এচিয়া কাপৰ প্ৰথমখন খেলত ১৩৭ ৰাণ ব্যৱধানত শ্ৰীলংকাক হৰুৱালে বাংলাদেশে

এচিয়া কাপৰ প্ৰথমখন খেলত ১৩৭ ৰাণ ব্যৱধানত শ্ৰীলংকাক হৰুৱালে বাংলাদেশে

ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্ঠিত এচিয়া কাপ ক্ৰিকেটৰ প্ৰথমখন খেলত বাংলাদেশৰ হাতত পৰাভূত হ'ল সিংঘল বাহিনী। ১৩৭ ৰাণৰ ব্যৱধানেৰে শ্ৰীলংকাৰ বিৰুদ্ধে এক বৃহৎ জয়লাভ কৰিলে বাংলাদেশে। টছত জিকি প্ৰথমে বাংলাদেশে বেটিঙৰ সিদ্ধান্ত লৈছিল।

অধিনায়ক মুস্ফিকুৰ ৰহীমৰ ১৪৪ আৰু লিটন দাসৰ ৬৩ ৰানৰ অৱদানেৰে ৪৯.৩ অভাৰত মুঠ ২৬১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশৰ দলটোৱে । তাৰ প্ৰত্যুত্তৰত বাংলাদেশৰ দুদান্ত বলিংৰ সন্মুখত শ্ৰীলংকা দলটোৱে ৩৫.২ অভাৰতে মাত্ৰ ১২৪ৰাণতে ইংনিছ সামৰিব লগা হয় ।

শ্ৰীলংকাৰ হৈ মালিংগাই লয় চাৰিটাকৈ উইকেট। আজি খেলখনত বাংলাদেশক ঐতিহাসিক বিজয় প্ৰদান কৰা অধিনায়ক মুশ্ফিকুৰ ৰহীমক মেন আৱ দা মেচ ঘোষণা কৰা হয় ।উল্লেখ্য যে, ১৯ চেপ্তম্বৰত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ ৰোমাঞ্চিত মেচখন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in