শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে…

162,945

ডিজিটেল ডেস্কঃ স্বাস্থ্য মন্ত্ৰীয়ে কৈছে কি ব্যৱ্স্থা লৈছে। আমি আশ্বস্ত হৈছো। কিন্তু এগৰাকী আশা কৰ্মীয়ে কি কৰিছে? সেই কথাও আমি মন দিয়া উচিত। যদি সঁচাই দিয়া হোৱা নাই এই আশা কৰ্মীসকলক পৰ্যাপ্ত কোৰোনা প্ৰতিৰোধ সা-সামগ্ৰী তেন্তে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজা এই যুঁজত আশা কৰ্মীসকল চিন্তিত হোৱাতোৱেই স্বাভাৱিক।

স্বাস্থ্য মন্ত্ৰী মহোদয় এইগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ সময় পালে পঢ়ক-

‘অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, যিসকল ব্যক্তি বৰ্তমান বহিঃৰাজ্যৰ পৰা আহি আছে, সেই ব্যক্তিসকলৰ খবৰটো আশা কৰ্মীসকলে প্রথমে ল’ব লাগে আৰু আমি সকলো আশাই লৈছো। কিন্তু আমাৰ প্ৰটেকচনৰ বাবে যি বিলাক সামগ্ৰীৰ প্ৰয়োজন সেইবিলাক ভিতৰত আমাক এটাও সামগ্ৰী যোগান ধৰা নাই। এবাৰ ভাৱকচোন যদি কেনেবাকৈ কাৰোবাৰ গাত পজিটিভ ওলাই তেতিয়া হ’লে কি ভয়ংকৰ পৰিস্থিতি হ’ব। আমাৰ লগতে গোটেই গাঁওখনতে বিয়পি যাব। কাৰণ লকডাউনৰ সময়তো সকলো আশা কৰ্মীক ঘৰে ঘৰে গৈ সজাগ কৰিবলৈ দিছে।

শ্ৰীমতী মৃদুলা বৰুৱা সোণোৱাল

(আশা কৰ্মী)’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি