শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ’বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ…

519

ডিজিটেল ডেস্কঃ ৩১ অক্টোবৰৰ ভিতৰত পি ডব্লিউ ডিৰ অধীনত থকা সকলো পথত থকা গাঁত মেৰামতি কৰি আটক-ধুনীয়া কৰা হব। বৃহস্পতিবাৰে সংবাদমাধ্যমযোগে জনতাক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

বৃহস্পতিবাৰে পি ডব্লিউ ডিৰ বিষয়া-বৰ্গৰ সৈতে আলাপ-আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী কেজৰিৱালে ঘোষণা কৰে যে, ‘দিল্লী চৰকাৰৰ অধীনত প্ৰায় ১২৬০ কিঃমিঃ জোৰা পথ আছে। চৰকাৰ তৰফৰ পৰা অনুসন্ধান চলাই পোৱা গৈছিল যে এই পথচোৱাত মুঠ গাঁত আছে প্ৰায় ২৩২ টা। ‘

‘ইফালে ৩৯২ টা স্থানত বৰ্তমান পথ মেৰামতিৰ কাম চলি আছে। আমি অনুসন্ধানৰ অন্তত বিভাগীয় বিভাগৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লৈছো যে চলিত বৰ্ষৰ ৩১ অক্টোবৰৰ ভিতৰত এই সকলো পথ মেৰামতি কৰা হব।’ মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে জনায় যে, এই সকলো কামৰ বুজ লবলৈ অহা ২৪ অক্টোবৰত তেও পুনৰ পি ডব্লিুউ ডিৰ বিষয়া সকলৰ সৈতে এক বৈঠকত বহিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি