দেৱালীতো অন্ধাকৰ হৈ থাকিব শ্বাহৰুখৰ ‘মন্নত’ ! পুত্ৰৰ জামিনৰ বাবে উচ্চ ন্যায়ালত আবেদন কৰিও অপেক্ষা কৰিব লাগিব বহুদিন….

দেৱালীতো অন্ধাকৰ হৈ থাকিব শ্বাহৰুখৰ ‘মন্নত’ ! পুত্ৰৰ জামিনৰ বাবে উচ্চ ন্যায়ালত আবেদন কৰিও অপেক্ষা কৰিব লাগিব বহুদিন….

ডিজিটেল ডেস্কঃ মুকলি আকাশৰ তললৈ আহিব পাৰিবনে বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান? বুধবাৰে মুম্বাইৰ এখন আদালতে শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ জামিন আবেদন পুনৰ নাকচ কৰাৰ পাছত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত আৰিয়ানৰ জামিনৰ বাবে আবেদন কৰিব অধিবক্তাই।

বুধবাৰে ন্যায়াধীশ ভি ভি পাটিলে এন চি বিৰ যুক্তিক ন্যায়সঙ্গত কৰি আৰিয়ানৰ জামিন আবেদন নাকচ কৰিছিল। মন কৰিবলগীয়া যে বোম্বে উচ্চ ন্যায়ালয়ত আৰিয়ানৰ বাবে জামিন আবেদন কৰিলেও শীঘ্ৰেই যে তেওঁ জামিন লাভ নকৰে বা মুকলি আকাশৰ তললৈ আহিব নোৱাৰে সেয়া নিশ্চিত হৈ পৰিছে।

কিয়নো আগন্তুক ১ নৱেম্বৰৰ পৰা আছে দেৱালীৰ বন্ধ। তাৰ পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ৰ হাতত মাত্ৰ ৭ টা কৰ্মদিন আছে। এই ৭ টা কৰ্মদিনৰ ভিতৰতে আৰিয়ানৰ জামিন আবেদন তৎকালীনভাৱে গ্ৰহণ কৰাটো সম্ভৱ নহ'ব বুলি জানিব পৰা গৈছে। যদি সেয়াই হয়, তেনে আগন্তুক দেৱালীত শ্বাহৰুখৰ 'মন্নত' অন্ধাকাৰ হৈ থকাটো নিশ্চিত। পুত্ৰ অবিহনে কিদৰে শ্বাহৰুখ-গৌৰীয়ে উদযাপন কৰিব দেৱালী!

উল্লেখ্য যে বিগত ৮ অক্টোবৰৰ পৰা মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে আৰিয়ান খান। বিগত ৩ অক্টোবৰত আৰিয়ান ক্ৰুজ ড্ৰাগছগোচৰত জড়িত হৈ পৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in