এবছৰে শ্বহীদ আৰক্ষী বিষয়াৰ কিশোৰী কন্যাক বলাৎকাৰ, এএছআইক নিলম্বন

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ শ্বহীদ আৰক্ষী বিষয়াৰ ১৪ বছৰীয়া নাবালিকা কন্যাক এবছৰ ধৰি যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ঝাৰখণ্ডৰ এ এছ আইৰ বিৰুদ্ধে। কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি এ এছ আই জনে কন্যাৰ অশ্লীল ভিডিঅ' বনাই সেয়া দেখুৱাই বিগত এটা বছৰে কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছে।

জানিব পৰা মতে, ২০১০ চনত এক মাওবাদী আক্ৰমণত শ্বহীদ হৈছিল কিশোৰীগৰাকীৰ পিতৃৰ। আৰক্ষী বিষয়া হিচাপে কৰ্মৰত পিতৃৰ মৃত্যুৰ পাছতে কিশোৰীগৰাকীৰ মাতৃয়ে এ এছ আই পি মুৰগামেৰ কাষলৈ সাহায্য বিচাৰি আহে। সেই সময়তে এএছআইজনে পৰিয়ালটোৰ কাষ চাপি প্ৰথমে কিশোৰীগৰাকীৰ অশ্লীল ভিডিঅ' বনাই আৰু যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।

কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে, পূৰ্বেও এএছআই জনৰ বিৰুদ্ধে তেওঁ কেইবাখনো থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও কোনেও আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে তদন্ত চলোৱা নাছিল। মাতৃয়ে অৱশেষত সংবাদ মাধ্যমযোগে এই কথা সদৰী কৰাৰ পিছতে অভিযুক্ত এএছআই জনক নিলম্বন কৰি এটা গোচৰ ৰুজু কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in