এছেজ শৃংখলা অষ্ট্ৰেলিয়াৰ দখলঃ স্কট বোলেণ্ডৰ হাতত আত্মসমৰ্পন ৰুট বাহিনীৰ…

এছেজ শৃংখলা অষ্ট্ৰেলিয়াৰ দখলঃ স্কট বোলেণ্ডৰ হাতত আত্মসমৰ্পন ৰুট বাহিনীৰ…

ডিজিটেল ডেস্কঃ ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা এছেজ শৃংখলাৰ তৃতীয়খন টেষ্টো অষ্ট্ৰেলিয়াৰ দখলত। তৃতীয়খন টেষ্টৰ তৃতীয়টো দিনত অষ্ট্ৰেলিয়াৰ বলাৰ স্কট বোলেণ্ডৰ হাতত ধাৰাশায়ী হয় ইংলেণ্ডৰ ৰুট বাহিনী। স্কট বোলেণ্ডে ইংলেণ্ড শিবিৰত খহনীয়াৰ সৃষ্টি কৰি ৬ টাকৈ উইকেট দখল কৰিছে।

৪ অভাৰ বল কৰি স্কট বোলেণ্ডে ১ অভাৰ মেইডেনৰ সৈতে মাত্ৰ ৭ ৰাণ ব্যয় কৰি ৬ টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ হৈ আত্মপ্ৰকাশৰ মেচতেই এইদৰে সফলতা লাভ কৰা বোলেণ্ড দ্বাদশজন বলাৰ। আনহাতে অভিষেক টেষ্টৰ এটা এটা ইনিংছত এটা অংকৰ ৰাণত ৫ বা ততোধিক উইকেট দখল কৰা স্কট বোলেণ্ড প্ৰথমগৰাকী বলাৰ।

আয়োজক অষ্ট্ৰেলিয়াই এছেজ শৃংখলাৰ তৃতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত মাত্ৰ ৬৮ ৰাণহে সংগ্ৰহ কৰে। টেষ্টখনত অষ্ট্ৰেলিয়াই ইংলেণ্ডক এটা ইনিংছ আৰু ১৪ ৰাণত পৰাস্ত কৰে। ফলত এছেজ শৃংখলা অষ্ট্ৰেলিয়াৰ দখললৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in