ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰত ‘অৰুণোদই’ৰ প্ৰদৰ্শনঃ উদ্বোধক জয়ন্ত বৰুৱাই ক’লে- অৰুণোদই আৰু হেমকোষ পৰিয়ালৰ সম্পৰ্কই সংবাদ-সাহিত্যৰ সুদৃঢ় ভেটি গঢ়িলে…

ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰত ‘অৰুণোদই’ৰ প্ৰদৰ্শনঃ উদ্বোধক জয়ন্ত বৰুৱাই ক’লে- অৰুণোদই আৰু হেমকোষ পৰিয়ালৰ সম্পৰ্কই সংবাদ-সাহিত্যৰ সুদৃঢ় ভেটি গঢ়িলে…

ডিজিটেল ডেস্কঃ অসমৰ ইতিহাসত এক নতুন সংযোজন। সোমবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰ( পুৰণি ডিচি বাংলো)ত অনুষ্ঠিত হয় এই ব্যতিক্ৰমী অনুষ্ঠান। নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে অসমৰ ইতিহাসৰ অনন্য এক অধ্যায় স্বৰূপ 'অৰুণোদই'ৰ ১৭৫ বছৰ পুৰণি আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ দ্বাৰা সংৰক্ষিত একমাত্ৰ অৱশিষ্ট সংস্কৰণটো সৰ্বসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়। আজিৰে পৰা ৩মাহৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰত সৰ্বসাধাৰণে চাব পাৰিব অৰুণোদইৰ এই ঐতিহাসিক বিশেষ সংস্কৰণটো।

সোমবাৰে মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰত এই দৰ্শনীৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাত মৃণাল তালুকদাৰে সূৰ্যকুমাৰ ভূঞাই তেওঁৰ প্ৰয়াত পিতৃ নন্দ তালুকদাৰৰ হাতত দি থৈ যোৱা অৰুণোদইৰ কপীখিনি সুদীৰ্ঘ ৪৭ বছৰে সংৰক্ষণ কৰি ৰখাৰ পাছত নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰাই নতুন প্ৰজন্মৰ দৰ্শনৰ বাবে প্ৰশাসনৰ অনুমতি সাপেক্ষে এই ঐতিহ্যক্ষেত্ৰত উক্ত প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰাৰ বিষয়ে অৱগত কৰে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতেই বিশিষ্ট ভাষাবিদ আজিজুৰ ৰহমানে অৰুণোদইৰ ইতিহাস, সমসাময়িক পৰিস্থিতিত অসমীয়া ভাষালৈ অহা সংকট আৰু ইয়াৰ বিৰুদ্ধে খ্ৰীষ্টান মিছনেৰীসকলে নাথান ব্ৰাউনৰ দৰে ভাষাপ্ৰেমীৰ সদ্দিচ্ছাত কিদৰে অৰুণোদইৰ মাধ্যমত যুঁজ দিছিল তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। ইয়াৰ পাছতে উক্ত অনুষ্ঠানটিত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই নন্দ তালুকদাৰ ফাউণ্ডেচনক এনে এক প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমীয়া ভাষাক সমৃদ্ধিশালী কৰাৰ বাবে সাহিত্য সভাই গ্ৰহণ কৰা কিছু কাৰ্যসূচীৰ সন্দৰ্ভতো বক্তব্য ৰাখে।

আনহাতে বিশিষ্ট লেখক-সমালোচক পৰমানন্দ মজুমদাৰে কয়- নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে ব্যক্তিগত প্ৰচেষ্টাত দীৰ্ঘকাল ধৰি এনে এক প্ৰচেষ্টা অব্যাহত ৰাখিছে, যাৰ বাবে অসমৰ ঐতিহ্য আৰু প্ৰজ্ঞা সন্ধানী লোকসকলে ঐতিহ্যত অসমীয়া জাতি আৰু ভাষাৰ ভেটি মজবুত কৰি থৈ যোৱা বৰেণ্য ব্যক্তিসকলৰ বিৰল ৰচনা সম্ভাৰৰ পৰা বিভিন্ন বিষয়ক তথ্য সংগ্ৰহ কৰাৰ সুযোগ লাভ কৰিছে। এক কথাত একক প্ৰচেষ্টাত নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে ক্ষুদ্ৰ আকৃতিৰ এক ঐতিহ্যকেন্দ্ৰ ঘৰখনতে গঢ়ি তোলা বুলিও উল্লেখ কৰি ইয়াৰ বাবে পৰিয়ালটোক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে- যেতিয়াই মই পুৰণিকলীয়া কোনো গ্ৰন্থৰ বা বিষয় সন্দৰ্ভত অন্বেষণৰ প্ৰয়োজনবোধ কৰো, তেতিয়াই মই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সেই আপুৰুগীয়া সংগ্ৰহালয়ত উপস্থিত হওঁগৈ।

ইয়াৰ পাছতে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্বাধিকাৰ জয়ন্ত বৰুৱাই অনুষ্ঠানত উপস্থিত থকা ৰাজ্যখনৰ বৌদ্ধিক তাৰকা সদৃশ ব্যক্তিসকলক প্ৰণিপাত জনাই তেওঁৰ ভাষণত অৰুণোদই আৰু ভাষাৰ দেউল গঢ়োতা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ সৈতে থকা সুদীৰ্ঘকালৰ সম্পৰ্ক আৰু ইয়াৰ আঁত ধৰিয়েই এই পৰ্যন্ত ৰাজ্যৰ সংবাদ-সাহিত্য ক্ষেত্ৰখনৰ প্ৰতি তেওঁলোকৰ পৰিয়ালে পাৰ্যমানে সেৱা আগবঢ়োৱাৰ বাবে অব্যাহত ৰখা নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতি সকলোৱে আশীষ বিচাৰে।

তেওঁ কয়- বিট্ৰিছ শাসনকালত অসমীয়া ভাষা যেতিয়া গভীৰ সংকটত পৰিছিল, তেনে সময়ত ভাষাটোক নিচিহ্ন কৰাৰ ষড়যন্ত্ৰৰ মুখৰ প্ৰাচীৰ হিচাপে থিয় দিছিল অৰণোদয়ে। ১৭৫বছৰীয়া জাতীয় ঐহিত্যৰ প্ৰতীকস্বৰূপ অৰোণোদয়ই অৱশিষ্ট সংস্কৰণ বৰলুইতৰ পাৰত এনেদৰে প্ৰদৰ্শিত কৰা কাৰ্যকো নন্দ তালুকদাৰ ফাইণ্ডেচনক ধন্যবাদ জনায় অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদকগৰাকীয়ে।

ভাষণৰ প্ৰসংগত তেওঁ অৰুণোদই কালৰ পৰা সাদিন-প্ৰতিদিনৰ লৈকে এই সমগ্ৰ কালচোৱাৰ বিভিন্ন ঘটনাকো স্মৰণ কৰে জয়ন্ত বৰুৱাই। তেওঁ কয়- অসমৰ সংবাদপত্ৰৰ ইতিহাসত অৰুণোদয়ই আৰু আছাম নিউজৰ সংযোজনে যি ইতিহাসৰ সৃষ্টি কৰিলে সেই ইতিহাসে অসমীয়া জাতিক চিৰকাল, চিৰদিন চহকী কৰি ৰাখিব। তেওঁ লগতে কয়- অৰুণোদই প্ৰকাশৰ পাছতে এখন নিয়মীয়া সংবাদপত্ৰৰো অসমৰ ভৱিষ্যতৰ বাবে কিয় প্ৰয়োজন সেই কথা বাৰুকৈয়ে উপলদ্ধি কৰিছিল হেমচন্দ্ৰ বৰুৱাই।

জয়ন্ত বৰুৱাই লগতে হেমচন্দ্ৰ বৰুৱাই দ্বিভাষিক এখন সংবাদপত্ৰ প্ৰকাশ কৰি মিছনেৰীসকলক অসমীয়া ভাষাৰ সৈতে সংপিক্ত কৰাৰ বাবে কেনেদৰে পদক্ষেপ লৈছিল সেই কথাও উল্লেখ কৰে। উল্লেখ্য যে, অনুষ্ঠানটিত বিশিষ্ট ব্যক্তিসকলে বক্তব্য ৰখাৰ পাছত জয়ন্ত বৰুৱাই মুকলি কৰে অসমৰ প্ৰথমখন সংবাদ আলোচনী অৰুনোদইৰ সংৰক্ষিত একমাত্ৰ ঐতিহাসিক অৱশিষ্ট সংস্কৰণটো। সংস্কৰণটো প্ৰত্যক্ষ কৰিয়েই তেওঁ কয় যে, সেই সময়ত এখন বাতৰি বা কাকত কেনেকৈ প্ৰকাশ কৰিব লাগে তাৰ জ্ঞানো আছিল অনৱদ্য।

উল্লেখ্য যে, এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে'ছৰ পৰা প্ৰথম প্ৰকাশ পাইছিল। এইখন সংবাদ পত্ৰই আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক'ব পাৰি কাৰণ এই আলোচনীৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি কৰিছিল। অৰুণোদইৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে লোকে সাহিত্যিক ৰূপে ভূমুকি মাৰিছিল।

মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে এই সংবাদ পত্ৰ প্ৰকাশ কৰা হৈছিল যদিও গদ্য-পদ্য-ভূগোল-বুৰঞ্জী-নীতি কথা, দেশ-বিদেশৰ বতৰা, জীৱনী, কাহিনী আদি বিবিধ ৰচনা ইয়াত প্ৰকাশিত হৈছিল। ১৮৮৩ চনত মিছন প্ৰেছ বন্ধ হোৱাৰ লগে লগে এই আলোচনীখনৰ প্ৰকাশো স্তব্ধ হৈ পৰিছিল। এই মাহেকীয়া আলোচনীখনৰ সুদীৰ্ঘ ৩৭ বছৰৰ সম্পাদক আছিল ড॰ ব্ৰাউন, এছ এম হোৱাইটিং, মাইলছ ব্ৰনছন, মিছেছ ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক আৰু এ.কে. গাৰ্নি। বছৰেকীয়া বৰঙনি ক্ৰমে ১ টকা আৰু পাছলৈ ২ টকা আছিল। আলোচনীখনৰ সৰ্বোচ্চ গ্ৰাহকৰ সংখ্যা ৯০০জন হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in