২৯ ডিচেম্বৰত ‘অভিভাৱক দিৱস’ আৰু ২০ ডিচেম্বৰত ‘ছাত্ৰ-ছাত্ৰী সন্মিলন’ অসম জাতীয় বিদ্যালয়ৰ

২৯ ডিচেম্বৰত ‘অভিভাৱক দিৱস’ আৰু ২০ ডিচেম্বৰত ‘ছাত্ৰ-ছাত্ৰী সন্মিলন’ অসম জাতীয় বিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে ২৯ ডিচেম্বৰত উদযাপন কৰিব 'অভিভাৱকৰ দিৱস'। তাৰপূৰ্বে ২০ ডিচেম্বৰত বিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ এখনি সন্মিলনো অনুষ্ঠিত হ'ব। বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, ১জানুৱাৰী, ২০১৮ৰ পৰা ১ জানুৱাৰী, ২০১৯লৈকে অসম জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে।

এই বৰ্ষজোৰা কাৰ্যসূচীৰ মাজতে অসম জাতীয় জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে বৰ্ধিত পৰিসৰত 'অভিভাৱকৰ দিৱস' উদযাপনৰ বাবে দেওবাৰে আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে। এই উপলক্ষে জাতীয় বিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাও অনুষ্ঠিত হয়। মাতৃভাষা বিদ্যালয়ৰূপে এক গুণগত মান আৰু ৰাজ্যজুৰি সহস্ৰাধিক বিদ্যালয় স্থাপনেৰে জাতি তথা অসমীয়া ভাষাক তুলি ধৰা এই শিক্ষানুষ্ঠানখনে যোৱা দিনবোৰত অসমৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে।

বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী, প্ৰাক্তন আৰু বৰ্তমানৰ অভিভাৱক সকলৰ বাবে এই কাৰ্যসূচী বিশেষভাৱে অনুষ্ঠিত হ'ব।ইয়াৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ব্যৱস্থা কৰা হ'ব এখন বিশেষ গ্ৰন্থ। যিখন গ্ৰন্থত বিদ্যালয়খনৰ স্থাপনৰ পটভূমি আৰু ১৯৯২চনৰ পৰা বৰ্তমানৰ সময়লৈকে বিদ্যালয়খনৰ সম্পৰ্কীয় সকলো তথ্য, পৰিঘটনাই এই গ্ৰন্থখনত স্থান পাব।

'অভিভাৱকৰ দিৱস' উদযাপন উপলক্ষে এখন কমিটীও গঠন কৰা হৈছে। ইফালে, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পৰা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্মিলনৰ বাবেও প্ৰস্তুতি চলিছে। এই উপলক্ষে দেওবাৰে আৱেলি এখন সভা অনুষ্ঠিত হয়। এই সভাত ছাত্ৰ-ছাত্ৰী সন্মিলনৰ বাবেও এখন পৃথক কমিটী গঠন কৰা হয়।

আনহাতে, নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। অসম জাতীয় বিদ্যালয়ে স্থাপন কৰিবলৈ উলাইছে এটা ডিজিটেল আৰ্কাইভ। এই আৰ্কাইভত জাতীয় বিদ্যালয়ৰ সকলো তথ্যই উপলব্ধ হ'ব।প্ৰথমৰ পৰাই সকলো ছাত্ৰ-ছাত্ৰীৰ তথ্য সংৰক্ষিত হ'ব এই আৰ্কাইভত। অগতানুগতিকভাৱে বিদ্যালয়খনে ৰূপালী জয়ন্তী বৰ্ষৰ কেবাটাও কাৰ্যসূচী ইতিমধ্যে ৰূপায়ন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in