জাকাৰ্টাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে শুভাৰম্ভ এছিয়াৰ মহাৰণ

জাকাৰ্টাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে শুভাৰম্ভ এছিয়াৰ মহাৰণ

ডিজিটেল ডেস্কঃ ১৮ আগষ্টত ভাৰতীয় সময় অনুসৰি বিয়লি ৫.৩০ বজাত ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ গেলৌৰা বংগ কাৰনৌ ষ্টেডিয়ামত অনুষ্ঠিত হয় এছিয়ান গেমছৰ বহু প্ৰতীক্ষিত উদ্বোধনী অনুষ্ঠান।

এই অনুষ্ঠানত জনপ্ৰিয় গায়ক-গায়িকাৰ সংগীতানুষ্ঠানৰ লগতে ইণ্ডোনেছিয়াৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সৌন্দৰ্যৰো প্ৰদৰ্শন কৰা হৈছে। অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তুলিছে ৰাইছা, এগুন, ৱিয়া ৱালেন, ৱিজী, কামাচিয়েন, ৰৌছা, কাকৰা খান, ফাৰিনৰ দৰে জনপ্ৰিয় গায়ক-গায়িকাৰ লগতে ইণ্ডোনেছিয়াৰ নৃত্যশিল্পীসকলে।

উদ্বোধনী অনুষ্ঠানৰ মঞ্চখন ইণ্ডোনেছিয়াৰ সেউজীয়া পাহাৰৰ দৰে সজাই তোলা হৈছে। সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰমী সকলৰ মন জয় কৰিব পৰাকৈ সজাই তোলা এই মঞ্চখন ১২০ মিটাৰ ওখ আৰু ৩০ মিটাৰ বহল।

Sony Ten b2, Ten 2 HD, Sony ESPN, Sony ESPN HD চেনেলকেইটাই এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in