হয়, আমি এতিয়ালৈ ৮অপৰাধীক প্ৰাৰ্থিত্ব দিছোঃ অসম বিজেপি

হয়, আমি এতিয়ালৈ ৮অপৰাধীক প্ৰাৰ্থিত্ব দিছোঃ অসম বিজেপি

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰাৰ্থীসমূহৰ বিৰুদ্ধে থকা গোচৰৰ সন্দৰ্ভত দলে গণ মাধ্যমত সেইবিষয়ে সবিশেষ প্ৰকাশ কৰিব লাগিব। বিজেপিয়ে অসম বিধান সভা নিৰ্বাচনৰ ৭০জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। শাসকীয় দলটোৱে এতিয়ালৈকে সৰ্বাধিক বিভিন্ন অপৰাধত অভিযুক্ত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

বিজেপি অসম প্ৰদেশে ছচিয়েল মিডিয়াত ৰাজহুৱা কৰিছে সেই প্ৰাৰ্থীসকলৰ নাম। তেওঁলোকে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে প্ৰাৰ্থিত্ব প্ৰদান কৰা মুঠ ৮গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ গোচৰ। বঢ়মপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা জিতু গোস্বামীৰ বিৰুদ্ধে আছে, দুৰ্নীতি-জালিয়াতিৰ তিনিটাকৈ গোচৰ।

বেংকৰ পৰা ঋণ লৈ ঘূৰাই নিদিয়া অভিযোগত অভিযুক্ত জিতু গোস্বামীৰ বিৰুদ্ধে থকা গোচৰ কেইটা হ'ল- SPL Court case (PMLA) 9/18, RC BSK/2012/E002, RC BSK/2012/E006 গোচৰ। তেওঁৰ বিৰুদ্ধে অসম, পশ্চিমবংগ আৰু চিবিআই আদালত, গুৱাহাটীত এই গোচৰ চলি আছে। তাৰে দুটা গোচৰত তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ কথাও উল্লেখ আছে এই তথ্যত।

ইফালে দলে এইজন অভিযুক্ত কিয় টিকট প্ৰদান কৰিছে সেই সন্দৰ্ভত উল্লেখ কৰিছে যে, জিতু গোস্বামী সমাজ সেৱাৰ সৈতে জড়িত নগাঁৱৰ এজন ব্যক্তি। তেওঁ সমষ্টিত কেইবাবছৰ ধৰি কাম কৰি আছে আৰু সমষ্টিটোৰ প্ৰতি এক ভাল ধাৰণা আছে গোস্বামীৰ।

ইফালে এইগৰাকী প্ৰাৰ্থীৰ সলনি আন কোনো নিকা ভাৱমূৰ্তি থকা প্ৰাৰ্থীক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰা নহল, সেই সন্দৰ্ভত নিৰ্বাচন আয়োগক দিয়া তথ্যত উল্লেখ আছে যে, এই সমষ্টিটোত তেওঁ ভালদৰে প্ৰতিনিধিত্ব কৰিব বুলি বিশ্বাস আছে, যাৰ বাবে তেওঁক টিকট প্ৰদান কৰা হৈছে।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বিজেপিয়ে বিভিন্ন গোচৰত অভিযুক্ত হোৱাৰ পাছতো প্ৰাৰ্থিত্ব প্ৰদান কৰা আন প্ৰাৰ্থীৰ নামো ৰাজহুৱা কৰিছে। শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগা দ্বীপায়ন চক্ৰৱৰ্তীৰ বিৰুদ্ধেও আছে CR2466/207 নম্বৰৰ গোচৰ। এই গোচৰৰ শুনানি চলি আছে শিলচৰৰ আদালতত।এই গোচৰৰো চাৰ্জশ্বিট প্ৰদান কৰা হৈছে। তেওঁৰ ক্ষেত্ৰতো জিতু গোস্বামীক লৈ দিয়া যুক্তিয়েই আগবঢ়াইছে বিজেপিয়ে।

থাওৰা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া কুশল দুৱৰীৰ বিৰুদ্ধেও আছে দুটাকৈ গোচৰ। 95/2003, 130/2010 গোচৰকেইটা ক্ৰমে ডিব্ৰুগড় অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালত আৰু গোলাঘাট অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত চলি আছে। দুয়োটা গোচৰৰে অভিযোগ নামা দাখিল কৰা হৈছে। দুবাৰকৈ বিধায়ক হৈ ৰাইজৰ বিশ্বাস আৰু আস্থা জিনিবলৈ সক্ষম হোৱা কুশল দুৱৰীক জনসাধাৰণৰ স্বাৰ্থতে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আছে তিনিটাকৈ গোচৰ। সেই গোচৰৰ নম্বৰ সমূহ হ'ল- GR1251/14, SC53/2020, CR386/2018 । ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে অৱশ্যে অভিযোগ নামা দাখিল কৰা নাই। বৰ্তমানৰ বিধায়ক হোৱাৰ সূত্ৰেই তেওঁক দলে টিকট দিয়া বুলি উল্লেখ কৰা হৈছে।

একেদৰে মাজবাটৰ বিজেপি প্ৰাৰ্থী জিতু কৃষাণৰ বিৰুদ্ধে আছে 107/2016, 96/2018 নম্বৰৰ দুটা গোচৰ। দলে কিয় টিকট দিছে, সেই সন্দৰ্ভত জিতু গোস্বামীক দিয়া যুক্তিয়ে ইয়াতো দৰ্শাইছে বিজেপিয়ে। কমলপুৰৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আছে তিনিটাকৈ গোচৰ। তথাপিও দলে তেওঁক টিকট দিছে ৰাইজে বিচৰাৰ বাবে আৰু তেওঁ কৰা সামাজিক কাম-কাজৰ বাবে।

কলাঁইগাঁৱৰ মধুৰাম ডেকাৰ বিৰুদ্ধেও আছে গোচৰ। একেদৰে লখিমপুৰৰ মানৱ ডেকাৰ বিৰুদ্ধে থকা গোচৰ কেইটা হল, 207/2015, 226/2015, 1037/2015 । এনে অপৰাধী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি এতিয়া ছচিয়েল মিডিয়াযোগে সেই প্ৰাৰ্থীসকলৰ অপৰাধ আৰু চলি থকা গোচৰৰ বৰ্তমান কি পৰ্যায়ত আছে সেই কথা উল্লেখ কৰা হৈছে।

কংগ্ৰেছৰো এতিয়ালৈকে প্ৰাৰ্থিত্ব প্ৰদান কৰা এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে চলি থকা গোচৰ বাতৰি কাকতত বিজ্ঞাপন দি সবিশেষ প্ৰকাশ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকে প্ৰকাশ কৰা এই বিজ্ঞাপনত উল্লেখ কৰা হৈছে যে, দলটোৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যয়ালয়ত 203/2021 নম্বৰৰ এক গোচৰ চলি আছে।

ক্ৰিমেনেল ৰিভিশ্যন পিটিশ্যনৰ এই গোচৰটোত কোনো অভিযোগনামা দাখিল কৰা হোৱা নাই। উল্লেখ্য যে, ৰিপুণ বৰা ৭৮নং গহপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী। তেওঁৰ বিৰুদ্ধে চলা গোচৰৰ ধাৰাসমূহ হল- আই পি চি ৩০২ । বিজ্ঞাপনত কোৱা হৈছে যে, এই গোচৰত তেওঁ ট্যায়েল কৰ্টে তেওঁক ৰেহাই দিছিল যদিও গোচৰটো পুনঃবিবেচনাৰ আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল চিবি আইয়ে।

কিয় তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তাক লৈ কংগ্ৰেছে যুক্তি দৰ্শাইছে যে, সমষ্টিটোত কেৱল তেঁৱেই কংগ্ৰেছৰ হৈ প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছিল। এয়া সকলো দল আৰু অপৰাধত অভিযুক্ত প্ৰাৰ্থীৰ ক্ষেত্ৰতে প্ৰযোজ্য যদিও সোমবাৰৰ লৈকে আন দলে তেনে তথ্য নিজা ৱেবচাইট বা সংবাদ মাধ্যমত বিজ্ঞাপন আকাৰে প্ৰকাশ কৰা নাই।

কেইবাজনো এনে অভিযোগত অভিযুক্ত প্ৰাৰ্থীক ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কেনেদৰে তেওঁলোকক এই প্ৰাৰ্থিত্ব প্ৰদানৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে সেয়াহে লক্ষ্যণীয় হব। একেদৰে নিৰ্বাচন আয়োগে এই অপৰাধত অভিযুক্ত প্ৰাৰ্থীৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াও আন বিচাৰ্যৰ বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in