শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনোৱা হ’ব কেজৰিৱালৰ শপত গ্ৰহণ অনুষ্ঠানলৈ, উপস্থিত নাথাকিব কোনো ভিভিআইপি…

9,085

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে অহা ১৬ ফেব্ৰুৱাৰীত তৃতীয় বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব। ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগা এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। শুকুৰবাৰে এই কথা জানিবলৈ দিয়ে খোদ অৰবিন্দ কেজৰিৱালে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ অন্য ৰাজ্যৰ কোনো ৰাজনৈতিক নেতা, মন্ত্ৰী অথবা ভিভিআইপি লোকক আমন্ত্ৰণ জনোৱা নহয়। তাৰ পৰিৱৰ্তে কেৱল দিল্লীবাসীকহে এই সমাৰোহলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়েও জানিবলৈ দিয়ে আপ নেতাগৰাকীয়ে।

অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজনৈতিক নেতা আৰু ভিভিআইপি লোকসকলক আমন্ত্ৰণ জনাই যাতে অযথা ধন ব্যয় নহয় আৰু তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নামত যাতে দিল্লীবাসীয়ে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ’ব নালাগে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেনে লোকক কেজৰিৱালৰ শপত গ্ৰহণ সমাৰোহলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত বাতিল কৰা হৈছে বুলি জনায় আম আদমী পাৰ্টীৰ এক সূত্ৰই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি