ভয়ংকৰ ঘটনা! দিনদুপৰতে ভাতৃসহ সাংবাদিকক গুলীয়াই হত্যা…

ভয়ংকৰ ঘটনা! দিনদুপৰতে ভাতৃসহ সাংবাদিকক গুলীয়াই হত্যা…

ডিজিটেল ডেস্কঃ দেওবাৰে উত্তৰপ্ৰদেশত দিনদুপৰতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ ছাহাৰানপুৰ এলেকাত আশীষ জানৱানী নামৰ এজন সাংবাদিক আৰু তেওঁৰ ভাতৃক গুলীয়াই হত্যা কৰে সুৰা মাফিয়াই। জানিব পৰা মতে, মৃত সাংবাদিকগৰাকী 'হিন্দী টুডে' নামৰ এখন ৰাষ্ট্ৰীয় বাতৰি কাকতত কৰ্মৰত আছিল।

ইফালে, ইয়াৰ পূৰ্বেও সুৰা মাফিয়াইসাংবাদিকগৰাকীক ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। সাংবাদিকগৰাকীক সুৰামাফিয়াই গুলীওৱাৰ পাছত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁৰ অৱশেষত মৃত্যু হয়।আনহাতে, সাংবাদিকগৰাকীৰ ভাতৃ ঘটনাস্থলীতে নিহত হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনোলোকক সোধ-পোছ অব্যাহত ৰাখিছে। লক্ষণীয়ে যে, আশীষ জানৱানীয়ে বাস কৰা এলেকাৰ স্থানীয়লোকে অভিযোগ কৰা অনুসৰি, তেওঁ বহুবাৰ আৰক্ষীক ভাবুকি প্ৰদান কৰাৰ কথা জনাইছিলযদিও, এই বিষয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in