৰুৱাৰীৰ দিনটোত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ বাহনক লক্ষ্য কৰি বিজেপিৰ এদল উদণ্ড যুৱকে আক্ৰমন কৰাৰ ঘটনা গনতন্ত্ৰৰ প্ৰতি এক বৃহত ভাবুকি ।এই ঘটনাত জড়িত প্ৰতিগৰাকী দোষীয়ে শাস্তি পাবই লাগিব । এই মন্তব্য অজাপৰ কামৰূপ মহানগৰ জিলা ৰ সভাপতি সঞ্জীৱ বৰাৰ । ঘটনাটোৰ তীব্ৰ নিন্দা কৰি আজাপৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে মঙলবাৰে মহানগৰীত এক মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

বৰাই প্ৰতিবাদত অংশ লুৰিণ জ্যোতি গগৈক আক্ৰমণ কৰা ঘটনাটো কেৱল দুৰ্ভাগ্য জনক নহয় উদ্বেগ জনক বুলিও আখ্যা দিয়ে । তেওঁ লগতে কয় বিধানসভা নিৰ্বাচনৰ দিন ঘোষনাৰ ২৪ ঘন্টা নৌহওঁতেই সংঘটিত এনে ঘটনাৰ দায়িত্ব গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ল'বই লাগিব । মুখ্যমন্ত্ৰীয়ে বিজেপিৰ সেই উদণ্ড যুৱক সকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in