বিদ্যুত পৰিষদৰ বিষয়াৰ নিযুক্তি প্ৰক্ৰিয়াত গুৰুতৰ বিসংগতিঃ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী…

বিদ্যুত পৰিষদৰ বিষয়াৰ নিযুক্তি প্ৰক্ৰিয়াত গুৰুতৰ বিসংগতিঃ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী…

ডিজিটেল ডেস্কঃ মুখ্য সচিবৰূপে অৱসৰ গ্ৰহণৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাই ব্যৰ্থ হলেও বিভিন্ন বিৰ্তকত সময়ে সময়ে সাঙুৰ খোৱা জ্যেষ্ঠ আই এ এছ বিষয়া গৰাকীয়ে অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ অধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰিলে যদিও ইয়াৰ পৰৱৰ্তীকালতো তেওঁক বিৰ্তকই লগ এৰা না্ই।

কিছুদিন পূৰ্বৰে পৰা কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পৰ উতপাদন প্ৰসংগত বিভিন্ন ৰাজহুৱা অভিযোগেৰে অভিযুক্ত হোৱা এই গৰাকী শীৰ্ষ পদাধিকাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে নিযুক্তি সম্পৰ্কীয় গুৰুতৰ অভিযোগ। পোনপতীয়াভাৱে এই অভিযোগ তেওঁৰ বিৰুদ্ধে নহলেও ৰাজ্যিক পৰিষদৰ অন্তৰ্গত এ পি ডি চি এল (APDCL), এ ই জি চি এল(AEGCL) আৰু এ পি জি চি এল (APGCL)ত সহকাৰী প্ৰৱন্ধক, কনিষ্ঠ প্ৰৱন্ধক, সহকাৰী গানণিক বিষয়াৰ নিযুক্তিৰ বাবে ২০২০চনৰ শেষৰ ফালে ঘোষণা কৰা বিজ্ঞাপন অনুযায়ী পৰিচালিত বাচনি পৰীক্ষাৰ প্ৰক্ৰিয়াক লৈ এই অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে, বিভাগটোৱে উক্ত পদসমূহৰ বাবে আবেদন গ্ৰহণৰ পৰা বাচনি পৰীক্ষা পতাৰ প্ৰক্ৰিয়াটোৰ দায়িত্ব অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ক অৰ্পণ কৰা হৈছিল। সেইমৰ্মে ২০২১ৰ জানুৱাৰী মাহৰ ২১, ২৪ আৰু ২৮তাৰিখে আচাম অনলাইন গীতানগৰ, মালিগাঁৱত এই পৰীক্ষা পতা হৈছিল। আৰু লিখিত পৰীক্ষাৰ ফলাফল ৭ ফেব্ৰুৱাৰীত ঘোষণা কৰা হয়।

কিন্তু আশ্বৰ্যজনক কথাতো হল, তিনিওটা কোম্পানীৰ ৱেবচাইটত তিনিটা কেটেগৰীৰ পোষ্টৰ বাবে হোৱা লিখিত পৰীক্ষাৰ যি ফলাফল ঘোষনা কৰা হৈছে, তাত আছে চূড়ান্ত বিসংগতি। উদাহৰণস্বৰূপে, একেগৰাকী পৰীক্ষাৰ্থীৰ নাম সুকীয়া সুকীয়াকৈ অনুষ্ঠিত তিনিওটা কোম্পানীৰ বাচনিৰ তালিকাতে সাক্ষাতকাৰৰ বাবে সন্নিৱিষ্ট হৈছে।

তেনে কেইটামান নাম হল ক্ৰমে- কবিতা চেট্টী(OBC)ৰ নাম তিনিওটা কোম্পানী এ পি ডি চি এল (APDCL), এ ই জি চি এল(AEGCL) আৰু এ পি জি চি এল (APGCL)ত বাচনিৰ তালিকাত সন্নিৱিষ্ট কৰি সাক্ষাতকাৰৰ বাবে মতা হৈছে। দ্বিতীয়তে জোৱেনা গিগি (GENERAL)ৰ নাম এ পি ডি চি এল (APDCL), এ ই জি চি এল(AEGCL)ৰ তালিকাত সন্নিৱিষ্ট হৈছে।

ত্ৰিবেনী দাস(GENERAL)ৰ নামো এ পি ডি চি এল (APDCL), এ ই জি চি এল(AEGCL)ৰ বাচনিৰ তালিকাত অন্তভূক্ত হৈছে। সেইদৰে অভিজিত সোণোৱালৰ নাম এ পি ডি চি এল (APDCL), এ ই জি চি এল(AEGCL)ৰ চূড়ান্ত সাক্ষাতকাৰৰ বাবে বাচনিত উঠিছে।

নেৱাড নৌচাদৰ নামো এ পি ডি চি এল (APDCL), এ ই জি চি এল(AEGCL)ৰ চূড়ান্ত সাক্ষাতকাৰৰ বাবে বাচনিত উঠিছে। ক্ৰিষ্টিনা কৌশিক চাৰ নাম এ পি ডি চি এল (APDCL), এ ই জি চি এল(AEGCL)ৰ বাবে বাচনিভূক্ত হৈছে।

এভাৰিষ্ট তিপো ফ'লেৰ নাম এ পি ডি চি এল (APDCL), এ পি জি চি এল (APGCL)ত বাচনিভূক্ত হৈছে। চিন্ময়ী নাথ এ পি ডি চি এল (APDCL), এ পি জি চি এল (APGCL)ৰ বাচনিত তালিকাভূক্ত হৈছে। অথাত ৮গৰাকী প্ৰাৰ্থীক ১৪টা পদৰ বাবে এনেদৰে বাচনিভূক্ত হোৱাৰ ফলত আন বৃহত এটা অংশ নিযুক্তিৰ সম্ভাৱনাৰ পৰা বঞ্চিত হৈছে।

এনে এক গুৰুতৰ বিসংগতি পৰীক্ষা নকৰাকৈ অসম ৰাজ্যিক বিদ্যুত পৰিষদে অধ্যক্ষৰ অনুমোদনসহ পৰিষদৰ ৱেবচাইটত কেনেকৈ আপলোড কৰিলে,অতি স্বাভাৱিকভাৱেই এই প্ৰশ্ন উত্থাপিত হৈছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত তদন্ত ক্ৰমে আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কিয়নো, অহা ১০ ফেব্ৰুৱাৰীত এই চূড়ান্ত সাক্ষাতকাৰ অনুষ্ঠিত হব আৰু একাংশ যোগ্যতাসম্পন্ন প্ৰাৰ্থীক বঞ্চিত কৰি মনে বিচৰা একাংশক নিযুক্তি প্ৰদান কৰা হব। এই সমগ্ৰ বিসংগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে সচেতন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in