অসম গ্ৰন্থমেলা ২০২১ত উন্মোচিত হ’ব ‘অসীমত যাৰ হেৰাল সীমা’ আৰু ‘১৯৬২’ৰ বাংলা সংস্কৰণ…

অসম গ্ৰন্থমেলা ২০২১ত উন্মোচিত হ’ব ‘অসীমত যাৰ হেৰাল সীমা’ আৰু ‘১৯৬২’ৰ বাংলা সংস্কৰণ…

ডিজিটেল সংবাদ, জালুকবাৰী: 'অসীমে যার হারাল সীমা' আৰু '১৯৬২' ক্ৰমে – কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাস 'অসীমত যাৰ হেৰাল সীমা' আৰু জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ যুদ্ধ-বুৰঞ্জীৰ ওপৰত ৰচিত '১৯৬২'ৰ বাংলা সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছে ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে। দেওবাৰে অসম গ্ৰন্থমেলা ২০২১-ত উন্মোচন কৰা হ'ব ড° অনামিকা ৰায়ে বাংলা ভাষালৈ অনুবাদ কৰা এই জনপ্ৰিয় গ্ৰন্থ দুখন । উল্লেখনীয় যে, দশক দশক ধৰি পঢ়ুৱৈ সমাজত জনপ্ৰিয়তা অৰ্জন কৰি অহা আৰু আটাইতকৈ বেছি বিক্ৰী হোৱা গ্ৰন্থ 'অসীমত যাৰ হেৰাল সীমা' উপন্যাসখনে প্ৰথম প্ৰকাশ হোৱাৰ পৰা ৭৫ টা বৰ্ষ অতিক্ৰম কৰিলে।

সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া উপন্যাসখনৰ প্ৰকাশৰ এই বিশেষ সন্ধিক্ষণত ইয়াৰ বাংলা সংস্কৰণেও পাঠক সমাজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে দুয়োখন গ্ৰন্থৰ প্ৰকাশক ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে। এই গ্ৰন্থ দুখন আনুষ্ঠানিকভাবে মুকলি কৰিব ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিগেডিয়াৰ (অ:) ৰঞ্জিত বৰঠাকুৰে। এই গ্ৰন্থ উন্মোচনী সভাখন চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ লক্ষ্মীনন্দন বৰা সভাগৃহত ২ জানুৱাৰী ২০২২ তাৰিখ দেওবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত কৰা হ'ব।

এই গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে উপস্হিত থাকিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশচন্দ্ৰ গোস্বামী আৰু সভাপতিত্ব কৰিব ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উপাধ্যক্ষ শ্ৰী ৰজত বৰণ মহন্তই। লগতে এই কাৰ্য্যসূচীত উপস্হিত থাকিব কাঞ্চন বৰুৱাৰ 'অসীমত যাৰ হেৰাল সীমা'-ৰ কপিৰাইটৰ মালিকীস্বত্ব থকা দীপক কুমাৰ বৰুৱাই।২০১৫ বৰ্ষত স্হাপিত হোৱা ড° অনামিকা ৰায় সোঁৱৰণী ন্যাস হৈছে নীতি আয়োগৰ পঞ্জীয়নভুক্ত এটি শৈক্ষিক আৰু গৱেষণামূলক বেচৰকাৰী তথা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। এই ন্যাসটোৱেই হৈছে চিকিৎসাজনিত সন্ত্ৰাসৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ গুৰি ধৰোতা আৰু যিয়ে ৰোগীৰ অধিকাৰ আৰু দায়িত্ববোৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ লগতে 'স্বাস্হ্যৰ অধিকাৰ (Right to Health)ক মৌলিক অধিকাৰ (Fundamental Right) হিচাপে ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে।

ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ড° অংকুৰণ দত্তই কয়- "এই গ্ৰন্থ কেইখনে ড° অনামিকাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফলত আজি সাহিত্যৰ ৰূপ লাভ কৰিছে আৰু যিয়ে বাংলা পাঠক সকলক অসমীয়া সাহিত্যৰ সোৱাদ লাভ কৰাত সহায় কৰিব। 'অসীমত যাৰ হেৰাল সীমা' গ্ৰন্থখনে ৭৫ বছৰ সম্পূৰ্ণ কৰিলে আৰু এনে এটি তাৎপৰ্য্যপূৰ্ণ সময়ত গ্ৰন্থ কেইখন প্ৰকাশ কৰিবলৈ পায় আমি নথৈ আনন্দিত হৈছো। মই সকলোকে আহ্বান জনাও, বিশেষকৈ বাংলা পাঠক সমাজক যাতে তেওঁলোকে উপন্যাসখন আৰু আন এখন জনপ্ৰিয় যুদ্ধ-বুৰঞ্জী '১৯৬২'ৰ জৰিয়তে অসমীয়া সাহিত্যৰ সোৱাদ ল'ব পাৰে।"

ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তি নিকেতনৰ জীয়ৰী আৰু অসমীয়া বোৱাৰী ড° অনামিকা ৰায়ে কেইবাখেনা গ্ৰন্থ অসমীয়াৰ পৰা বাংলালৈ অনুবাদ কৰিছিল। তেওঁ গণসংযোগ আৰু সাংবাদিকতা শিক্ষাৰ প্ৰতি আগবঢ়োৱা অবদানৰ বাহিৰেও অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অবদান বিশেষভাবে উল্লেখনীয়। অসমীয়া ভাষাৰ প্ৰতি থকা তেওঁৰ দায়িত্ব আৰু প্ৰেমৰ বাবে অতি কম সময়ৰ ভিতৰতে অসমীয়া ভাষাত পাৰ্গত হৈ উঠিছিল। যিয়ে তেওঁক অসমীয়া সাহিত্যৰ বিভিন্ন গ্ৰন্থ অনুবাদ কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল। তেওঁ কটন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো শিক্ষাদান কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী 'মোৰ জীৱন সোঁৱৰণ' আৰু ড° ভূপেন হাজৰিকাৰ আত্মজীৱনী 'মই এটি যাযাবৰ গ্ৰন্থ দুখনো অনুবাদৰ কাম হাতত লৈছিল যদিও ড° অনামিকা ৰায়ৰ আকস্মিক মৃত্যুৰ বাবে সেই গ্ৰন্থ দুখনৰ অনুবাদৰ কাম অসম্পূৰ্ণ হৈ ৰ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in