কৃষ্ণাইৰ আছিয়া ৰাজস্থানত হ’ল পিংকী, এবছৰৰ পিছত ঘৰলৈ ঘূৰি আহি ক’লে সম্পৰ্কীয় মোমায়েকে বিক্ৰী কৰাৰ কথা, আটক ২

কৃষ্ণাইৰ আছিয়া ৰাজস্থানত হ’ল পিংকী, এবছৰৰ পিছত ঘৰলৈ ঘূৰি আহি ক’লে সম্পৰ্কীয় মোমায়েকে বিক্ৰী কৰাৰ কথা, আটক ২

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত শেহতীয়াকৈ নাৰী সৰবৰাহকাৰী চক্ৰ এটা সক্ৰিয় হৈ উঠাৰ এক খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰায় এবছৰ পূৰ্বে গাঁৱৰ দুই সম্পৰ্কীয় মোমায়েকে নাৰী সৰবৰাহকাৰী ওচৰত বিক্ৰী কৰা কৃষ্ণাইৰ বিদ্যাপাৰাৰ এগৰাকী যুৱতী উদ্ধাৰ হোৱাৰ পিছতে চক্ৰটোৰ কথা পোহৰলৈ আহিছে৷

জানিব পৰা মতে, ২০১৮ৰ ২৫ জুনৰ দিনা বিদ্যপাৰা গাঁৱৰ দুই সম্পৰ্কীয় মোমায়েক কাদেৰ আলী আৰু কৰিম আলীয়ে গাঁওখনৰ আছিয়া বেগম নামৰ যুৱতী গৰকীক এজন ল'ৰাৰ লগত চিনাকী কৰাই দিয়াৰ চলেৰে কাষৰীয়া পাইকানৰ এখন হোটেলত চাহ খাবলৈ নিয়ে৷ চাহ খোৱাৰ পিচতে সংজ্ঞাহীন হোৱা আছিয়া বেগমে দুদিন পিছত নিজকে আবিস্কাৰ কৰিলে দিল্লীৰ এটা ৰে'ল ষ্টেচনত৷ লগত থকা দুজন অচিনাকী লোকে কাদেৰ আৰু কৰিমে তাইক দুই লাখ টকাত বিক্ৰি কৰাৰ কথা জানিব দিয়ে৷

গাঁওৰে দুই সম্পৰ্কীয় মোমায়েকে তাইক বিক্ৰী কৰা বুলি জানিব পাৰি হাহাকাৰ লগায় আছিয়া বেগমে। কিন্ত তাইৰ কোনো উপায় নাছিল। বাধ্য হৈ অচিনাক্ত লোক দুজনৰ লগ দিল্লীত দুদিনমান থকাৰ পিছত যুৱতী গৰাকীক লৈ যোৱা হয় ৰাজস্থানলৈ। ৰাজস্থানত আছিয়া বেগমক হিন্দু ছোৱালী বুলি পৰিচয় দি মনোজ কুমাৰ নামৰ লোক এজনৰ লগত বিয়া দিয়ে। বিয়াৰ সময়ত আছিয়া বেগমৰ নাম সলনি কৰি পৰিনিতা দাস ওৰফে পিংকি বুলি পৰিচয় দিয়া হয়৷

ইমানৰ পিছতো যুৱতী গৰাকীয়ে ঘৰৰ লগত য়োগাযোগ কৰিবলৈ বহু চেষ্টা কৰিও বিফল হয়৷ বিক্ৰী কৰাৰ পিচত এটা হিন্দু পৰিয়ালৰ বোৱাৰী হৈ প্ৰায় এঘাৰ মাহ পাৰ হোৱাৰ পিছত যুৱতী গৰাকীয়ে অসমৰে আন এগৰাকী যুৱতীৰ সৈতে চিনাকী হয়। সেইগৰাকী যুৱতীৰো একে দশা। তাইকো বিক্ৰী কৰা হৈছিল ৰাজস্থানত৷ অৱশেষত এই চাহিদা বেগম নামৰ যুৱতী গৰাকীৰ সহযোগত আছিয়া বেগমে কৃষ্ণাইৰ বিদ্যাপাৰা পৰিয়ালৰ লগত যোগাযোগ কৰে৷

পৰিয়ালৰ লোকে মনোজ কুমাৰৰ লগত কথা পাতি পুনৰ ছোৱালী জনীক ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে এক মে'ত ৰাজস্থানৰ পৰা লৈ আনে৷ ইফালে কৃষ্ণাইত আহি আছিয়া বেগমে সম্পৰ্কীয় মোমায়েক কাদেৰ আৰু কৰিম নাৰী সৰবৰাহকাৰী দলৰ অন্যতম বুলি কৃষ্ণাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ সম্প্ৰতি অভিযুক্ত দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in