Published on:
Updated on:
- ভোগালীৰ উৰুকাৰ নিশা বিশিষ্ট আইনজ্ঞ অৰূপ বৰবৰাৰ বাসগৃহৰ চোতালৰ জুই দাহ কৰা হ'ল 'কা'ৰ প্ৰতিলিপি।
- 'কা'ৰ দাহৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আইনখনৰ প্ৰতিলিপি দাহ কাৰ্যসূচীত অংশ লয় বহু বিশিষ্ট ব্যক্তিয়ে।
- ইয়াৰ মাজত আছিল বিশিষ্ট সাংবাদিক অজিত ভূঞা, প্রশান্ত ৰাজগুৰু, বিশিষ্ঠ নিবন্ধকাৰ হাইদৰ হুছেইন, অধিবক্তা নেকিবুৰ জামানকে ধৰি বহু বিশিষ্ট লোক।
- প্ৰতিলিপি দাহৰ পূৰ্বে ধৰ্ম নিৰপেক্ষতাৰ ভেটিত ৰচিত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি উপস্থিত সকলোকে শুনোৱা হয়।
- সংবিধানৰ প্ৰস্তাৱনাত লিপিবদ্ধ ধৰ্মনিৰপেক্ষতাৰ আত্মাক চৰকাৰে 'কা'ৰ জৰিয়তে হত্যা কৰা বুলি অভিযোগ তুলি ইয়াৰ পাছতে অধিবক্তাজনৰ চোতালত প্ৰজ্বলিত মেজিত 'কা' দাহ কৰা হয়।
- জ্যেষ্ঠ আইনজ্ঞ অৰূপ বৰবৰাৰ অধিবক্তা পত্নীয়েও উক্ত অনুষ্ঠানত অংশ লয়।
- উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বৰবৰাই সমগ্ৰ ৰাজ্যতে সংবিধান বিৰোধী 'কা'ৰ বাতিলৰ দাবীৰে ৰাইজক সজাগ আৰু সংগঠিত কৰি আহিছে।
- তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ পুত্ৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in