আজিৰে পৰা এছিয়ান গেমছ, জাকাৰ্টা পালেগৈ অসমৰ হিমা

আজিৰে পৰা এছিয়ান গেমছ, জাকাৰ্টা পালেগৈ অসমৰ হিমা

ডিজিটেল ডেস্কঃ আজিৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আৰম্ভ হ'ব এছিয়ান গেমছ। আগষ্ট মাহৰ ১৮ তাৰিখে আৰম্ভ হ'বলগীয়া ১৮ সংখ্যক এছিয়ান গেমছত এচিয়া মহাদেশৰ ৪৫খন দেশে অংশ ল'ব।

এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যে ইণ্ডোনেছিয়াত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ১৫দিন ধৰি চলিবলগা এছিয়ান গেমছত ২০হাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশ ল'ব।

জাকাৰ্টা আৰু পালেমবং চহৰত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠান আজি সন্ধ্যা জাকাৰ্টাৰ ঐতিহাসিক খেলোৰা বাংকানু স্পৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই উদ্বোধনী অনুষ্ঠান হ'ব ডেৰ ঘণ্টাৰ। ইতিমধ্যে সাজু কৰা হৈছে ১৩৫০ বৰ্গ মিটাৰ দৈৰ্ঘৰ এখন মঞ্চ। উদ্বোধনী অনুষ্ঠানৰ বাবে ষ্টেডিয়ামত সমবেত হ'ব ৪২হাজাৰৰো অধিক দৰ্শক।

হিমা গৈ পালেগৈ জাকাৰ্টা

জাকাৰ্টাত এছিয়ান গেমছত ভাৰত তথা অসমবাসীৰ বাবে আশাৰ কেন্দ্ৰবিন্দু হৈ আছে অসমৰ হিমা দাস। শুকুৰবাৰে পুৱা হিমা উপস্থিত হয়গৈ জাকাৰ্টাত।

ভাৰতীয় এথলেটিক দলৰ হিমাক লৈ এতিয়া সমগ্ৰ দেশবাসীয়ে আশাৰে বাট চাইছে। এছিয়ান গেমছত হিমাৰ লগতে অসমৰ আন ৫গৰাকী খেলুৱৈয়ে অংশ ল'ব। তাৰ ভিতৰত আছে বক্সাৰ শিৱ থাপা।

এছিয়ান গেমছত ভাৰতীয় দল

এছিয়ান গেমছত ভাৰতৰ মুঠ ৫৭২গৰাকী খেলুৱৈয়ে অংশ ল'ব। এই ইভেণ্টত ভাৰতে ৩২শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰে পুৰুষ শাখাত ৩১২জনে আৰু মহিলা শাখাত ২৬০গৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

জাকাৰ্টাত ভাৰতৰ সম্ভাৱনা

জাকাৰ্টাত ভাৰতে মুলত এথলেটিকছ, মল্লযুঁজ, শ্বুটিং, বক্সিং, কাবাদী, বেডমিণ্টন, টেবুল টেনিছ, স্কোৱাছ, ভাৰত্তোলন, হকী, আৰ্চাৰী, টেনিছ আদি ইভেণ্টত পদক লাভৰ সম্ভাৱনা আছে। বেডমিণ্টনত ভাৰতৰ পদকৰ সম্ভাৱনা বহু উচ্চ।

কিয়নো পি ভি সিন্ধু, চাইনা নেহৱাল, কে শ্ৰীকান্ত, সৌৰভ বৰ্মা আদিয়ে পদক লাভ কৰাৰ সম্ভাৱনা উজ্বল। আৰ্চাৰীত পদক লাভৰ সম্ভাৱনা  থকা খেলুৱৈসকল হ'ল দীপিকা কুমাৰী, লক্ষ্মীৰাণী মাঝি, অতনু দাস আদি। বক্সিঙত গৌৰৱ চৌলাংকি, বিকাশ কিষাণ, শিৱ থাপা, ছোনিয়া লাথেয়ে প্ৰতিপক্ষক ধাৰাসায়ী কৰি ভাৰতলৈ পদক কঢ়িয়াব পাৰি বুলি আশা কৰিব পাৰি।

এথলেটিকছত অসমৰ হিমা দাসৰ সম্ভাৱনাই অধিক। তাৰ উপৰিও মহম্মদ এনাছ, নিৰশ চোপ্ৰা, সীমা পুনীয়া আদি খেলুৱৈসকলো আছে। মল্লযুঁজত সুশীল কুমাৰ, সাক্ষী মালিক, যোগেশ্বৰ দত্ত, পূজা ধান্দাৰ তাৰকা খেলুৱৈৰে ভাৰতীয় দল শক্তিশালী। হকী ভাৰতীয় দলৰ ফলাফলক লৈ দেশবাসীয়ে যথেষ্ট আগ্ৰহেৰে বাট চাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in