অৰূপ চন্দ্ৰ গোস্বামীৰ কাব্য সংকলন ‘মনৰ প্ৰান্তে উপান্তে’ উন্মোচন…

অৰূপ চন্দ্ৰ গোস্বামীৰ কাব্য সংকলন ‘মনৰ প্ৰান্তে উপান্তে’ উন্মোচন…

ডিজিটেল ডেস্কঃ এক ঘৰুৱা অনুস্থানত অৰূপ চন্দ্ৰ গোস্বামীৰ কাব্য সংকলন 'মনৰ প্ৰান্তে উপান্তে' মঙ্গলবাৰে উন্মোচন কৰা হয়। বিশিষ্ট কবি, আবৃত্তিকাৰ তথা চিত্ৰ শিল্পী ভূপেন চক্ৰৱৰ্তী, কবি-লিখক প্ৰমোদ ভট্টাচাৰ্যকে ধৰি গুৱাহাটী সাহিত্য কাননৰ সদস্যসকলৰ উপস্থিতিত এই উন্মোচনী সভা অনুষ্ঠিত হয় কবি অৰূপ চন্দ্ৰ গোস্বামীৰ গান্ধীবস্তিৰ বাসগৃহত।

প্ৰথমতে অভ্যাগতসকলক একোটাকৈ ৰঙা গোলাপেৰে আদৰণি জনাই কবি গোস্বামীৰ জন্মদিনৰ দিনা উন্মোচন কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী কবিয়ে কবিতা পাঠ কৰে। উল্লেখযোগ্য যে সাহিত্য চৰ্চাৰ লগতে লাচিত সংঘৰ সম্পাদকৰো দায়িত্ব ভাৰ লোৱা গোস্বামী অসম আন্দোলনৰ সময়ত গুৱাহাটী ছাত্ৰ সন্থাৰ উপ-সভাপতি আছিল।

এই অনুষ্ঠানতে কবি অৰূপ চন্দ্ৰ গোস্বামীৰ পিতৃ জীৱন চন্দ্ৰ গোস্বামী আৰু মাতৃ শান্তিপ্ৰিয়া গোস্বামীকো স্মৰণ কৰা হয়। ১১৫ পৃষ্ঠাৰ এই কাব্য সংকলনখনত থকা এই কবিতাসমূহ তেওঁৰ অনিৰ্বাচিত কবিতা বুলি মন্তব্য কৰে কবিয়ে। কাব্যগ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীয়ে কয় যে, কবি গোস্বামী এগৰাকী ভাল কবিয়েই নহয় তেওঁ এগৰাকী ভাল সমালোচকো।

কোভিড প্ৰ'টকলৰ প্ৰতি লক্ষ্য ৰাখি অতিসুপৰিকল্পিতভাৱে ঘৰুৱা পৰিৱেশত আত্মিয়তাৰে পৃথক ধৰণেৰে এই কাব্য গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in