বিদায়ঃ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হাছিম আমলাই ল’লে অৱসৰ…

বিদায়ঃ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হাছিম আমলাই ল’লে অৱসৰ…

ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ হাছিম আমলাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে। দক্ষিণ আফ্ৰিকা ক্ৰিকেট চমুকৈ চি এছ এয়ে কৰিছে এই ঘোষণা। টুইটাৰযোগে চি এছ এয়ে জানিবলৈ দিছে যে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ললেও তেও ঘৰুৱা ক্ৰিকেট আৰু মাঞ্জি লীগত সক্ৰিয় থাকিব।

৩৬ বছৰীয়া দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ জনে কেৰিয়াৰত ১২৪ টেষ্ট, ১৮১ খন এদিনীয়া আৰু ৪৪ খন টি-২০ খেলিছে। সকলো খেলতে তেও পৰ্যায়ক্ৰমে সংগ্ৰহ কৰা ৰানৰ সংখ্যা হৈছে ৯২৮২, ৮১১৩ আৰু ১২৭৭। টেষ্টত তেওৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে ৩১১ ৰান (অপৰাজিত), তেনেদৰে এদিনীয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ১৫৯ আৰু টি-২০ত ৯৭।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in