নিজামুদ্দিনৰ পৰা আহি মছজিদে-মছজিদে নামাজ পঢ়ি ফুৰিছিল কোৰোনাত আক্ৰান্ত আশ্ৰাফ আলীয়ে, সংগ্ৰহ কৰা হ’ব পৰিয়ালৰো তেজৰ নমুনা

নিজামুদ্দিনৰ পৰা আহি মছজিদে-মছজিদে নামাজ পঢ়ি ফুৰিছিল কোৰোনাত আক্ৰান্ত আশ্ৰাফ আলীয়ে, সংগ্ৰহ কৰা হ’ব পৰিয়ালৰো তেজৰ নমুনা
  • কোৰোনা ভাইৰাছত আক্ৰান্ত মানকাচৰৰ আশ্ৰফ আলী যোৱা ২২ মাৰ্চত আহিছিল দিল্লীৰ নিজামুদ্দিনৰ পৰা।
  • তেওঁ এটা মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰো শিক্ষক।
  • দিল্লীৰ পৰা আহি তেওঁ বিভিন্ন মছজিদত নামাজ পঢ়িছিল।
  • নিজামুদ্দিনৰ ভয়ংকৰ খবৰ অহাৰ পাছত তেওঁ দুদিন আত্মগোপন কৰিছিল।
  • তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে নিজে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিছিল।
  • ২৯ মাৰ্চৰ পৰা তেওঁক আইছ'লেশ্যনত ৰখা হৈছিল।
  • শুকুৰবাৰে ওলোৱা ফলাফলত তেওঁৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহে।
  • তেওঁৰ পৰিয়ালৰ সকলো সদস্যক আইছ'লেশ্যনত ৰখাৰ বাবে ৰাওনা হৈছে চিকিৎসকৰ দল।
  • লোকজনৰ গাঁওখন সম্পূৰ্ণৰূপে ছিল কৰিব জিলা প্ৰশাসনে।
  • উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে তেওঁক কিছু সময় পাছত নিয়া হ'ব গুৱাহাটীলৈ।
  • তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ তেজৰ নমুনা শুকুৰবাৰে নিশাৰ ভিতৰত প্ৰেৰণ কৰিব গুৱাহাটীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in