আক্ৰাছুৰ ১২ ঘন্টীয়া অসম বন্ধঃ ক’ত কি প্ৰভাৱ…

আক্ৰাছুৰ ১২ ঘন্টীয়া অসম বন্ধঃ ক’ত কি প্ৰভাৱ…

ডিজিটেল ডেস্কঃ পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ লগতে চূড়ান্ত এন আৰ চিৰ পৰা নাম বাদ পৰা ভূমিপুত্ৰ কোচ–ৰাজবংশী লোকসকলক বিনাচৰ্তে এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে আক্ৰাছুৱে। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

সংগঠনটোৰ এই বন্ধৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বন্ধ সমৰ্থক সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে। বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীত দেখা পোৱা নাই যদিও ধুবুৰী, চাপৰত বন্ধৰ প্ৰভাৱ দেখা গৈছে। ধুবুৰী জিলাতো শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰা হৈছে। জিলাখনত অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।

ইফালে অসম–বংগ সীমান্তৰ ছাগলীয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছু সদস্যসকলে। প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

বন্ধৰ প্ৰভাৱ জাগীৰোড, মৰিগাঁৱতত সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে। মৰিগাঁও–নগাঁও আৰু মৰিগাঁও–জাগীৰোড সংযোগী গড়কাপ্টানী পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থনকাৰীয়ে। ইফালে কোকৰাঝাৰৰ গোসাঁইগাঁৱতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে। শ্ৰীৰামপুৰত আৱদ্ধ হৈ পৰিছে বহু যান-বাহন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in