মহিলাৰ বাবে বিনামূলীয়া যাত্ৰা! বাছত উঠি কি ক’লে মুখ্যমন্ত্ৰী কেজৰিৱালে…

মহিলাৰ বাবে বিনামূলীয়া যাত্ৰা! বাছত উঠি কি ক’লে মুখ্যমন্ত্ৰী কেজৰিৱালে…

ডিজিটেল ডেস্কঃ ২৯ অক্টোবৰ, ২০১৯ৰ পৰা দিল্লী পৰিবহন নিগমৰ বাছসমূহতৰাজ্যখনৰ মহিলাসকলে বিনামূলীয়াকৈ যাত্ৰা কৰাৰ আঁচনি কাৰ্যকৰী কৰা হ'ল। দিল্লীৰমুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে মহিলাসকলৰ এই সন্দৰ্ভত মতামত জানিবলৈ এখনবাছত যাত্ৰা কৰে। আৰু লগতে এই আঁচনিৰ সৈতে জড়িত আৰু বহু কথা সদৰী কৰে।

মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, আমাৰদেশত মহিলাসকলে পুৰুষৰ সমান সুবিধা আৰু সুযোগ লাভ নকৰে। সেয়েহে দিল্লী চৰকাৰে বাছতবিনামূলীয়া যাত্ৰাৰ সুবিধা প্ৰদান কৰিছে মহিলাসকলক। লগতে তেওঁ কয় যে, আগন্তুক সময়তছাত্ৰ-ছাত্ৰী আৰু বৃদ্ধসকলেও বিনামূলীয়াকৈ বাছত যাত্ৰা কৰিব পাৰিব।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেসাংবাদিকৰ আগত কয়- 'মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হোৱাৰ পূৰ্বে মই বাছত বহু যাত্ৰাকৰিছিলো। আমি মেট্ৰ'তো মহিলাসকলৰ বাবে বিনামূলীয়া যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ কথাআলোচনা কৰিছো, কিন্তু ইয়াৰ বাবে কেন্দ্ৰ চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজন হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in