মন্ত্ৰীত্ব পাইয়ো পূৱ গুৱাহাটীৰ কোনো উন্নয়ন নকৰিলে বিধায়কেঃ কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সংবাদমেল…

মন্ত্ৰীত্ব পাইয়ো পূৱ গুৱাহাটীৰ কোনো উন্নয়ন নকৰিলে বিধায়কেঃ কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সংবাদমেল…

ডিজিটেল সংবাদ, গুৱাহাটীঃ পূব গুৱাহাটী বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী অসীমা বৰদলৈয়ে হোটেল লেণ্ডমাৰ্কত দেওবাৰে সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে।

তেওঁ সংবাদমেলত কয় যে, ৰাজ্যৰ ভিতৰতে পূব গুৱাহাটী সমষ্টিক জাকত জিলিকা কৰি তোলাৰ সপোন তেওঁ মনত পুহি ৰাখিছে। সমষ্টিটোৰ নাগৰিকসকলক মৌলিক সমস্যা যেনে-খোৱাপানীৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, বাটপথৰ সমস্যা, নলা-নৰ্দমাৰ সমস্যা আদি সমস্যাসমূহ দূৰ কৰাৰ চেষ্টা কৰা হব প্ৰতিশ্ৰুতি প্ৰদান কৰে বৰদলৈয়ে।

তেওঁ লগতে কয়, ককা গোপীনাথ বৰদলৈৰ দৰেই মইয়ো অসম আৰু অসমীয়াক মই খুৱেই ভাল পাও। পৰিয়ালৰ পৰাই আমি পাইছো সাৰ্বজনীন মানৱীয়তাৰ শিক্ষা। আবাল-বৃদ্ধ-বনিতাৰ দুখত মই সদায় দুখী, সুখত সুখী। মোৰ মানৱপ্ৰেমী হৃদয়খনে সদায় মানুহৰ চিৰন্তন উন্নতিৰ সপোন দেখে।'

অসীমা বৰদলৈয়ে পূব গুৱাহাটী সমষ্টিৰ ৰাইজৰ সমস্যা আৰু আশা-আকাংক্ষাবোৰৰ বিষয়ে তেওঁৰ কিছু নিজস্ব পৰিকল্পনা আৰু দৃষ্টিভংগী থকা বুলি প্ৰকাশ কৰে। গতিকে সকলোৰে সমস্যাসমূহৰ প্ৰতি উপযুক্ত গুৰুত্ব দি সকলোকে সমভাৱে আগবঢ়াই নি সমষ্টিটোক অসমৰ ভিতৰতে জাকত-জিলিকা কৰি তোলাটো এক অন্যতম সপোন বুুলি উল্লেখ কৰে।

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পূব গুৱাহাটী সমষ্টিটোক দীৰ্ঘদিনে বিজেপিয়ে প্ৰতাৰণা কৰি অহাৰ অভিযোগ কৰি কয়, সমষ্টিটোৰ বিধায়কজনে মন্ত্ৰীত্ব পাইয়ো কোনোধৰণৰ চকুত লগা উন্নয়ন সাধন কৰিব নোৱাৰিলে। সমষ্টিটোৰ মূল সমস্যাবোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।

অসীমা বৰদলৈয়ে আগন্তুক সময়ত মহিলা নিৰাপত্তাৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে পূব গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা দূৰীকৰণৰ বাবে তেওঁ ভৰলু নদীৰ খনন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ব্যৱস্থা গ্ৰহণৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

মহানগৰীৰ পাহাৰত দীৰ্ঘদিন ধৰি বাস কৰি অহা লোকসকলক মাটিৰ পট্টা দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। বিধায়ক হিচাপে নিৰ্বাচিত হলে এই ক্ষেত্ৰত বিধানসভাত প্ৰস্তাৱ ৰাখিব বুলিও তেওঁ সংবাদমেলত সদৰি কৰে।

অসীমা বৰদলৈয়ে লগতে বিপক্ষৰ বহু নেতা ই ভি এম টেম্পাৰিঙৰ দৰে কাৰ্যত সিদ্ধহস্ত বুলি উল্লেখ কৰি নাগৰিকসকলক সজাগ হবলৈ আহ্বান জনায়। উল্লেখ্য যে, এই সংবাদমেলত অসীমা বৰদলৈক সংগ দিয়ে ৰূপজ্যোতি কূৰ্মীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in